গুৱাহাটী : সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি দিয়া হয় এটি নতুন আধুনিক বিহুসুৰীয়া অসমীয়া গীত ‘কাবাডী কাবাডী’ । গীতৰ কথা আৰু সুৰ মৌচুমী বৰাৰ । লগতে গীতিটিত কণ্ঠদান কৰিছে মৌচুমী বৰাই । উক্ত শুভ মুক্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সুমিত্ৰা হাজৰিকা, পৰিচালক ৰাজীৱ ৰহমান, গীতিকাৰ- সুৰকাৰ সত্যজিত কলিতা, গীতিকাৰ-সুৰকাৰ-বুবু বৰুৱা আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি ।
গীতটি সন্দৰ্ভত মন্তব্য কৰি মৌচুমী বৰাই কয়, “গীতটিৰ পৰিকল্পনা দীৰ্ঘদিনীয়া । কেইবাবছৰ আগতে গীতটি মই লিখিছিলো । কাবাডী খেলৰ ওপৰত গীতটি লিখিছিলো । আমি সৰু থাকোতে এই খেলবিধ বহুত খেলিছিলো । কিন্তু এতিয়া বহু ল’ৰা-ছোৱালীয়ে এই খেলবিধৰ বিষয়ে নাজানে । খেলবিধ বহুত কম সংখ্যকেহে খেলে ।"
তেওঁ কয়, "বৰ্তমান সময়ৰ ল’ৰা-ছোৱালীবোৰক এনেধৰণৰ খেলসমূহৰ পৰিবৰ্তে মোবাইল, টিভি আদিতহে ব্যস্ত হৈ থকা দেখা যায় । লগতে আমি যিসকল বন্ধু-বান্ধৱীৰ লগত এই খেলবিধ খেলিছিলো তেওঁলোকো সময়ৰ লগে লগে নিজ নিজ কামত ব্যস্ত হৈ গৈছে ৷ এনে কিছুমান কথাকে চিন্তা কৰি এই গীতটি ৰচনা কৰিছিলো । গীতটিৰ মাজত মোৰ কিছুমান সঁচা অনুভৱ আছে, আনহাতে কিছুমান কাল্পনিক অনুভৱো আছে । আশাকৰো গীতটি শুনি ৰাইজে ভাল পাব ।”
ইয়াৰ লগতে কণ্ঠশিল্পীগৰাকীয়ে কয়, “কাবাডী কাবাডী-এই গীতটি মোৰ প্ৰথম নিজা সৃষ্টি । ইয়াৰ পূৰ্বে গীতত কণ্ঠদান কৰিছো যদিও ৰচনা কৰা নাছিলো ।” উল্লেখ্য যে, "কাবাডী কাবাডী " শীৰ্ষক গীতটিৰ সংগীত নিলোৎপল শব্দৰ, প্ৰযোজনা কৰিছে আমিৰ হুছেইনে । তথ্য অনুসৰি শীঘ্ৰেই মুক্তি দিয়া হ'ব গীতটিৰ ভিডিঅ’ । গীতটি দৰ্শকে আদৰি ল'ব বুলি আশাবাদী কণ্ঠশিল্পী মৌচুমী বৰা ।
লগতে পঢ়ক : সংগীতপ্ৰেমীৰ মাজলৈ আহিল 'এটি এটি কথা'