ETV Bharat / entertainment

মৰ্মিতাৰ সমমৰ্মিতা: ৰাজীৱ শদিয়াৰ পৰিয়াললৈ বংগকন্যাই মেলি দিলে সহায়ৰ দুহাত

ৰাজীৱ শদিয়াৰ পৰিয়াললৈ বংগকন্যা মৰ্মিতা মিত্ৰ আৰু তেওঁৰ স্বামীয়ে আগবঢ়াইছে ৫০ হাজাৰ টকাৰ সাহাৰ্য । সামাজিক মাধ্যমযোগে এই ঘোষণা প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ ।

Marmita mitra
ৰাজীৱ শদিয়া-মৰ্মিতা মিত্ৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 12, 2025 at 12:37 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : সামাজিক মাধ্যমত বংগকন্যা মৰ্মিতা মিত্ৰক লৈ চৰ্চা চলি থকাৰ মাজতে বিশিষ্ট শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সহায়ৰ হাত । মৰ্মিতা আৰু তেওঁৰ স্বামী অমিতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে ৫০ হাজাৰ টকাৰ সাহাৰ্য । সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ।

মংগলবাৰে নিশা এক ফেচবুক পোষ্ট দি নেতাগৰাকীয়ে দত্তই কয়, “পশ্চিমবংগৰ জীয়ৰী মৰ্মিতা মিত্ৰ বৰ্তমান অসমৰ এটা চিনাকি নাম । জুবিন গাৰ্গৰ গীত গাই বৰ্তমান যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে । এই মৰ্মিতা আৰু তেখেতৰ স্বামী অমিতে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ 50,000 (পঞ্চাছ হাজাৰ) টকা আগবঢ়োৱাৰ কথা আমাক অলপ আগতে মৰ্মিতাৰ স্বামী অমিতে অৱগত কৰিছে আৰু লগতে ৰাজীৱৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কৈছে যে এদিন ৰাজীৱৰ ঘৰলৈ গৈ পৰিবাৰক লগ কৰিব । মৰ্মিতা আৰু তেখেতৰ স্বামীৰ এই মহানুভৱতাক আমি চেলুট দিছো । অহা 15 তাৰিখে মৰ্মিতা অসমলৈ আহিব আৰু 16 তাৰিখে গুৱাহাটীত আমাৰ হাতত ফাউণ্ডেশ্যন বাবে 50,000 টকাৰ চেক প্ৰদান কৰিব । মৰ্মিতাৰ দৰে আমাৰ অসমৰ শিল্পী সমাজেও যি পাৰে ৰাজীৱ শদিয়া ফাউণ্ডেশ্যনলৈ সাহাৰ্য আগবঢ়োৱাৰ চিন্তা কৰকচোন । ফাউণ্ডেশ্যনটোৰ জৰিয়তে ৰাজীৱৰ পৰিয়ালটোৰ ভৱিষ্যৎ সুৰক্ষিত কৰিব পৰা যাব । এইক্ষেত্ৰত এটা কথা কৈ থও যে ফাউণ্ডেশ্যনটোৰ কৰ্তৃত্ব ৰাজীৱৰ পৰিবাৰৰ হাতত থাকিব ।”

উল্লেখ্য যে বিগত কিছু সময় ধৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে মৰ্মিতা মিত্ৰই । শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে অসমীয়া গীত এটিতো কণ্ঠ নিগৰাইছে ৷

Singer Marmita Mitra and her husband contribute Rs 50,000 to Rajib Sadiya foundation
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া (Photo : ETV Bharat Assam)

আনহাতে বছৰৰ আৰম্ভণিতে এই বছৰ অসমবাসীয়ে হেৰুৱালে জাতি-মাটিৰ গান গাই ভালপোৱা শিল্পী ৰাজীৱ শদিয়াক ৷ মঞ্চত গান গাই থাকোতেই হঠাতে অসুস্থ হৈ ঢলি পৰিছিল তেওঁ ৷ তাৰ পিছত ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে বচাব নোৱাৰিলে প্ৰাণ ৷ গণশিল্পীগৰাকীৰ আকস্মিক মৃত্যুৱে যি শূন্যতাৰ সৃষ্টি কৰিলে সেয়া অসমবাসীয়ে প্ৰতি পদে পদে অনুভৱ কৰিছে ৷

Singer Marmita Mitra and her husband contribute Rs 50,000 to Rajib Sadiya foundation
বংগকন্যা মৰ্মিতা মিত্ৰ (Singer Marmita Mitra Social Media)

মৃত্যুৰ পাছত ৰাজ্যজুৰি তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ নিতৌ গণশিল্পীগৰাকীৰ ঘৰত উপস্থিত হৈছে বিভিন্ন দল-সংগঠনৰ লোকৰ লগতে অন্যান্য অনুৰাগী ৷ পিছে দুখৰ কথাটো হ’ল যে জীৱিত অৱস্থাতে পাবলগীয়া মৰম-আদৰ-সাদৰখিনি ৰাজীৱে মৃত্যুৰ পাছতহে লাভ কৰিলে ৷

লগতে পঢ়ক : গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰে শ্ৰদ্ধাঞ্জলিৰ প্ৰস্তুতি গণশিল্পী ৰাজীৱ শদিয়াক