জাহীৰ কোনটো শ্ৰেণীত পৰে- গ্ৰীণ ফ্লেগ নে ৰেড ফ্লেগ ? - sonakshi praises zaheer
Sonakshi praises Zaheer: সোনাক্ষীয়ে কৈছে জাহীৰ গ্ৰীণেষ্ট ফ্লেগ- এনেকুৱা কি স্বভাৱ আছে জাহীৰৰ ? সাতটা বছৰৰ প্ৰেম, অৱশ্যেই সোনাক্ষীয়ে প্ৰথমতেই লক্ষ্য কৰিছিল গ্ৰীণ ফ্লেগ-ৰেড ফ্লেগৰ লক্ষণবোৰ ৷ বিয়াৰ পিচত এতিয়া তেওঁ প্ৰকাশ কৰিছে সেই কথা ৷ বিয়াৰ পৰিকল্পনা কৰিছে যদি নতুবা প্ৰেমত পৰো পৰো অৱস্থা হৈ আছে যদি জানি লওক কেনে ধৰণৰ সংগীক গ্ৰীণ ফ্লেগ বুলি কোৱা হয়-

By ETV Bharat Entertainment Team
Published : July 1, 2024 at 1:36 PM IST
|Updated : July 1, 2024 at 1:54 PM IST
চিটাৰা ডেস্ক, 1 জুলাই : মানুহৰ জীৱনটো দুদিনীয়া ৷ কোনটো ক্ষণ আমাৰ বাবে অন্তিম আমি কোনেও নাজানো ৷ সেইবাবে দুদিনীয়া বুলি ভাবিয়ে জীৱনটো পূৰাদমে ধনাত্মক দৃষ্টিভংগীৰে উদযাপন কৰাৰ আশা সকলোৰে মনত থাকে ৷
জীৱন কেৱল জীয়াই থাকিলেই নহয়, জীৱন আচলতে উদযাপন কৰিব লাগে ৷ আৰু সেই উদযাপনতে যদি আপোনাক কোনোবাই নিস্বাৰ্থভাৱে সহযোগিতা আগবঢ়াই, আপোনাৰ সৈতে একেলগে আগবাঢ়ি যাবলৈ বিচাৰে, জীৱনৰ সৰু-বৰ প্ৰতিটো সুখ-দুখৰ মুহূৰ্ত আপোনাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে, তেন্তে তেনে লোকক জীৱনত চিৰস্থায়ী কৰাত দ্বিতীয়বাৰ ভবাৰ কোনো থল নাথাকে ৷ ইমান এখন জটিল তথা প্ৰেক্টিকেল দুনীয়া, তাত যদি কোনোবাই আপোনাৰ জীৱনটো ৰঙীন কৰি তুলিব বিচাৰে তাত আপত্তি কিহৰ ?
শুই উঠাৰ পৰা শোৱাৰ আগমুহূৰ্তলৈকে সংসাৰৰ হাজাৰটা চিন্তা কৰি পাৰ নোপোৱা মানুহৰ জীৱনত যদি কেতিয়াবা কোনোবা ক্ষণত এনে এজন ব্যক্তিৰ আগমন ঘটে যাৰ হাঁহিত কাৰণ নজনাকৈয়ে আপোনাৰো হাঁহিবলৈ মন যায়, তেন্তে সেই সম্পৰ্ক-বন্ধুত্ব খামুচি ধৰক ৷ দিনটোৰ কোনোবা এটা সময়ত যদি সেই বিশেষজনৰ উপস্থিতিয়ে আপোনাক সতেজ অনুভৱ কৰোৱাই, তেন্তে বিনাদ্বিধাই সেই অনুভৱ প্ৰকাশ কৰক ৷
সমস্ত দুখ-ভাগৰ পাহৰি যদি আপুনি তেওঁৰ সৈতে সময় উপভোগ কৰিব পাৰে, যান্ত্ৰিকতাৰ পৰা আঁতৰত আপুনি তেওঁৰ সৈতেই জীৱন জীয়াই থকাৰ সপোন দেখে, তেন্তে কেৱল মাত্ৰ সমাজ, ধৰ্মৰ দোঁহাই দি এনে কৰাৰ পৰা আঁতৰি থকাৰ কোনো যুক্তি নাথাকে ৷ সোনাক্ষী-জাহীৰৰ বিয়াখনৰ কথাই আমি ক’ব পাৰো ৷
লগতে পঢ়ক : শক্তিশালী পিতৃও যিটো ক্ষণত আৱেগিক হৈ পৰে কন্যাৰ আগত - Sonakshi Sinha Kanyadaan
বিয়াৰ প্ৰতিটো ভিডিঅ’, প্ৰতিখন ছবিতে স্পষ্টকৈ ফুটি উঠিছে প্ৰেমৰ পূৰ্ণতাৰ সুখ দুয়োৰে মুখত ৷ পৰিয়াল, আত্মীয় আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত সম্পূৰ্ণ হোৱা বিবাহৰ পিচত সোনাক্ষী আৰু জাহীৰৰ প্ৰতিক্ৰিয়াৰ ভিডিঅ’ এতিয়াও ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে ৷ এতিয়া শেহতীয়াকৈ চৰ্চালৈ আহিছে সোনাক্ষী সিন্হাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী এটা ৷

ষ্ট’ৰীটোত স্বামী জাহীৰ ইকবালৰ ৰোমান্টিক দিশটো দেখুৱাইছে সোনাক্ষীয়ে আৰু তেওঁক গ্ৰীণ ফ্লেগ বুলি অভিহিত কৰিছে ৷ বিয়াৰ পিচত স্বামী জাহীৰ ইকবালৰ সৈতে এনেই ফুৰিবলৈ ওলাই যোৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে । ভিডিঅ’টোত জাহীৰক সোনাক্ষীৰ আগে আগে গৈ থকা দেখা গৈছে ৷
পিছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে জাহীৰৰ হাতত থকা বস্তু এপদে ৷ জাহীৰে হাতত কঢ়িয়াই লৈ গৈছে সোনাক্ষীৰ চেণ্ডেলযোৰ ৷ তাকে দেখি আৱেগিক হৈ পৰিল সোনাক্ষী ৷ স্বামীক আখ্যা দিলে গ্ৰীণেষ্ট ফ্লেগ বুলি ৷
23 জুনত নিজৰ আপোনজনৰ উপস্থিতিত মুম্বাইৰ ঘৰত বিবাহপাশত আবদ্ধ হয় সোনাক্ষী আৰু জাহীৰ । দুয়োৰে বিবাহ অন্তৰংগ অনুষ্ঠানতে সম্পন্ন হয় । অৱশ্যে বিয়াৰ পিচত বাষ্টিয়ানত তেওঁলোকে অভ্যৰ্থনা অনুষ্ঠানৰ আয়োজন কৰে, য’ত বহু বলীউড তাৰকা উপস্থিত থাকে ।
ছলমান খান, সিদ্ধাৰ্থ ৰয় কাপুৰৰ সৈতে বিদ্যা বালান, অভিনেত্ৰী ছাইৰা বানু, কাজলকে ধৰি বহুতে এই উদযাপনত অংশগ্ৰহণ কৰি দুয়োকে অভিনন্দন জ্ঞাপন কৰে ৷ তেওঁলোকৰ বিয়া বুলি দিনটো ব্যস্ত হৈ থকা পাপাৰাজ্জীৰ সৈতেও ফটো তোলে তেওঁলোকে ৷ দুয়োৱে ইনষ্টাগ্ৰামত বিয়াৰ পিচত ফটো আপলোড কৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে ৷
লগতে পঢ়ক : সোনাক্ষী-জাহীৰৰ বিয়াৰ আঁৰত ‘লৱ্ জেহাদ’ ! - Sonakshi Zaheer Wedding Love Zihad

