গুৱাহাটী : অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি চহকী কৰি যোৱা ড৹ ভবেন্দ্ৰ নাথ শইকীয়াক বৃহস্পতিবাৰে তেওঁৰ ওপজা দিনটোত অসমবাসীয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে । ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিন উপলক্ষে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত বৃহস্পতিবাৰে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত ড৹ ভবেন্দ্ৰ নাথ শইকীয়া নাট সমাৰোহ আৰু ড৹ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
উক্ত অনুষ্ঠানত সংগীত শিল্পী ৰূপম ভূঞাক ২০২৪ বৰ্ষৰ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান কৰা হয় । এই বঁটাত আছে এখনি ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, নগদ ৫০ হাজাৰ টকা আৰু স্মাৰক ।
ইফালে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা এই নাট সমাৰোহৰ আৰম্ভণি বিদ্যুৎ কুমাৰ নাথৰ পৰিকল্পনা আৰু পৰিচালনাৰে 'ৰঘুনাথ' নাটখনৰে কৰা হয় । আনহাতে দ্বিতীয় দিনা মঞ্চস্থ কৰা হ’ব মুম্বাইৰ নাট্যম গোষ্ঠীৰ প্ৰাঞ্জল মাধৱ ভৰদ্বাজৰ পৰিকল্পনা আৰু পৰিচালনাৰে নাট 'শতাব্দী' ।
ইফালে এই বঁটা লাভ কৰি আৰু বহুতো দায়িত্ব বাঢ়িল বুলি মন্তব্য আগবঢ়াই জনপ্ৰিয় কণ্ঠশিল্পী ৰূপম ভূঞাই । ৰূপম ভূঞাই কয়, “কিছুমান বঁটাই দায়িত্ব অকণমান বঢ়ায় ৷ এতিয়া আৰু দায়িত্বশীল হৈ সংগীত কৰিম । সমাজৰ হৈ কেনেদৰে কাম কৰিব পাৰো সেইটো এতিয়ালৈ চেষ্টা কৰি আহিছো ।”

বঁটা লাভ কৰি আৱেগিক হৈ পৰা কণ্ঠশিল্পীগৰাকীয়ে সকলোকে ধন্যবাদ জনোৱাৰ লগতে তেখেতৰ আগন্তুক পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে । এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰয়াত শইকীয়াৰ পত্নী প্ৰীতি শইকীয়া, জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, কুলেন্দ্ৰ পাঠক, অসম চৰকাৰৰ পৰ্যটন সচিব কুমাৰ পদ্মপাণি বৰা, স্বনাম প্ৰসিদ্ধ সাংস্কৃতিক সংগঠক কৃষ্ণ ৰয়কে ধৰি বহু বিশিষ্ট ব্যক্তি ।
লগতে পঢ়ক : মুক্তিৰ পথত কণ্ঠশিল্পী ৰূপম ভূঞাৰ ‘ছায়া ছবি’ |