ETV Bharat / entertainment

কাহিনী ঢেৰ, জুবিনৰ অজ্ঞাতে এটা এটা গানৰ বিনিময়ত লোৱা হৈছিল বহু টকা

সোণৰ কণী পৰা হাঁহ হিচাপে কোনে ব্যৱহাৰ কৰিছিল অসমীয়াৰ আৱেগ জুবিন গাৰ্গক । শুনক জুবিনৰ বন্ধু-গীতিকাৰ-সুৰকাৰ প্ৰসেনজিৎ লাহনৰ মুখেৰে ।

singer prasenjit lahon alleges without zubeen's knowledge Shekhar Jyoti Goswami took lot of money for one song
জুবিনৰ বন্ধু-গীতিকাৰ-সুৰকাৰ প্ৰসেনজিৎ লাহন (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 4, 2025 at 4:44 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট: আজিও বহুতৰ বাবে সপোন সপোন যেন অনুভৱ জুবিন গাৰ্গৰ মৃত্যুু ৷ দৈনন্দিন জীৱন চলিছে যদিও খালী খালী লগা অনুভৱটোৱে সকলোকে দহিছে ৷ তাতে আকৌ জুবিনৰ মৃত্যুুৰ তদন্তত নিতৌ ভয়ানক তথ্য পোহৰলৈ আহিছে ৷ জুবিন গাৰ্গৰ মৃত্যু যে স্বাভাৱিক নাছিল, বৰঞ্চ ৰহস্যজনক আছিল এই কথা তদন্ত যিমানেই আগবাঢ়ি গৈছে, সিমানেই যেন স্পষ্ট হৈ পৰিছে ৷

বাদ্যযন্ত্ৰী শেখৰৰ কালিৰ বিস্ফোৰক মন্তব্যই হুৱাদুৱা লগালে ৷ সিদ্ধাৰ্থ-শ্যামকানুৱে বিহপান কৰোৱাই জুবিনক হত্যা কৰাৰ অভিযোগ আনিছে তেওঁ ৷ ইয়াৰ মাজতে আমি জানিব পাৰিছো শেখৰেও জুবিনৰ সৰলতাৰ সুযোগ লৈছিল ৷ জুবিনৰ লগত থকা তথা বাদ্যযন্ত্ৰী, ৰেকৰ্ডিষ্ট শেখৰজ্যোতি গোস্বামীৰ কু-কীৰ্তি উদঙালে জুবিন গাৰ্গৰ বন্ধু তথা ৰাজ্যখনৰ এজন প্ৰসিদ্ধ গীতিকাৰ সুৰকাৰ প্ৰসেনজিৎ লাহনে ।

প্ৰসেনজিৎ লাহনৰ ভাষ্য (ETV Bharat Assam)

প্ৰসেনজিৎ লাহনে কয়, “শেখৰজ্যোতি গোস্বামী বহুত সৰু ল’ৰা, আমাৰ বয়স বৰ্তমান পঞ্চাছৰ উৰ্ধৰ, সি আমাতকৈ বহুত সৰু ৷ সি আমাক বহুত জ্বলাকলা খুৱালে ৷ শেখৰজ্যোতি গোস্বামী জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ’ৰ ৰেকৰ্ডিষ্ট হিচাপে আছিল, তাৰ সুবাদতে শেখৰজ্যোতি গোস্বামীয়ে অৰূপ দত্তৰ লগতে বিভিন্নজনৰ পৰা এটা গানৰ বিনিময়ত তিনি পৰা ৫ হাজাৰ টকা পৰ্যন্ত ধন লৈছিল ৷ দিনটোত জুবিনে কমেও পাঁচটা গানটো গাইছিল, সেই হিচাপত প্ৰতি দিনৰ অংক মিলাই চাওক সি এমাহত কিমান লাখ টকা পায় ? কেৱল সিয়ে নহয়, জুবিনক শ্যামকানু-সিদ্ধাৰ্থহঁতে সোণৰ কণী দিয়া হাঁহ বুলি ভাবিলে ৷”

Prasenjit Lahon
প্ৰসেনজিৎ লাহন (Photo : ETV Bharat Assam)
Prasenjit Lahon
প্ৰসেনজিৎ লাহন (Photo : ETV Bharat Assam)

আনহাতে তেওঁ কয়, “মানুহটো মাৰি পেলালে ৷ যদি শেখৰজ্যোতি গোস্বামী সেই ষ্টুডিঅ’টোৰ ৰেকৰ্ডিষ্ট নহ’লহেঁতেন, আজি জুবিনে গোৱা গীতৰ সংখ্যা লাখ পালেগৈহেঁতেনে ৷ এতিয়া আমি কাৰ গান শুনিম ? মই সুৰ কৰা আৰু লিখা ২০ ৰ পৰা ২২ টা গান জুবিনে গাইছে, সেইসমূহ গীত অসমত বহুত জনপ্ৰিয় ৷ এতিয়া কাৰ কাৰণে গান লিখিম, কাৰ কাৰণে সুৰ কৰিম ? গীটাৰখন, হাৰমনিয়ামখন চুবলৈ মন নোযোৱা হ’ল ৷”

শোকত ভাগি পৰা লাহনে শেখৰ-সিদ্ধাৰ্থ-শ্যামকানুক নৰপিশাচ আখ্যা দিয়ে ৷ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ইহঁতক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাই, যাতে অন্য শিল্পীৰ লগত এনে কাম কৰিবলৈ কোনেও ভৱিষ্যতে সাহস নকৰে । লগতে তেওঁ আহ্বান জনাই যে, যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাই, তেতিয়ালৈকে জুবিনৰ ন্যায় কাৰণে যাতে সকলোৱে সামাজিক মাধ্যমত মাত মাতি থাকে ৷

লগতে পঢ়ক : গৰিমাৰ হাতত অৰ্পণ জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন