হায়দৰাবাদ: বলীউডৰ অভিনেতা চনু সুদৰ পত্নী সোণালী সুদ বিমানবন্দৰলৈ যোৱাৰ পথত ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয় । খবৰ অনুসৰি মুম্বাই-নাগপুৰ ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় সোণালী ।
অভিনেতাগৰাকীৰ পত্নী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাৰ ফলত গাড়ীৰ সন্মুখভাগটো ভাঙি চূৰমাৰ হৈ পৰে । সম্প্ৰতি নাগপুৰৰ মেক্স হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকীৰ পত্নী ।
বাতৰি অনুসৰি, সোণালী এটা পাৰিবাৰিক অনুষ্ঠানৰ বাবে নাগপুৰলৈ গৈছিল । তাৰ পৰা উভতি আহি তেওঁ সোমবাৰে নিশা বিমানবন্দৰলৈ গৈ আছিল । তেওঁৰ লগত আৰু আন দুজন লোকো আছিল বুলি জানিব পৰা গৈছে । বিমানবন্দৰলৈ গৈ থকা অৱস্থাত হঠাতে ফ্লাইঅভাৰৰ তলত গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । গাড়ীখনৰ অৱস্থালৈ লক্ষ্য কৰিলে ধৰিব পাৰি যে গাড়ীখনৰ সন্মুখভাগ একেবাৰে ভাঙি গৈছে ৷ অনুমান কৰিব পাৰি যে সংঘৰ্ষটো যথেষ্ট ভয়ানক আছিল । অভিনেতা চনু সুদ ইতিমধ্যে পত্নী সোণালীৰ কাষত উপস্থিত হৈছে ।

ঘটনাৰ পাছত অভিনেতা চনু সুদে কয় যে সাই বাবাৰ কৃপাতে তেওঁৰ পত্নী এই দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল । খবৰ অনুসৰি ভনীয়েকৰ পুত্ৰ আৰু আন এগৰাকী মহিলাৰ সৈতে গাড়ীখনত আছিল সোণালী । গাড়ীখন এখন ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত পতিত হয় বুলি তথ্য পোৱা গৈছে । গাড়ীখনত থকা আন দুগৰাকী লোকো এই ঘটনাত আহত হয় । ইয়াৰ ভিতৰত সোণালীৰ ভতিজা গুৰুতৰভাৱে আহত হৈছে । পৰৱৰ্তী ৪৮-৭২ ঘণ্টালৈকে সোণালীক পৰ্যবেক্ষণত ৰখা হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে ।
১৯৯৬ চনৰ ২৫ ডিচেম্বৰত দীৰ্ঘদিনীয়া প্ৰেমিকা সোণালীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অভিনেতা চনু । সোণালীৰ ঘৰ অন্ধ্ৰপ্ৰদেশত । তেওঁলোকৰ অয়ন আৰু ঈশান্ত নামেৰে দুজন পুত্ৰ আছে ।
লগতে পঢ়ক : কেশৰী চেপ্টাৰ 2 টিজাৰ: অক্ষয় কুমাৰে জালিয়ানৱালা বাগৰ ভয়াৱহতা জীৱন্ত কৰি তুলিছে