জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই
এইবাৰৰ ৰঙালী বিহুত একেলগে গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা নাযাব জুবিন গাৰ্গ আৰু শতাব্দী বৰাক । সামাজিক মাধ্যমত এই কথা জনালে শতাব্দী বৰাই ।

By ETV Bharat Entertainment Team
Published : March 6, 2025 at 10:42 AM IST
গুৱাহাটী : জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে এইবাৰ বিহুত গীত পৰিৱেশন নকৰে কণ্ঠশিল্পী শতাব্দী বৰাই । ২০১৫ পৰা ২০২৪ চনলৈকে জুবিনৰ সৈতে প্ৰতিখন বিহু মঞ্চত একেলগে দেখিবলৈ পোৱা গৈছিল কণ্ঠশিল্পীগৰাকীক । কিন্তু এইবাৰৰ ৰঙালী বিহু মঞ্চত একেলগে গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা নাযাব জুবিন গাৰ্গ আৰু শতাব্দী বৰাক ।
ৰঙালী বিহুৰ পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা জনালে কণ্ঠশিল্পী শতাব্দী বৰাই । সামাজিক মাধ্যমযোগে এক পোষ্ট দি কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰে,"নমস্কাৰ অসমবাসী ৰাইজ, মই শতাব্দী বৰা । সৰুৰে পৰা মই সংগীত জগতখনৰ লগত জড়িত । ষষ্ঠ শ্ৰেণীৰে পৰা মই মঞ্চত গীত পৰিৱেশন কৰি আহিছো । ২০১৫ পৰা ২০২৫ চনলৈকে অসম ৰত্ন জুবিন গাৰ্গ দাদাৰ লগত মঞ্চত একেলগে গীত পৰিৱেশন কৰি আহিছো । জুবিন দাদাৰ লগত থাকোঁতেই মই কেইবাখনো অসমীয়া চলচ্চিত্ৰ (মিছন ছাইনা, আণ্ডাৰ ৱৰ্ল্ড , ৰত্নাকৰ) আদি ছবিত কণ্ঠদান কৰাৰ সুযোগ লাভ কৰিছিলো । যোৱা দহ বছৰে মই তেওঁৰ লগত অসমৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ বিভিন্ন দৰ্শকৰ মাজত গীত পৰিৱেশন কৰি বহুত অভিজ্ঞতা বুটলিলো । অৱশ্যে, মাজে মাজে মই অকলশৰীয়াকৈয়ো অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিছিলো । আপোনালোকে মোৰ গীতসমূহকো বহুত মৰমেৰে আদৰি লৈছে । সেয়েহে মই এইবাৰ আপোনালোকৰ আশীষ শিৰোগত কৰি অকলশৰীয়াকৈয়ে বিহু মঞ্চৰ বাবে সাজু হৈছো । প্ৰস্তুতি প্ৰায় শেষ হৈছে...।"
ইয়াৰ লগতে তেওঁৰ যোগাযোগ নম্বৰটো দি উল্লেখ কৰে, "মই কণ্ঠদান কৰা গীতসমূহ (সঁচাকে কোৱা কথাটি কোৱা, মিছন ছাইনাৰ মেৰʼমায়া লাই, সপোনতে আহি, ভাল পাওঁ বুলি কোৱানা, অ আকাশ, জাকৈ ইত্যাদি) আশা কৰিছো এইবাৰ বিহু মঞ্চত লগ পাম এই আশাৰে.......আপোনালোকৰ মৰমৰ শতাব্দী বৰা ৷"
উল্লেখ্য যে, আজিৰ পৰা কেইবাবছৰ পূৰ্বে বিহুমঞ্চত জুবিন গাৰ্গ আৰু জুবলী বৰুৱাৰ সংগীতনুষ্ঠানে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত জুবিন গাৰ্গৰ সৈতে সংগীতানুষ্ঠানত দেখা গৈছিল কণ্ঠশিল্পী ঋতৃষা শৰ্মাক । ২০১৫ চনৰ পৰা জুবিনৰ সহঃকণ্ঠশিল্পী হৈ পৰিছিল শতাব্দী বৰা । জুবিন গাৰ্গ আৰু শতাব্দী বৰাৰ সংগীতানুষ্ঠানেও দৰ্শকৰ মাজত এক সুকীয়া স্থান অৰ্জন কৰি আহিছে । অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰি সকলোৰে চিনাকি মুখ হৈ পৰিছে কণ্ঠশিল্পী শতাব্দী বৰা ।
লগতে পঢ়ক : নৃত্যৰ ছন্দেৰে প্ৰতিভাৰ মঞ্চত খলকনি তুলি এতিয়া অসমৰ খ্যাতি বিয়পাইছে কণমানি মেহেকে

