সুৰাপায়ী সভাপতিৰ লম্ফ-জম্ফ; মুখ খুলিলে কণ্ঠশিল্পী পদ্মনাথ বৰদলৈয়ে - concert controversy
Padmanath Bordoloi concert controversy : অন্ত পৰা নাই কণ্ঠশিল্পী পদ্মনাথ বৰদলৈৰ সংগীতানুষ্ঠানৰ বিতৰ্ক । বিহু সমিতিখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব শিল্পীগৰাকীয়ে।

Published : April 18, 2024 at 11:31 AM IST
|Updated : April 18, 2024 at 1:01 PM IST
গুৱাহাটী, 18 এপ্ৰিল : ৰঙৰ ৰঙালী উদযাপনত ব্যস্ত ৰাজ্যবাসী ৷ ৰঙালী বিহু বুলি ক’লেই ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে তথা গাঁৱে-ভূঞে বিহুৰ অনুষ্ঠান আয়োজন কৰা হয় ৷ এই অনুষ্ঠানসমূহত অনুষ্ঠান গীত পৰিৱেশন কৰিবলৈ বহু জনপ্ৰিয় কণ্ঠশিল্পীসকলক আমন্ত্ৰণ জনোৱা হয় ৷
শেহতীয়াকৈ ব’হাগৰ ১ তাৰিখে হাজোৰ সমীপৰ অভয়পুৰৰ অভয় চণ্ডিকা যুৱ সংঘ সংগীতানুষ্ঠানত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কণ্ঠশিল্পী পদ্মনাভ বৰদলৈয়ে ৷ এই সন্দৰ্ভত বুধবাৰে সংবাদমাধ্যমৰ সন্মুখত কণ্ঠশিল্পী পদ্মনাভ বৰদলৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়,'আমি খুৱ সুন্দৰকৈ গীত পৰিৱেশন কৰি আছিলো । অনুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়ত সুৰাপান কৰা কমিটীৰ দুগৰাকী বিষয়ববীয়াই সভাপতি অতুল দাস আৰু সম্পাদকগৰাকীয়ে বাৰে বাৰে আহি আমাক গীতৰ অনুৰোধ কৰি আছিল । তেওঁলোকে যিটো গীতৰ অনুৰোধ কৰিছিল সেইটো আমি বুজি নোপোৱাত গীতটি নাই বুলি কৈছিলো । শেষত অতিষ্ঠ হৈ মই যি গৰাকী ঘোষক তেওঁ সুস্থ অৱস্থাত নাই বুলি, আপুনি সুৰামত্ত হৈ আছে এনেদৰে শিল্পী এগৰাকীক অত্যাচাৰ নকৰিব বুলি মই কৈছিলো ।'
লগতে কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ লগত যোৱা মহিলা শিল্পীগৰাকীকো অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত তেওঁ কয়, 'মোৰ লগৰ মহিলা শিল্পীগৰাকীক কমিটীৰ এজন মানুহে অশ্লীল ইংগিত দিছে । আমাৰ পইচাও কাটিছে। কমিটীখনত যথেষ্ট ভুল আছে, তাত আৰক্ষী নাই, কমিটীয়ে আমাক সুৰক্ষা দিয়া নাই এয়াও দুৰ্ভাগ্যজনক । ৰক্ষকে ভক্ষকলৈ পৰিণত হৈছে ৷' লগতে তেওঁ কমিটীৰ বিৰুদ্ধে এজাহৰ দাখিল কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে শিল্পীগৰাকীয়ে ৷
লগতে পঢ়ক: শীঘ্ৰেই ছবিগৃহলৈ আহি আছে দীপলিনা অভিনীত "অভিমন্যু" - Assamese news movie release

