ETV Bharat / entertainment

কনচাৰ্টত শিলগুটি নিক্ষেপ কৰাৰ খবৰত এই প্ৰতিক্ৰিয়া চনু নিগমৰ - SONU NIGAM ON STONE PELTING

দিল্লী টেকন’লজীকেল ইউনিভাৰ্ছিটীৰ চনু নিগমৰ কনচাৰ্টত শিলগুটি নিক্ষেপ কৰাৰ খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চনু নিগমে ৷

sonu nigam denies stone pelting at delhi college event
চনু নিগম (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 26, 2025 at 2:20 PM IST

2 Min Read

হায়দৰাবাদ : এটা বছৰত কণ্ঠশিল্পীসকল প্ৰায়ে ব্যস্ত থাকে মিউজিক কনচাৰ্টত ৷ উৎসৱ-পাৰ্বণৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ অন্য অনুষ্ঠানৰ বাবে তেওঁলোকে নিমন্ত্ৰণ লাভ কৰে দেশ-বিদেশৰ পৰা ৷ শিক্ষানুষ্ঠানসমূহতো অনুষ্ঠিত কৰা হয় এনে ধৰণৰ কনচাৰ্ট ৷ খুবেই জনপ্ৰিয় এই মিউজিক কনচাৰ্ট যুৱ-প্ৰজন্মৰ মাজত ৷ পিছে প্ৰিয় তাৰকাক চাবলৈ যোৱাৰ লগতে কেতিয়াবা ৰৈ ৰৈ অতিষ্ঠ হৈ বহু লোক আক্ৰমণাত্মক হৈ পৰাও দেখা যায় ৷ কেতিয়াবা প্ৰিয় গান নোগোৱাৰ অভিযোগ, কেতিয়াবা ষ্টেজত দেৰিকৈ উঠাৰ ক্ষোভ ইত্যাদি বিভিন্ন কাৰণত কনচাৰ্টসমূহত হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হোৱাও দেখা যায় ৷

শেহতীয়াকৈ ৰাজধানী চহৰ দিল্লীৰ দিল্লী টেকন’লজীকেল ইউনিভাৰ্ছিটীত বলীউডৰ জনপ্ৰিয় গায়ক চনু নিগমৰ এক কনচাৰ্ট অনুষ্ঠিত কৰা হৈছিল ৷ বহু সংখ্যক অনুৰাগীয়ে চনুক চাবলৈ সমবেত হোৱা পৰিলক্ষিত হৈছিল । পিছে তাৰ মাজতে খবৰ বিয়পি পৰে যে উক্ত কনচাৰ্টত শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হয় ৷ শিলগুটিৰ লগতে ষ্টেজলৈ বটল দলিওৱা হৈছিল বুলিও বাতৰিত প্ৰকাশ ৷ আনকি আধাতে শ্ব’ বন্ধ কৰি দিয়া হয় বুলিও সামাজিক মাধ্যমত চৰ্চা চলে ৷ কিন্তু এতিয়া ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলো কথা ভাঙি-পাতি কৈছে চনু নিগমে । এই অনুষ্ঠানৰ সৈতে জড়িত বহু পোষ্ট চনু নিগমে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে ।

কি ক’লে চনু নিগমে ?

দিল্লী টেকন’লজীকেল ইউনিভাৰ্ছিটীত শিলগুটি নিক্ষেপ কৰাৰ বাতৰিক মিছা বুলি অভিহিত কৰিছে চনু নিগমে । চনু নিগমে তেওঁৰ পোষ্টত লিখিছে, "দিল্লী টেকন’লজীকেল ইউনিভাৰ্ছিটীত মোৰ শ্ব’ত কোনো শিলগুটি বা কোনোৱেই বটল নিক্ষেপ কৰা নাছিল ৷ কোনোবাই মঞ্চত ৱেপ (ইলেক্ট্ৰনিক চিগাৰেট) দলিয়াই দিছিল যিটোৱে শুভাংকৰৰ বুকুত খুন্দা মাৰিছিল আৰু তেতিয়াই মোক এই বিষয়ে খবৰ দিয়া হৈছিল ৷ মই শ্ব’টো বন্ধ কৰি কলেজৰ মানুহবোৰক অনুৰোধ কৰি সোঁৱৰাই দিলো যে যদি আকৌ এনেকুৱা কিবা এটা হয় তেন্তে শ্ব’ হঠাতে বন্ধ কৰিব লাগিব ৷ তাৰ পিছত মঞ্চলৈ দলিওৱা একমাত্ৰ বস্তুটো আছিল পুকী (Pookie) বেণ্ড, যিটো আচলতে পুকী আছিল ।"

উল্লেখ্য যে, দিল্লী টেকন’লজীকেল ইউনিভাৰ্ছিটীত চনু নিগমৰ অনুষ্ঠানৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে ৷ গায়কজনক দৰ্শকে আক্ৰমণ কৰা বুলি দাবী কৰা হৈছিল যদিও চনুৰ ছ’চিয়েল মিডিয়া পোষ্টে এতিয়া সকলো কথা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক : ভাতৃ হিচাপে কণ্ঠশিল্পী নীলোৎপল বৰাই কি উপদেশ দিলে পদ্মনাভ বৰদলৈক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.