ETV Bharat / entertainment

ছন অৱ চৰ্দাৰৰ নিৰ্মাতা অশ্বিনী ধীৰৰ পুত্ৰৰ মৃত্যু

বন্ধুৰ ভুলৰ বাবে প্ৰাণ গ’ল চলচ্চিত্ৰ নিৰ্মাতাৰ পুত্ৰৰ ৷ সুৰা পান কৰি নিশা গাড়ী লৈ বন্ধুৰ সৈতে ওলাই গৈছিল অশ্বিনী ধীৰৰ পুত্ৰ ৷

bollywood director ashwni dhirs 18 year old son jalaj killed in speeding car accident
ছন অফ চৰ্দাৰৰ নিৰ্মাতা অশ্বিনী ধীৰৰ পুত্ৰৰ মৃত্যু (Photo : Movie Poster)
author img

By ETV Bharat Entertainment Team

Published : November 27, 2024 at 12:46 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা অশ্বিনী ধীৰৰ পুত্ৰ জলজ ধীৰ 23 নৱেম্বৰৰ পুৱতি নিশা মুম্বাইত এক দুৰ্ঘটনাত নিহত হয় । তেওঁ তেওঁৰ তিনিজন বন্ধুৰ সৈতে গাড়ী লৈ বাহিৰলৈ ওলাই গৈছিল ৷ ভিলে পাৰ্লেৰ ৱেষ্টাৰ্ণ এক্সপ্ৰেছ ঘাইপথৰ এটা ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ।

জলজে তেওঁৰ বন্ধুবৰ্গৰ সৈতে বান্দ্ৰাৰ পৰা গোৰেগাঁৱলৈ নিশা পলমকৈ ফুৰিবলৈ ওলাই গৈছিল । তেওঁলোক চাৰিজন বন্ধু ক্ৰমে জলজ ধীৰ, সাৰ্থক কৌশিক, সাহিল মেন্ধা আৰু জেদান জিম্মী গাড়ীখনত আছিল ৷ গাড়ী চলোৱাজনক 18 বছৰীয়া সাহিল মেন্ধা বুলি চিনাক্ত কৰা হৈছে ৷ সাহিল সুৰাৰ নিচাত আছিল বুলি জানিব পৰা গৈছে । সাহাৰা ষ্টাৰ হোটেলৰ ওচৰত বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই সাহিলে ছাৰ্ভিচ ৰোড আৰু উত্তৰমুখে থকা দলঙৰ মাজৰ ডিভাইডাৰত পোনে পোনে খুন্দা মাৰিছিল ।

আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, তেওঁলোকে ভিডিঅ' গেম খেলি ঘন্টাৰ পিছত ঘণ্টা অতিবাহিত কৰাৰ পিছত নিশা পলমকৈ বাহিৰলৈ গৈছিল । ৰাতিপুৱা প্ৰায় 4:10 বজাত তেওঁলোক উভতি অহাৰ আগত ৰাতিৰ আহাৰৰ বাবে বান্দ্ৰাৰ চিডগীত ৰৈছিল । খবৰ অনুসৰি মেন্ধাই 120-150 কিলোমিটাৰ/ঘণ্টাবেগত দ্ৰুত গতিত গাড়ী চলাইছিল ৷ যেতিয়া তেওঁ ভিলে পাৰ্লেৰ ওচৰৰ এটা ছাৰ্ভিচ ৰোডলৈ ওলাই যাবলৈ চেষ্টা কৰি আছিল সেই সময়ত তেওঁ গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় । গাড়ীখনে পূৰ্ণ শক্তিৰে ডিভাইডাৰত খুন্দা মাৰে, যাৰ ফলত জলজ আৰু সাৰ্থক দুয়ো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

জলজ ধীৰ আৰু সাৰ্থক কৌশিক পিছৰ চিটত বহি আছিল ৷ সাৰ্থকৰ বয়সো 18 বছৰ বুলি জানিব পৰা গৈছে ৷ চিকিৎসালয়লৈ নিয়াৰ পিছত চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে ৷ গাড়ীখনত থকা চতুৰ্থ বন্ধু জেদান জিম্মী (18)ৰ অভিযোগৰ ভিত্তিত মেন্ধাক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ দেহত সুৰাৰ উপস্থিতি চিনাক্ত কৰিবলৈ এতিয়া তেওঁৰ তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ।

উল্লেখ্য যে, জলজ এজন বিবিএৰ প্ৰথম বৰ্ষৰ ছাত্ৰ, যি তেওঁৰ দেউতাকৰ সৈতে ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ (আইএফএফআই) যাবলৈ বাট চাই আছিল, য’ত অশ্ৱিনী ধীৰৰ শেহতীয়া প্ৰকল্প হিচাব বৰাবৰ প্ৰদৰ্শন কৰা হ’ব ।

লগতে পঢ়ক : বিজুদা অবিহনে পাৰ হৈ গ’ল ৭টা বৰ্ষ ! আজি তেওঁৰ পত্নীৰে দৃষ্টিৰে চাও আহক মহানায়কগৰাকীক