নিজৰ জন্মদিনত অনুৰাগীক কি উপহাৰ দিলে চনু সুদে ? - Sonu Sood birthday
Sonu Sood birthday : 51 সংখ্যক জন্মদিনত তেওঁৰ আৰু জেকলিন ফাৰ্ণাণ্ডেজৰ ফাৰ্ষ্ট লুকৰ সৈতে আগন্তুক ছবি ফাতেহৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে চনু সুদে

Published : July 30, 2024 at 6:38 PM IST
চিটাৰা ডেস্ক, 30 জুলাই : চনু সুদে আজি 30 জুলাইত তেওঁৰ 51 সংখ্যক জন্মদিন উদযাপন কৰিছে ৷ বিশেষ দিনটোত তেওঁৰ একশ্যন পেকড ছবি 'ফাতেহ'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে । ইয়াৰ লগতে ছবিখনৰ পৰা নিজৰ আৰু ছবিখনৰ মুখ্য অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰথম লুক পোষ্টাৰো শ্বেয়াৰ কৰিছে ।
'দৰিদ্ৰৰ বাবে ভগৱানস্বৰূপ' বুলি জনাজাত অভিনেতা চনু সুদৰ আজি 51 সংখ্যক জন্মদিন ৷ বিশেষ দিনটোত তেওঁৰ অনুৰাগী আৰু চেলেব্ৰিটী বন্ধুসকলে অভিনেতাজনক অভিনন্দন জনাইছে । চনু সুদে আজি তেওঁৰ অনুৰাগীসকলৰ সৈতে তেওঁৰ আহিবলগীয়া একশ্যন থ্ৰিলাৰ ছবি 'ফাতেহ'ৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে। চনুৱে ছবিখনৰ পৰা নিজৰ আৰু ছবিখনৰ মুখ্য অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ প্ৰথম লুক পোষ্টাৰো শ্বেয়াৰ কৰিছে । দীৰ্ঘদিন ধৰি ফাতেহ ছবিখনৰ সৈতে অভিনেতাজন ব্যস্ত হৈ আছে । এই ছবিখন চনু সুদে নিজেই পৰিচালনা কৰিছে ।
ফাতেহৰ মুক্তিৰ তাৰিখ
জী ষ্টুডিঅ'ৰ বেনাৰত নিৰ্মিত 'ফাতেহ' বোলছবিখন চনু সুদে নিজেই পৰিচালনা কৰিছে । এই চলচ্চিত্ৰখনত, তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু জেকলিন ফাৰ্ণাণ্ডেজে মহিলা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখন ২০২৫ বৰ্ষৰ 10 জানুৱাৰী তাৰিখে মুক্তি পাব । অনুৰাগীসকলৰ বাবে এই ৰিটাৰ্ণ গিফ্ট পোষ্ট শ্বেয়াৰ কৰি চনুৱে লিখিছে, '10 জানুৱাৰী, দেশৰ শ্ৰেষ্ঠ একশ্যন ছবিৰ বাবে সাজু হওক' । জি ষ্টুডিঅ’ই নিজৰ পোষ্টৰ কেপশ্যনত লিখিছে, ‘ফাতেহৰ সৈতে এক দৰ্শনীয়, অদৃশ্য, একশ্যন ভৰ্তি অভিজ্ঞতাৰ বাবে নিজকে প্ৰস্তুত কৰক’ ।
ফাৰ্ষ্টলুক পোষ্টাৰ কেনেকুৱা ?
‘ফাতেহ’ ছবিখনৰ দুখন পোষ্টাৰ শ্বেয়াৰ কৰা হৈছে । প্ৰথমখন পোষ্টাৰত হাতত বেগ লৈ চুট আৰু বুট পিন্ধি সাগৰৰ পাৰত থিয় হৈ আছে চনু সুদ । পিছফালে এখন লোহাৰ দলং দেখা গৈছে । ছবিখনৰ দ্বিতীয় পোষ্টাৰত দেখা গৈছে চনু সুদ আৰু জেকলিন ফাৰ্ণাণ্ডেজক । দ্বিতীয়খন পোষ্টাৰত জেকলিনক নাৰ্ভাছ আৰু চনু তীব্ৰ চাৱনিৰ সৈতে দেখা গৈছে ।
লগতে পঢ়ক : গৌৰী খানৰ ৰেস্তোঁৰাত ৰঙা সাজেৰে উপস্থিত পুত্ৰৰ প্ৰেমিকা - Aryan Khan dating Larissa

