ETV Bharat / entertainment

অক্টোবৰ-নৱেম্বৰত অসমত মঞ্চ কঁপাব মিকা সিঙে: ওপজা দিনৰ আগদিনা কামাখ্যাত ল'লে সেৱা - MIKA SINGH VISITS KAMAKHYA

মা কামাখ্যাৰ আশীৰ্বাদ লৈ প্ৰশংসাৰে উপচালে জুবিন গাৰ্গক । গুণগুণালে "তাতে বহি বহি ৰ'দ দে..." ।

Mika Singh visits Kamakhya
মিকা সিঙৰ কামাখ্যা দৰ্শন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 6:56 PM IST

2 Min Read

গুৱাহাটী: অসমত উপস্থিত বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিং। সোমবাৰে মা কামাখ্যা দৰ্শন বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ । লগতে খুব সোনকালে অসমত সংগীতৰ অনুষ্ঠান কৰাৰো ঘোষণা কণ্ঠশিল্পীগৰাকীৰ ।

সোমবাৰে মা কামাখ্যা ধামত উপস্থিত হয় বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিং । তৃতীয়বাৰৰ বাবে কামাখ্যা ধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস গ্ৰহণ কৰে নিজৰ একক কণ্ঠ আৰু শৈলীৰে গীত পৰিবেশন কৰি শ্ৰোতাৰ মন-মগজুত স্থান দখল কৰা বলীউডৰ তাৰকাগৰাকীয়ে ।

মিকা সিঙৰ কামাখ্যা দৰ্শন (ETV Bharat Assam)

উল্লেখ্য যে ১০ জুনত জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙৰ ওপজা দিন । কিন্তু ওপজা দিনৰ আগদিনা অৰ্থাৎ ৯ জুন, সোমবাৰে মা কামাখ্যাৰ আশিস ল'বলৈ গুৱাহাটীত উপস্থিত হয় কণ্ঠশিল্পীগৰাকী । আনহাতে, কামাখ্যা দৰ্শন কৰি অসম তথা অসমীয়া সংস্কৃতিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কণ্ঠশিল্পীগৰাকী । কামাখ্যা দৰ্শনৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ত অসমৰ লগতে জুবিন গাৰ্গৰ প্ৰসংশাতো পঞ্চমুখ হৈ পৰে মিকা সিং । লগতে খুব সোনকালে অসমত সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰো ঘোষণা কৰে কণ্ঠশিল্পীগৰাকীয়ে ।

কামাখ্যা দৰ্শনৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত কণ্ঠশিল্পীগৰাকীয়ে কয়, "ইয়ালৈ আহি বহুত ভাল লাগিছে । মই বহুত ভাগ্যৱান, তৃতীয়বাৰৰ বাবে মই মা কামাখ্যা দৰ্শন কৰিবলৈ আহিব পাৰিছোঁ । কাইলৈ ১০ জুন মোৰ ওপজা দিন । ওপজা দিনৰ আগদিনা মই কামাখ্যা দৰ্শনৰ বাবে আহিছোঁ । খুব সুন্দৰকৈ পূজা হ'ল ।"

ইফালে অসম সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীৰ মন্তব্য, "মোৰ যিটো প্ৰথম গীত 'মৌজা হি মৌজা' সেই গীতটোত 'তাতে বহি বহি ৰ'দ দে' অসমীয়া শব্দ ব্যৱহাৰ কৰা হৈছে । অসমলৈ যেতিয়াই আহোঁ বহুত মৰম পাওঁ । অক্টোবৰ-নৱেম্বৰৰ ভিতৰত অসমত এটা বহুত ডাঙৰ শ্ব' কৰিম ।"

আনহাতে, অসমৰ যুৱ প্ৰজন্মৰ হাৰ্ট-থ্ৰৱ জুবিনৰ প্ৰসংগত তেওঁ কয়, "জুবিন বহুত ভাল কণ্ঠশিল্পী । তেওঁৰ য়া আলি এতিয়াও জনপ্ৰিয় । সোনকালে অসমলৈ অহিম আৰু সকলোকে লগ পাম ।"

লগতে পঢ়ক :কলিয়াবৰত কি কৰিছে যতীন বৰাই ? - KOKA DEUTA NATI AND HATHI 2
লগতে পঢ়ক :দেশৰ চাৰিসীমা পাৰ হৈ "ভাইমন দা" ওলাইছে বিদেশলৈ - NEW ASSAMESE MOVIE BHAIMON DA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.