ETV Bharat / entertainment

সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ দেহাৱসান

ষাঠী-সত্তৰ দশকত অনেক জনপ্ৰিয় গীতেৰে দৰ্শকৰ মন জয় কৰা সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ দেহাৱসান । সোমবাৰে পুৱা নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ।

singer Bina bhagawati passes away
গায়িকা বীণা ভাগৱতীৰ দেহাৱসান (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : February 3, 2025 at 12:12 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : 'ৰহদৈ ঐ এয়া নিৰ্মলা নদীৰে ঘাট', 'উকুলি-মুকুলি কুকুলিতে খেলা', 'চেনাই মই আজিও পাহৰা নাই', 'কিয় চুচুক-চামাক কৈ', 'জীৱন ভৰা দুখৰ বোজা' আদিকে ধৰি ষাঠি-সত্তৰ দশকৰ অনেক জনপ্ৰিয় গীতেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা সুকণ্ঠী গায়িকা বীণা ভাগৱতীৰ দেহাৱসান । সোমবাৰে পুৱা ৬ বাজি ১০ মিনিটত গুৱাহাটীৰ জু-ৰোডৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে । মৃত্যুৰ সময়ত কণ্ঠশিল্পীগৰাকীৰ বয়স আছিল ৮৮ বছৰ ।

উল্লেখ্য যে বীণা ভাগৱতীৰ জন্ম হৈছিল ১৯৩৭ চনৰ ১২ ডিচেম্বৰত কামৰূপৰ পলাশবাৰী অঞ্চলত । জন্মৰে পৰা এটা সংগীতমধুৰ সাংস্কৃতিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা বীণা ভাগৱতীয়ে পাঁচ বছৰ বয়সতে তাহানিৰ 'আৱাহন'ৰ লেখক প্রয়াত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওচৰত গান শিকিবলৈ আৰম্ভ কৰে । তেওঁৰ আদিগুৰু আছিল মাতৃ আৰু মোমায়েক । মাতৃ প্ৰয়াত আনিমা গোস্বামী আৰু মোমায়েক প্রয়াত যোগেন কটকীৰ পৰাও সংগীতৰ শিক্ষা লৈ শৈশৱৰ পৰাই বিভিন্ন সভা-সমিতিত গীত গাই শিল্পী জীৱনৰ পাতনি মেলিছিল কণ্ঠশিল্পীগৰাকীয়ে । পিছলৈ তেওঁ হৰলাল বেনার্জী, জিতেন দেৱ, পৰেশ ৰায়ৰ দৰে ব্যক্তিৰ ওচৰতো সংগীতৰ শিক্ষা লয় ।

১৯৫০ চনত পঞ্চম শ্রেণীত পঢ়ি থাকোঁতেই বীণা ভাগৱতীয়ে গুৱাহাটীৰ অনাতাঁৰ কেন্দ্র যোগে 'ভকতিৰ ধূপ পুৰি যায় প্রভু...' শীর্ষক ধন দাসৰ কথাৰে গীতটো পৰিবেশন কৰি অতি কম সময়ৰ ভিতৰতে জনপ্রিয়তা অর্জন কৰে । পৰৱৰ্তী সময়ত গুৱাহাটী আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্র যোগেৰে তেওঁ আধুনিক গীত পৰিবেশন কৰে । ইয়াৰোপৰি অসমৰ বিভিন্ন প্রান্তৰ লগতে মেঘালয়, বিহাৰ আদিতো ৰাজহুৱা মঞ্চত তেওঁ আধুনিক গীত পৰিৱেশন কৰিছিল ৷ আধুনিক গীতৰ সমান্তৰালকৈ বৰগীত, ভজন, লোকগীত, বিহুসুৰীয়া গীত আদিও পৰিবেশন কৰিছিল তেওঁ ।

হাজোৰ ছোৱালী হাইস্কুল, ৰামপুৰৰ মাধৱদেৱ ছোৱালী হাইস্কুল আৰু মির্জাৰ সৰপাৰা হাইস্কুলত কিছু বছৰ শিক্ষকতা কৰা মহান কণ্ঠশিল্পীগৰাকীয়ে ঘৰুৱা অসুবিধাৰ বাবে চৰকাৰী চাকৰি এৰিবলগীয়া হৈছিল । ১৯৭৪ চনত বীণা ভাগৱতীয়ে লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ অধীনত শাস্ত্রীয় সংগীতত বিশাৰদ ডিগ্রী লাভ কৰে । লতা মংগেশকাৰৰ সান্নিধ্য লাভ কৰা বীণা ভাগৱতীক সেই সময়ত প্রভাৱিত কৰিছিল আনন্দিৰাম দাস, বীৰেন ফুকন, হেমেন হাজৰিকা, লতা মংগেশকাৰ, সুদক্ষিণা শর্মা, লক্ষহীৰা দাস, যোগেন কটকী আদিৰ দৰে সাংস্কৃতিক ক্ষেত্রৰ স্বনামধন্য গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পীসকলে । ২০০৫ বর্ষত ৰাজ্য চৰকাৰৰ শিল্পী বঁটা আৰু শিল্পী পেন্সন লাভ কৰিছিল কণ্ঠশিল্পীগৰাকীয়ে ।

লগতে পঢ়ক : প্ৰবীণ পোহৰশিল্পী সমীৰ চৌধুৰীৰ প্ৰেৰণাদায়ক যাত্ৰাক লৈ তথ্যচিত্ৰ