প্ৰবীণ গায়কৰ কণ্ঠ ক্ল’নিঙৰ বাবে এ আইৰ ব্যৱহাৰক তীব্ৰ সমালোচনা বলীউডৰ গায়ক শ্বানৰ
শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তাই গীত সৃষ্টি কৰা ধাৰাক সমালোচনা কৰে বলীউডৰ গায়ক শ্বানে ।

By ETV Bharat Entertainment Team
Published : September 5, 2025 at 1:33 PM IST
হায়দৰাবাদ: শেহতীয়াকৈ কৃত্ৰিম বুদ্ধিমত্তাই গীত সৃষ্টি কৰা ধাৰাটোক সমালোচনা কৰে বলীউডৰ গায়ক শ্বানে । ইয়াক AI Voice Cloning বুলি কোৱা হয় । কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীয়ে বৰ্তমানৰ গীতৰ ৰিমিক্স আৰু কভাৰ তৈয়াৰ কৰিব পাৰে, বিভিন্ন শিল্পীৰ কণ্ঠক চিনাকি ট্ৰেকত স্থাপন কৰিব পাৰে আৰু নতুন ছন্দ, সুৰৰ সৈতে মূল গীতটোক ৰূপান্তৰিত কৰিব পাৰে ।
এ এন আইৰ সৈতে হোৱা কথা-বতৰাত শ্বানে এ আই ছং ভইচ শ্বাপ ট্ৰেণ্ডক সমালোচনা কৰে য’ত নতুন গীতৰ কভাৰৰ বাবে এ আই সঁজুলি ব্যৱহাৰ কৰি প্ৰয়াত গায়কসকলক পুনৰ চিত্ৰিত কৰা হয় ৷ এই কাৰ্যক নিষ্ঠুৰ আৰু প্ৰয়াত গায়কসকলক স্মৰণ কৰাৰ ভুল অভ্যাস বুলি অভিহিত কৰে তেওঁ ।
“মই এই এ আইক অতি নিষ্ঠুৰ বুলি বিবেচনা কৰোঁ যেতিয়া তেওঁলোকে ‘য়েহ গানা অগৰ কিশোৰ দা গাতে, য়ে গানা অগৰ মহম্মদ ৰফী গাতে...... এনেধৰণৰ কামবোৰ কৰে ! ৪০ৰ দশকত তেওঁলোকে যি গাইছিল, ৬০ৰ দশকত তেওঁলোকে যি গাইছিল আৰু ৮০ৰ দশকত তেওঁলোকে যি গাইছিল সেয়া আছিল বহুত বেলেগ । গতিকে আজি যদি তেওঁলোকে গান গাই থাকিলহেঁতেন তেন্তে সেয়াও বহুত বেলেগ হ’লহেঁতেন ৷” শ্বানে কয় ।
কণ্ঠশিল্পীগৰাকীয়ে আৰু কয় যে প্ৰযুক্তিৰ সহায়ত গায়কৰ কণ্ঠ কৃত্ৰিমভাৱে সৃষ্টি কৰাটো ভুল । “এইটো ভুল যে আপোনালোকে গীতটোক তেনেকুৱা কৰি পেলাই যে তেওঁলোকে গালে শুনিবলৈ এনেকুৱা হ’লহেঁতেন ৷ প্ৰয়োজন নাই । যিজন ব্যক্তিৰ গায়কী ইমান সুন্দৰ, তেওঁক আপুনি AI কৰিব নোৱাৰে ৷ গতিকে যিকোনো চাৰিটা গীতৰ সুৰ লৈ তাৰ সৈতে নতুন ট্ৰেক আৰু কভাৰ বনোৱাটো ভুল ৷” শ্বানে কয় ।
এ আইৰ কণ্ঠক প্ৰকৃত গায়কৰ সৈতে তুলনা কৰাৰ বাবে তেওঁ দৰ্শককো “মুৰ্খ” বুলি কয় । নতুন প্ৰজন্মই যেতিয়া কণ্ঠশিল্পী কিশোৰ কুমাৰৰ কণ্ঠত Saiyaara গীতটো প্ৰস্তুত কৰিবলৈ এ আই ব্যৱহাৰ কৰে সেই কাণ্ডক তেওঁ ইয়াক অন্যায় বুলি অভিহিত কৰে ।
তেওঁ সংগীতপ্ৰেমীসকলক এনে এ আই ট্ৰেক নুশুনি, বৰঞ্চ সেই সময়ত কিশোৰ কুমাৰৰ দ্বাৰা গোৱা গীত উপভোগ কৰিবলৈ আহ্বান জনায় । “দৰ্শক ইমানেই মুৰ্খ, তেওঁলোকে আনকি তুলনাও কৰিবলৈ লৈছে । মই মাত্ৰ কৈছো যে তেওঁলোকে এইসমূহ এ আই কৰা উচিত নহয় । নতুন প্ৰজন্মই কিশোৰ কুমাৰৰ কণ্ঠত Saiyaara বা আন কিবা এটা শুনিছে । সেয়া উচিত নহয় বন্ধু । ডিঙিৰ পৰা ওলোৱা প্ৰকৃত মাত, সংবেদনশীলতাৰে ভৰা সেই সময়ৰ গীতবোৰ তেওঁলোকে শুনিব লাগে ৷” শ্বানে কয় ।
আনহাতে, ১৯ ছেপ্টেম্বৰত মুম্বাইৰ এন এম এ চি চিৰ দ্য গ্ৰেণ্ড থিয়েটাৰত মঞ্চত কিংবদন্তি কিশোৰ কুমাৰৰ সংগীতক সন্মান জনাব শ্বানে । এন আৰ টেলেণ্ট এণ্ড ইভেণ্ট মেনেজমেণ্টে উপস্থাপন কৰা ফৰেভাৰ কিশোৰ শ্বান ছে শীৰ্ষক এই অনুষ্ঠানটোৱে কালজয়ী সুৰেৰে ভৰা এটি অবিস্মৰণীয় সন্ধিয়াৰ প্ৰতিশ্ৰুতি দিছে । এয়াই প্ৰথম য’ত শ্বানে তেওঁৰ সংগীত যাত্ৰাক গঢ় দিয়া বুলি বিশ্বাস কৰা আইকনগৰাকীৰ প্ৰতি এটা সম্পূৰ্ণ কনচাৰ্ট উৎসৰ্গা কৰিছে ।
‘পাল পাল দিল কে পাছ’ আৰু ‘নীলি নীলে অম্বৰ পাৰ’ৰ পৰা আৰম্ভ কৰি ‘অ’ মেৰে দিল কে চেইন’ আৰু ‘চিংগাৰি কোই ভড়কে’লৈকে এই অনুষ্ঠানটোত কিশোৰ কুমাৰৰ আটাইতকৈ চিনাকি হিট গীতসমূহ পৰিবেশন কৰিব শ্বানে ।
লগতে পঢ়ক : পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ বিৰুদ্ধে এফ আই আৰ

