হায়দৰাবাদ : আমি পৰ্দাত দেখি থকা প্ৰতিখন মুখৰে আঁৰত আছে ধেৰ নজনা কাহিনী ৷ কিছুমানে তাৰ মাজতে নিজে প্ৰকাশ কৰে, কিছুমান কাহিনী মুখ বাগৰি বাগৰি চলি থাকে ৷ এটা কথা সঁচা যে চলচ্চিত্ৰ উদ্যোগলৈ আহিবলৈ সকলোৱে কষ্ট কৰিবলগীয়া হোৱা নাই ৷ কিন্তু তাৰ মাজতে যিসকলে কষ্ট কৰি নিজৰ ছাপ ৰাখিছে, সেইসকল প্ৰশংসনীয় ৷ বহুতৰ ৰোমাঞ্চকৰ কাহিনীও আছে ৷ অনুপ্ৰেৰণাদায়ক কাহিনীসমূহ নিশ্চয় আমি জনা উচিত ৷
ইৰফান খান, নাম শুনিলেই যাৰ চেহেৰাই চকুৰ আগত দোলা দি ধৰে ৷ তেওঁৰ অনুপস্থিতিয়ে এতিয়াও চকু সেমেকাই তোলে অনুৰাগীৰ ৷ এনে এজন অভিনেতা, যাৰ অভিনয়ৰ কোনো তুলনা নাই ৷ চাই থাকিলে অনুভৱে নহয় যে তেওঁ অভিনয় কৰি আছে ৷ ইমান নিভাজ, ইমান স্বাভাৱিক ৷
বলীউডত ইৰফান খানে যি ছাপ এৰি থৈ গৈছে, সেয়া চিৰদিনলৈ উদযাপন কৰা হ’ব ৷ আজিৰ দিনত ইৰফানৰ অনুপস্থিতি বলীউডৰ বাবে এনে এক ডাঙৰ শূন্য, যিটো শব্দত প্ৰকাশ কৰিব নোৱাৰি ৷ তেওঁৰ মৃত্যুত যেন থমকি গৈছিল বহু জীৱন ৷
ইৰফানে বহুত কষ্ট কৰিছিল ৷ অভিনয়ৰ বাবে দিনে-নিশাই কাম কৰিছিল তেওঁ । অভিনেতা হোৱাৰ আগতে বহু সংগ্ৰামৰ সন্মুখীন হৈছিল তেওঁ । জানি আচৰিত হ’ব যে ইৰফান আগতে ইলেক্ট্ৰিচিয়ান আছিল আৰু তেওঁ এবাৰ এই ৰূপেৰেই অভিনেতা ৰাজেশ খান্নাৰ ঘৰ পাইছিলগৈ এচি মেৰামতি কৰিবলৈ ।
ইৰফান খানে অভিনেতা নাছিৰুদ্দিন শ্বাহক দিয়া সাক্ষাৎকাৰত বহু কথা কৈছিল ৷ হিন্দী চিনেমাৰ প্ৰথম ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ ঘৰত তেওঁ কেনেকৈ এচি ঠিক কৰাৰ সুযোগ পালে সেই বিষয়েও উল্লেখ কৰিছিল । নায়ক হোৱাৰ আগতে খানে মেকানিক হিচাপে জীৱন নিৰ্বাহ কৰিছিল ৷ ফেন, কুলাৰ, এচি, ফ্ৰীজ আদি মেৰামতি কৰিছিল ৷ এদিন অধিক টকা উপাৰ্জনৰ আশাত জয়পুৰৰ পৰা মুম্বাইলৈ গুচি আহে তেওঁ ।
মুম্বাইত কাম কৰি থকাৰ মাজতে এদিন ৰাজেশ খান্নাৰ ঘৰলৈ গৈ এচি মেৰামতি কৰিব লগা হৈছিল ইৰফান খানে । ইৰফানে ৰাজেশ খান্নাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিছিল আৰু সিফালৰ পৰা এটা মাত আহিছিল- কোন বুলি ? ইৰফানে তেতেিয়া মেকানিক বুলি নিজৰ পৰিচয় দিছিল ৷ এচি ঠিক কৰি গুচি গৈছিল খান ৷
কোনোবা এবাৰ জয়পুৰৰ ঘৰলৈ গৈ থকাৰ সময়ত নাট্য বিদ্যালয় এখনত যোগদান কৰাৰ কথা ভাবি আছিল তেওঁ আৰু সেই সময়খিনিতে তেওঁৰ পিতৃ মৃত্যু মুখত পৰে । অভিনেতাজনে উল্লেখ কৰে যে তেওঁ এই বিষয়ে দেউতাকক ক’ব পৰা নাছিল ৷
কোৱা হ’লেও দেউতাকে নাকচ নকৰিলেহেঁতেন, কিন্তু মাক নিশ্চিতভাৱে ইয়াৰ বিৰোধী বুলি তেওঁ মন্তব্য কৰিছিল । তাৰ পাছতে পুনৰ মুম্বাইৰ টিকট বুকিং কৰি অভিনেতা হোৱাৰ মন মেলে ইৰফান খানে । ছবিজগতলৈ যোৱাৰ আগতে তেওঁ থিয়েটাৰ কৰিছিল আৰু তেনেকৈয়ে টিভি আৰু তাৰ পিছত ছবিত কাম পাবলৈ আৰম্ভ কৰিছিল ।
উল্লেখ্য যে, ইৰফানে ছালাম বম্বে (1988) ছবিৰে ছবিজগতত আত্মপ্ৰকাশ কৰিছিল ।
ইৰফানৰ হিট ছবিৰ তালিকা-
1.পান সিং টোমৰ
2. দ্য লান্সবক্স
3. স্লামডগ মিলিয়নাৰ
4. হিন্দী মেডিয়াম
5. পিকু
6. মকবুল
ইয়াত কেইখনমান ছবিৰ কথাহে উল্লেখ কৰা হৈছে ৷ প্ৰায় 61 খন মান বলীউড ছবিত অভিনয় কৰিছিল তেওঁ ৷ ইৰফান খানৰ নিউৰোএণ্ডোক্ৰাইন টিউমাৰ ধৰা পৰিছিল ৷ চিকিৎসা কৰি যুঁজি যুঁজি অৱশেষত 2020 বৰ্ষৰ 29 এপ্ৰিলত ইহলীলা সম্বৰণ কৰে অভিনেতাজনে ৷