ETV Bharat / entertainment

সি আৰ্টিষ্টক শুহি শুহি খায়, পইচা নিদিয়ে... কিয় কৈছিল, কাৰ কথা কৈছিল জুবিন গাৰ্গে ?

শ্যামকানু মহন্তৰ লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ জুবিনৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসৰ ৷ কেনেকুৱা আছিল জুবিন গাৰ্গৰ মেনেজমেণ্ট ?

singer sweety das says No one dare to kill Zubeen garg it's just negligence of his team
জুবিন গাৰ্গৰ সহযোগী হিচাপে আছিল কণ্ঠশিল্পী ছুইটী দাস (Photo : Sweety Das Instagram)
author img

By ETV Bharat Entertainment Team

Published : September 23, 2025 at 1:01 PM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী : সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পী ছুইটী দাসৰ বিস্ফোৰক অভিযোগ । অভিযোগ উত্থাপন শিল্পীগৰাকীৰ বেণ্ডৰ ওপৰতো ।

সামাজিক মাধ্যমত লাইভত আহি সকলো কথা ভাঙি-পাতি ক’লে ছুইটীয়ে । ২০২২ৰ ১৩ অক্টোবৰৰ পৰা বৰ্তমানলৈকে জুবিন গাৰ্গৰ সহযোগী হিচাপে আছিল কণ্ঠশিল্পী ছুইটী দাস ।

শ্যামকানু মহন্তক ভাল পোৱা নাছিল জুবিন গাৰ্গে

শ্যামকানু মহন্ত তথা নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত কণ্ঠশিল্পী ছুইটী দাসে কয়, “বৰ্তমান যিটো বিতৰ্ক চলি আছে এই গোটেইখিনিৰ ওপৰত মোৰ কিছুমান ক’বলগীয়া আছে । কথাবোৰ নৰ্থ ইষ্ট ফেষ্টিভেল আৰু শ্যামকানু মহন্তৰ পৰাই আৰম্ভ হৈছে । শ্যামকানু মহন্ত, মই যিমানবাৰ জুবিন গাৰ্গৰ মুখৰ পৰা শুনিছোঁ তেওঁৰ শ্যামকানু মহন্তক বেয়া পায় । দাদাৰ কথা-'সি আৰ্টিষ্টক শুহি শুহি খায়, পইচা নিদিয়ে । নৰ্থ ইষ্ট ফেষ্টিভেলত আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে আৰু নিজে উপাৰ্জন কৰি আছে ৷' মুঠতে তেওঁ শ্যামকানু মহন্তক বেয়া পায় । কিছুদিন পূৰ্বে হৈ যোৱা ৰঙালীৰ অনুষ্ঠানত কি হৈছিল সকলোৱে জানে আৰু সেই বস্তুটোৱে যে হ'ব সেইটো আমি আগতেই গম পাওঁ । যেতিয়া আমি ছাউণ্ড চেক কৰিবলৈ গৈছিলো, তেতিয়াই গম পাইছিলো যে আজি যদি অনুষ্ঠানটো জুবিন গাৰ্গে কৰে তেন্তে খেলিমেলি হ'ব । তাৰ আগতে তেওঁ আমাক জনাইছিল-এইবাৰ শ্যামকানু মহন্তক শিক্ষাটো দিব লাগিব, গতিকে কিবা এটা কৰিব বুলি জানিছিলো । সেয়ে গেটত গোৰ মাৰি গুচি আহিছিল । পাছত অৱশ্যে তেওঁ ৰৈ ৰৈ বিনালেৰ এটা শ্বট আৰু পোষ্টাৰ মুকলিৰ বাবে তালৈ গৈছিল । কিন্তু মই যিমানখিনি জানো তেওঁ শ্যামকানু মহন্তক বেয়া পায় । যদি জুবিন গাৰ্গে শ্যামকানু মহন্তই কোৱাৰ দৰে ফুৰিবলৈ গ’লহেঁতেন তেন্তে সামাজিক মাধ্যমত ছিংগাপুৰ যাম বুলি পোষ্ট নিদিলেহেঁতেন ।”

সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সহযোগী কণ্ঠশিল্পীক পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰিছিল

জুবিন গাৰ্গ মেনেজমেণ্ট আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বহু অভিযোগ উত্থাপন কৰি কণ্ঠশিল্পী ছুইটী দাসে কয়, “জুবিন গাৰ্গ মেনেজমেণ্ট আগৰ পৰাই বিফল । যিহেতু মই নিজে অনুষ্ঠান কৰিছোঁ, সেইবাবে মই জানো । সিদ্ধাৰ্থ শৰ্মা অভদ্র মানুহ । আমাৰ লগত অভদ্ৰামী কৰে । বিশেষকৈ ছোৱালীকেইজনীক পেলনীয়া বস্তুৰ দৰে ব্যৱহাৰ কৰে । জুবিন গাৰ্গ বেণ্ডত আমাক জুবিন গাৰ্গে মেনেজ কৰিছিল, তাত সিদ্ধাৰ্থ শৰ্মাৰ কোনো ভূমিকা নাছিল । বিশেষকৈ মোৰ আৰু শতাব্দী বৰাৰ চকুত সিদ্ধাৰ্থ শৰ্মা বিফল । সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গ অসুস্থ হৈ থকাৰ পাছতো হয়তো পইচা যাব বুলি ভাবি তেওঁৰ স্বাস্থ্যৰ গুৰুত্ব নল’লে । জুবিন গাৰ্গ অসুস্থ মানুহ, তেওঁক জিৰণিৰ প্ৰয়োজন আছিল, আগদিনা পাৰ্টী কৰাৰ বাবে হয়তো তেওঁ পৰ্যাপ্ত পৰিমাণে জিৰণি নাপালে ।”

singer sweety das says No one dare to kill Zubeen garg it's just negligence of his team
জুবিন গাৰ্গৰ সহযোগী হিচাপে আছিল কণ্ঠশিল্পী ছুইটী দাস (Photo : Sweety Das Instagram)

দাসে লগতে কয়, “আনহাতে জুবিন গাৰ্গ পানীত নামোতে তাত জুবিন গাৰ্গক মনিটৰ কৰা কোনো মানুহ নাছিল । গতিকে ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি মই নকওঁ, অসাৱধানতাৰ বাবে মানুহটো মৰিল । এতিয়া শেখৰ, সন্দীপন বা যিমানে যিয়েই নকওঁক কিয় মানুহটো ঘূৰি নাহে । তেওঁলোকৰ কাৰো ইমান দম নাই যে জুবিন গাৰ্গক কৰবাত নি মাৰিব, কিন্তু তেওঁলোকৰ অসাৱধানতাৰ বাবে আজি এয়া হল ।”

singer sweety das says No one dare to kill Zubeen garg it's just negligence of his team
জুবিন গাৰ্গৰ সহযোগী হিচাপে আছিল কণ্ঠশিল্পী ছুইটী দাস (Photo : Sweety Das Instagram)

লগতে তেওঁ কয়, “মেডিকেল টীম বা কোনো সুৰক্ষা নোহোৱাকৈ সাধাৰণ মানুহৰ দৰে তেওঁক তালৈ লৈ লোৱা হ'ল, যিটো সম্পূৰ্ণ মেনেজমেণ্টৰ গাফিলতি । জুবিন গাৰ্গৰ মৃত্যুৰ আগদিনা সিদ্ধাৰ্থ শৰ্মাৰ ষ্টেটাছত মদ খাই থকাৰ ফটো দেখিছিলো । তেওঁলোকে পাহৰি গ'ল যে মানুহজন অসুস্থ । কাৰোবাৰ ফূৰ্তিৰ বাবে ইমান ডাঙৰ মানুহ এজনক হেৰুৱাই পেলালো । লগত থকা সেই মানুহকেইটা বহুত অহংকাৰী । সমগ্র ঘটনাৰ উচিত তদন্ত হওক ।”

singer sweety das says No one dare to kill Zubeen garg it's just negligence of his team
জুবিন গাৰ্গৰ সহযোগী হিচাপে আছিল কণ্ঠশিল্পী ছুইটী দাস (Photo : Sweety Das Instagram)

জুবিন গাৰ্গৰ বেণ্ডৰ ওপৰতো অভিযোগ উত্থাপন

এই সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, “জুবিন গাৰ্গ বেণ্ডটোত জুবিন গাৰ্গ আৰু গৰিমা শইকীয়া গাৰ্গৰ বাহিৰে কোনেও ছোৱালীখিনিক সন্মান নকৰে । কোনেও বেণ্ডৰ মানুহ বুলিও নাভাবে । অদৰকাৰী কথা কৈ আমাক বহুত মানসিক অত্যাচাৰো কৰে ।”

গৰিমা শইকীয়া গাৰ্গক লৈ উত্থাপন হোৱা প্রশ্ন সন্দৰ্ভত মন্তব্য

ছুইটী দাসে কয়, “গৰিমা শইকীয়া গাৰ্গে সিদ্ধাৰ্থ সন্দৰ্ভত কোৱা কথাখিনি শুনি মোৰো খং উঠিছিল । কিন্তু তেওঁ এতিয়া চিন্তা কৰিব পৰা অৱস্থাত নাই । তেওঁক যি ক’বলৈ দিয়া হৈছে সেয়াই কৈছে । জুবিন গাৰ্গৰ দৰে গৰিমা শইকীয়া গাৰ্গেও সকলোকে মৰম কৰে । গৰিমা শইকীয়া গাৰ্গ আৰু তেওঁৰ পৰিয়ালটোক অকণমান সন্মান কৰিবলৈ শিকক । কাৰণ জুবিন গাৰ্গে নিজৰ পৰিয়ালটোক সদায় মৰম দিছিল । তেওঁলোকক অপমান কৰা মানে জুবিন গাৰ্গক অপমান কৰা ।”

ছুইটী দাসে শিল্পীগৰাকীৰ পুনৰ এবাৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে সমগ্র ঘটনাৰ উচিত তদন্তৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : কিয় নীলা পৰিছিল জুবিনৰ শৰীৰ ? সঞ্জীৱ নাৰায়ণ-সিদ্ধাৰ্থই কি ভূমিকা লৈছিল ? শুনক শেখৰজ্যোতিৰ মুখেৰে