সোণাক্ষীয়ে সজাইছে বেডৰূম : ইনষ্টাগ্ৰামত পত্নীলৈ মৰমৰ বৰষুণ জাহীৰৰ - Zaheer Iqbal on Sonakshi decoration
Sonakshi Sinha Zaheer Iqbal : সোণাক্ষী সিনহাই নিজৰ হাতেৰে শোৱা কোঠা সজাই শোৱনি কোঠাটোৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে । সোণাক্ষীৰ স্বামী জাহীৰে এই ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

By ETV Bharat Entertainment Team
Published : August 2, 2024 at 6:41 PM IST
চিটাৰা ডেস্ক, 2 আগষ্ট : দীৰ্ঘদিনীয়া প্ৰেমিক জাহীৰ ইকবালৰ সৈতে সাংসাৰিক জীৱন আৰম্ভ কৰিছে বলীউডৰ লেডী ‘দাবাং’ সোণাক্ষী সিনহাই । স্বামী জাহীৰৰ সৈতে বিবাহিত জীৱনটো খুব সুন্দৰকৈ উপভোগ কৰিছে অভিনেত্ৰীগৰাকীয়ে । বিয়াৰ পিচত দুবাৰ হনিমুনলৈ গৈছে তেওঁলোক ।

এক সাক্ষাৎকাৰত সোণাক্ষী সিনহা আৰু জাহীৰে তেওঁলোকৰ প্ৰেমৰ কাহিনী সমগ্ৰ বিশ্ববাসীৰ আগতে প্ৰকাশ কৰে । সোণাক্ষী সিনহা আৰু জাহীৰে বিবাহিত জীৱনৰ এক মুহূৰ্তও উপভোগ নকৰাকৈ থকা নাই । যোৱা নিশা সোণাক্ষী সিনহাই নিজে শোৱা কোঠা সজাই তাৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
লগতে পঢ়ক : ফিলিপাইনছত হনীমুনৰ দ্বিতীয় পৰ্যায় : কি বিশেষ আছিল সোণাক্ষী-জাহীৰৰ বাবে ? - Sonakshi Zaheer Wedding
সোণাক্ষী সিনহাই যোৱা নিশা তেওঁলোকৰ শোৱা কোঠাটো সজোৱা ফটো তেওঁৰ ইনষ্টাষ্টৰীত শ্বেয়াৰ কৰিছে । প্ৰথম ছবিখনত, সোণাক্ষী সিনহাক নিজ হাতেৰে বিচনাখনৰ মূৰত কিছুমান আকৰ্ষণীয় পাতৰ গ্ৰাফিক্স লগোৱা দেখা গৈছে । সোণাক্ষী সিনহাই ক'লা পোচাক পিন্ধি বিচনাত বহি আছে আৰু পূৰ্ণ আগ্ৰহেৰ কোঠাটো সজাই আছে । দ্বিতীয় ছবিখনত সোণাক্ষী আৰু জাহিৰৰ বিবাহৰ ফটোবোৰ ফ্ৰেম কৰি ৱালত সজাইছে সোণাই । সমান্তৰালকৈ জাহীৰে এই ইনষ্টা ষ্ট’ৰী শ্বেয়াৰ কৰি পত্নী সোণাক্ষীৰ বাবে হাঁহি আৰু চুম্বনৰ ইম’জী পঠিয়াইছে ।
এই ফটোবোৰত সোণাক্ষী সিনহা আৰু জাহীৰৰ বিয়াৰ প্ৰতিটো মুহূৰ্ত দেখা গৈছে । এই ফটোবোৰ শ্বেয়াৰ কৰি সোণাক্ষী সিনহাই লিখিছে, ‘মই মোৰ ঘৰটো সজাই আছো, এইটো মোৰ ঘৰ ।’ দ্বিতীয় ছবিখনৰ কেপশ্যনত সোণাক্ষী সিনহাই লিখিছে, ‘মই এতিয়া ব্যস্ত হৈ আছো ।’
চলিত বছৰৰ 23 জুনত বিবাহপাশত আৱদ্ধ হয় সোণাক্ষী সিনহা আৰু জাহীৰ ৷ সোণাক্ষী সিনহা আৰু জাহীৰে অতি সৰলভাৱে পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলে । দুয়োৱে সাত বছৰ ধৰি ইজনে সিজনক ডেট কৰাৰ পিচত বিয়াত বহে ।
লগতে পঢ়ক : সকলোৱে জনাৰ পিচতো বিয়াৰ অনুমতি ল’বলৈ যাওতে নাৰ্ভাছ হৈ আছিল জাহীৰ - Shatrughan Zaheer conversation

