গৌৰৱ গগৈ ব'হাগৰ কুলি ! সীমান্ত শেখৰৰ ফেচবুক পোষ্টত ৰাইজৰ গালিৰ বৰষুণ - Simanta Shekhar slams Gaurav Gogoi
Seemanta Shekhar: জুবিন গাৰ্গৰ পুৰণি ফেচবুক পোষ্ট খুচৰি গৌৰৱ গগৈক সমালোচনা কৰি ৰাইজৰ ককৰ্থনাৰ সন্মুখীন বিজেপি সদস্য সীমান্ত শেখৰ । বিভিন্ন উপমাৰে ফেচবুকত ৰাইজে জাউৰিয়ে জাউৰিয়ে গালি বৰষিলে বিজেপি সদস্যগৰাকীক ।

Published : March 29, 2024 at 1:08 PM IST
গুৱাহাটী, 29 মাৰ্চ : অসমীয়াত এষাৰ প্ৰবচন কথা আছে লোকলৈ হুল পুতি নিজে মৰে ফুটি, এই প্ৰতিবেদনত যাৰ কথা কব খুজিছো তেওঁৰ এই স্বভাৱ কিছু আছে । মাজে সময়ে সামাজিক মাধ্যমত একো একোটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ পৰা হিচাপ নোহোৱাকৈ ককৰ্থনা লাভ কৰে তেওঁ । কিন্তু সেইবোৰলৈ তেওঁৰ ভ্ৰূক্ষেপ নাই ।
বিজেপিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি দুই এটা বিষয়ত কিবাকিবি কৈ নিজৰ গাদীখন যেন বচাই থাকিব পাৰিলেই হয় । তেওঁ আন কোনো নহয়, একালত কণ্ঠশিল্পী হিচাপে পৰিচিত হৈ পিচলৈ বিজেপিৰ পালিনেতা হিচাপেহে জনাজাত হোৱা এই ব্যক্তিগৰাকী হ'ল সীমান্ত শেখৰ ।
আগতেও ফেচবুকত কা সন্দৰ্ভত বা আন কেতবোৰ বিষয়ত মাত মাতি ৰাইজৰ পৰা ককৰ্থনা-ভর্ৎসনা লাভ কৰিলেও পুনৰ ফেচবুকত পোষ্ট কৰিছে সীমান্ত শেখৰে । বৃহস্পতিবাৰে তেওঁ 2016 চনৰ 26 মাৰ্চতে জুবিন গাৰ্গে ফেচবুকত কৰা এটা পোষ্টৰ স্ক্ৰীণ শ্বট শ্বেয়াৰ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা অসমৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক ব্যাপক সমালোচনা কৰে ।
পোষ্টটোত সীমান্ত শেখৰে লিখিছে, "প্ৰায় আঠ বছৰ আগতেই গৌৰৱ গগৈক উদ্দেশ্যি এই প’ষ্টটো দিছিল জুবিন গাৰ্গ দাই আৰু এই প’ষ্টটোৰ পৰা এটা কথাই বুজিব পাৰিলো যে আঠ বছৰতো অসমীয়া শিকিব নোৱাৰিলে গৌৰৱ গগৈয়ে । এনে অসমীয়া ভাষাটোক শুদ্ধকৈ ক’ব নজনা তথা যোৰহাটৰ চাৰিসীমা চিনি নোপোৱা বহিৰাগত প্ৰাৰ্থী ব’হাগৰ কুলি নহয় কি ?"
পিচে সীমান্ত শেখৰ সেই পোষ্টত ৰাইজৰ গালিৰ বৰষুণ পৰিবলৈ বেছি সময় নালাগিল । বিভিন্নজনে বিভিন্ন উপমা দি সমালোচনাৰে থকা-সৰকা কৰিলে বিজেপিৰ সদস্যগৰাকীক । জুবিন গাৰ্গৰ পিঠিত বন্দুক থৈ গুলি ফুটুৱা বুলি একাংশই মন্তব্য কৰিলে সীমান্ত শেখৰক ।

