ETV Bharat / entertainment

শ্বাহৰুখ খানৰ বিতৰ্কিত মন্তব্যত ক্ষুব্ধ হৈ পৰিল ৰাম চৰণৰ মেকআপ আৰ্টিষ্ট - Ram Charan idly

Shah Rukh Khan : বলীউডৰ অভিনেতা শ্বাহৰুখ খানক অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং পাৰ্টিত ৰাম চৰণক ইডলী ভাড়া বুলি কোৱাৰ বাবে এতিয়া সমালোচনাৰ সন্মুখীন হৈছে ছ’চিয়েল মিডিয়াত ৷

So Disrespectful SRK Idly Vada comments on Ram Charan Users class King Khan WATCH
শ্বাহৰুখ খানৰ বিতৰ্কিত মন্তব্যত ক্ষুব্ধ হৈ পৰিল ৰাম চৰণৰ মেকআপ আৰ্টিষ্ট
author img

By ETV Bharat Assamese Team

Published : March 5, 2024 at 1:53 PM IST

2 Min Read

চিটাৰা ডেস্ক, ৫ মাৰ্চ: ১ মাৰ্চ ৰ পৰা ৩ মাৰ্চলৈকে গুজৰাটৰ জামনগৰত অনুষ্ঠিত হৈছিল অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠান ৷ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি-ৱেডিং অনুষ্ঠানত বলীউড, হলিউড আৰু দক্ষিণ ছবিজগতৰ বহু ডাঙৰ ডাঙৰ তাৰকাই অংশহগ্ৰহণ কৰিছিল ৷ প্ৰি-ৱেডিং অনুষ্ঠানৰ প্ৰথম দিনা ৰিহানাই নিজৰ আচৰিত কণ্ঠ আৰু নৃত্যৰে সকলোকে আপ্লুত কৰি তুলিছিল ৷ ইফালে দ্বিতীয় দিনা বলীউডৰ তাৰকাসকলে নিজৰ নৃত্যৰে আলোড়নৰ সৃষ্টি কৰিছিল ।

প্ৰি-ৱেডিঙৰ দ্বিতীয় দিনটোৰ আটাইতকৈ স্মৰণীয় মুহূৰ্তটো আছিল বলীউডৰ তিনি খানক একেলগে দেখা ৷ হয়, ছলমান খান, শ্বাহৰুখ খান আৰু আমিৰ খানক বহু দিনৰ পিচত একেলগে মঞ্চত নৃত্য কৰা দেখা গৈছিল। তিনিওজনে বহু বছৰৰ পিচত একেলগে মঞ্চত নৃত্য প্ৰদৰ্শন কৰে । অস্কাৰ বিজয়ী গীত নাটু নাটুতো তেওঁলোকে নৃত্য কৰিছিল ।

অৱশ্যে এই সময়চোৱাত ৰাম চৰণেও ছলমান, শ্বাহৰুখ আৰু আমিৰৰ সৈতে যোগ দি তিনিওজন খানৰ সৈতে নাটু নাটু গীতত নৃত্য কৰে । শ্বাহৰুখে ৰাম চৰণক মঞ্চলৈ আহিবলৈ মাতিছিল । যদিও চাৰিওজনে নিজৰ নৃত্যৰে উপস্থিত সকলোকে আপ্লুত কৰিছিল, যদিও কিং খানৰ এটা ধেমালিয়া মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ ৷ আচলতে কিং খানে ৰাম চৰণক মঞ্চত এই বুলি মাতিছিল, "ইডলী ৱাড়া ৰাম চৰণ ক’ত আছ, মঞ্চলৈ আহ।"

শ্বাহৰুখ খানৰ এই বক্তব্যৰ পিচতে ছ’চিয়েল মিডিয়াত ৰাম চৰণৰ অনুৰাগীয়ে বৰ বিশেষ ভাল নাপালে ৷ কেৱল অনুৰাগীয়েই নহয়, ৰাম চৰণৰ মেকআপ আৰ্টিষ্ট জেবা হাছিনেও কিং খানৰ এনে মন্তব্য ভাল নাপালে ৷ কিং খানৰ এনে মন্তব্য শুনি খঙত পাৰ্টিৰ পৰা গুচি যায় জেবা ৷ ইয়াৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত কিং খানৰ এই ভিডিঅ’টো পোষ্ট কৰি লিখিছে, "ভেন্দ ইডলী ভাড়া ৰাম চৰণ, ক’ত আছ ? ইয়াৰ পিচত মই তাৰ পৰাই ওলাই আহিলোঁ । ৰাম চৰণৰ দৰে তাৰকাৰ প্ৰতি এনে অপমান ।"

পিংকভিলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত জেবা হাছিনে মন্তব্য কৰিছিল । জেবাই কৈছিল , "মই শ্বাহৰুখ খানৰ ডাঙৰ অনুৰাগী কিন্তু মঞ্চত ৰাম চৰণক মাতি অনা ধৰণটো ভাল নাপালোঁ ।"

লগতে পঢ়ক: একনৰ ছম্মক চাল্লো গীতত নৃত্য শ্বাহৰুখ-ছলমানৰ, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.