মুখ্য় নায়ক-নায়িকাৰ উপৰিও আন 11 জনে হঁহুৱাব দৰ্শকক - Son Of Sardaar 2 Starcast
Son Of Sardaar 2 Starcast : অজয় দেৱগণ আৰু মৃণাল ঠাকুৰ অভিনীত চন অফ চৰ্দাৰ 2 ছবিখনত 11 জন বিশিষ্ট অভিনেতাই আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷ এই তাৰকা কলাকুশলীসকলৰ নাম ভাইৰেল হৈ পৰিছে ৷

By ETV Bharat Entertainment Team
Published : August 3, 2024 at 1:36 PM IST
চিটাৰা ডেস্ক, 3 আগষ্ট : অজয় দেৱগণ আকৌ আহি আছে নিজৰ কৌতুকপূৰ্ণ অভিনয়েৰে দৰ্শকক হঁহুৱাবলৈ ৷ বৰ্তমান অজয় তেওঁৰ 2012 চনৰ কমেডী ছবি 'চন অফ চৰ্দাৰ'ৰ চিকুৱেলৰ বাবে বাতৰিৰ শিৰোনামত আছে । চন অফ চৰ্দাৰৰ চিকুৱেল সম্পূৰ্ণ 12 বছৰৰ পিচত আহি আছে ।
চন অফ চাৰ্দাৰত সোণাক্ষী সিনহা আৰু অজয় দেৱগণক যুটি হিচাপে দেখা গৈছিল আৰু এতিয়া মৃণাল ঠাকুৰক চন অফ চাৰ্দাৰ ২ ত অজয়ৰ সৈতে ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা যাব । এতিয়া 'চন অফ চৰ্দাৰ ২' বোলছবিখনৰ পৰা আন তাৰকা কলাকুশলীসকলৰ নামো প্ৰকাশ পাইছে ।
খবৰ অনুসৰি জানিব পৰা গৈছে যে চন অফ চৰ্দাৰ 2 এখন সম্পূৰ্ণ পাৰিবাৰিক মনোৰঞ্জনকাৰী ছবি হ'বলৈ গৈ আছে ৷ কিয়নো তিনি বা চাৰিজন নহয়, সম্পূৰ্ণ 11 জন তাৰকাই দৰ্শকসকলক তেওঁলোকৰ কৌতুকৰ সৈতে মনোৰঞ্জন দিবলৈ আহি আহিছে ।
চন অফ চৰ্দাৰ 2 ৰ ষ্টাৰকাষ্টৰ নাম ভাইৰেল
অজয় দেৱগণ, মৃণাল ঠাকুৰ আৰু সঞ্জয় দত্তৰ উপৰিও চন অফ চৰ্দাৰ 2 ৰ তাৰকাৰ তালিকাত এতিয়া বিজয় ৰাজ, দীপক ডব্ৰিয়াল, কুব্ৰা ছাইট, বিন্দু দাৰা সিং, মুকুল দেৱ, শৰৎ ছক্সেনা, ৰশ্নি আহলুৱালিয়া, ৰবি কিষাণ, চংকি পাণ্ডে, নীৰু বাজৱা আৰু অশ্বিনী কালছেকাৰৰ নাম সাঙোৰ খাই পৰিছে বুলি জানিব পৰা গৈছে ।
প্ৰকাশ হোৱা বাতৰি অনুসৰি ছবিখনৰ শ্বুটিং বৰ্তমান স্কটলেণ্ডত চলি আছে । ইয়াৰ পিচত মুম্বাই আৰু ভাৰতৰ উত্তৰ দিশৰ কিছুমান ৰাজ্যত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব ।
কেতিয়া মুক্তি পাব 'চন অফ চৰ্দাৰ 2' ?
ছবিখনৰ মুক্তিৰ কথা এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও প্ৰকাশ হৈ থকা বাতৰিবোৰ বিশ্বাস কৰিবলৈ হ’লে 2025 চনৰ দ্বিতীয়াৰ্ধত ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব পাৰে । শেহতীয়াকৈ অজয় দেৱগণৰ ছবি ‘ঔৰো মে কাহা দম থা’ ছবিখনে ২ আগষ্টত মুক্তি লাভ কৰে, যিখন ছবিয়ে ছাকনিলকৰ মতে প্ৰথম দিনাই 2 কোটি টকাৰ ব্যৱসায় কৰে ।
ইয়াৰ উপৰিও অজয়ক ‘সিংঘম এগেইন’, ‘ৰেইড 2’, ‘দে দে প্যাৰ দে 2’, ‘টোটেল ধমাল’ আৰু ‘গোলমাল 5’ আদি ছবিত দেখিবলৈ পোৱা যাব ।
লগতে পঢ়ক : 'উলঝ'ৰ স্ক্ৰীণিঙত জাহ্নৱী কাপুৰক উষ্ম সম্ভাষণ ৰেখাৰ - Rekha Janhvi at Ulajh Screening

