বৰপেটা: উজনিৰ পৰা নামনিলৈ সমগ্ৰ ৰাজ্যজুৰি অসমীয়াই উদযাপন কৰিছে ৰঙালী বিহু ৷ ৰঙালীৰ ৰঙত উতনুৱা অসমীয়াই ভিন্ন স্থানত আয়োজন কৰিছে ৰঙালী বিহু আদৰাৰ অনুষ্ঠান ৷ সত্ৰনগৰী বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই পৌৰসভাৰ খেলপথাৰত আয়োজন কৰে মুকলি বিহু ৷
বিহুৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনেৰে ৰঙালীক আদৰাৰ মাজতে পহিলা ব’হাগত ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা লাভ কৰা প্ৰতিষ্ঠিত সংগীতশিল্পী তৰালী শৰ্মাক ২০২৫ বৰ্ষৰ ‘বৰপেটা বঁটা’ প্ৰদান কৰা হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা ৰঙালী বিহুৰ অনুষ্ঠানতে অসমীয়া সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে পহিলা ব’হাগৰ পবিত্ৰ দিনটোতে সংগীতশিল্পী তৰালী শৰ্মাক প্ৰদান কৰা হয় এই বঁটা ৷
বৰপেটা কলেজৰ অধ্যক্ষ ড৹ বিৰিঞ্চি কুমাৰ দাস আৰু প্ৰাক্তন আছু নেতা তথা সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে তৰালী শৰ্মাক গামোচা, চেলেং চাদৰ, জাপি, শৰাই, প্ৰশস্তি পত্ৰ আৰু নগদ ধন আগবঢ়ায় । উল্লেখ্য যে, প্ৰতিবছৰে পহিলা ব’হাগৰ দিনটোত ৰাজ্যৰ একোগৰাকীকৈ বিশিষ্ট ব্যক্তিক ‘বৰপেটা বঁটা’ প্ৰদান কৰা হয় ৷ বিগত কেইবা বছৰৰে পৰা বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই এই কাম সুকলমে কৰি আহিছে ৷
ইপিনে ব’হাগৰ প্ৰথম দিনটোতে এনেদৰে নিজৰ পিতৃভূমি সত্ৰনগৰী বৰপেটাৰ ৰাইজৰ পৰা বঁটা গ্ৰহণ কৰিবলৈ পাই নিজকে ভাগ্যৱান বুলি অনুভৱ কৰে সংগীতশিল্পীগৰাকীয়ে ৷ "অসমীয়া খবৰ" কাকতৰ মুখ্য সম্পাদক বিশ্বজিৎ দাসে মুকলি কৰা বিহুৰ সাংস্কৃতিক অনুষ্ঠানত সুনীল দাসৰ পৰিচালনাত বৰপেটাৰ দুশগৰাকী বিহুৱা-বিহুৱতীয়ে বিহুনাচ পৰিৱেশন কৰে । অনুষ্ঠানত ৰাকেশ ৰিয়ানৰ লগতে আন বহু শিল্পীয়ে পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠান ।
লগতে পঢ়ক : বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হৈ পৰিল চিমেন চাপৰি