পুনৰবাৰ মাতৃ হ’ল সিদ্ধু মুছেৱালাৰ মাতৃ চৰণ কৌৰ
Sidhu Moosewala Brother: পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ঘৰত পুনৰবাৰ শুনিবলৈ পোৱা গ’ল শিশুৰ কোলাহল । কাৰণ প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ মাতৃ চৰণ কৌৰে এটি পুত্ৰ সন্তান জন্ম দিছে । ছ’চিয়েল মিডিয়াত এই তথ্য নিজেই দিছে মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে । মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে নিজেই নিজৰ কণমানি সন্তানৰ ছবি ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ।

Published : March 17, 2024 at 10:16 AM IST
|Updated : March 17, 2024 at 11:04 AM IST
চিটাৰা ডেস্ক, 17 মাৰ্চ: আকৌ এবাৰ পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাৰ ঘৰত শিশুৰ কোলাহল শুনিবলৈ পোৱা গ’ল । কাৰণ প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ মাতৃ চৰণ কৌৰে এটি পুত্ৰ সন্তান জন্ম দিছে । ছ’চিয়েল মিডিয়াত এই তথ্য নিজেই দিছে মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে।
সিদ্ধু মুছেৱালাৰ পিতৃ বালকৌৰ সিঙে কণমানি পুত্ৰৰ ছবিখন শ্বেয়াৰ কৰি লিখিছে, ‘শুভদীপক ভালপোৱা লাখ লাখ আত্মাৰ আশীৰ্বাদত অনন্ত ঈশ্বৰে শুভৰ সৰু ভাতৃক আমাৰ জীৱনলৈ প্ৰেৰণ কৰিছে । ভগৱানৰ আশীৰ্বাদত পৰিয়ালটো সুস্থ হৈ আছে আৰু সকলো শুভাকাংক্ষীৰ পৰা পোৱা অপৰিসীম মৰমৰ বাবে মই কৃতজ্ঞ ।'
জনাই দিও যে, ২০২২ চনত জনপ্ৰিয় পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰা হৈছিল । সিদ্ধু মুছেৱালা আছিল তেওঁৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান । সন্তানৰ মৃত্যুৰ পিচত পিতৃ-মাতৃয়ে পৰিয়ালৰ উত্তৰাধিকাৰীৰ স্বাৰ্থত আইভিএফ কৌশলৰ জৰিয়তে গৰ্ভধাৰণৰ সিদ্ধান্ত লৈছিল । কৌশলটো হ’ল In Vitro Fertilization যাক চমুকৈ IVF বুলিও কোৱা হয় ৷ যিসকল মহিলাই প্ৰাকৃতিকভাৱে গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়, তেওঁলোকৰ বাবে এই পদ্ধতি ব্যৱহাৰ কৰি শিশুৰ জন্ম দিয়া হয় ৷ এই চিকিৎসাৰ সময়ত মহিলাগৰাকীৰ ডিম্বাশয় আঁতৰাই লেবত নিষেচন কৰা হয়, কাৰণ তেওঁৰ নিজৰ শৰীৰে এই কাম কৰিবলৈ সক্ষম নহয় ৷
ইফালে, সিদ্ধুৰ ভাতৃৰ জন্মৰ খবৰ ওলোৱাৰ লগে লগে মুছেৱালাৰ অনুৰাগীৰ মাজত সুখৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে । উক্ত প্ৰতিবেদনটি লিখা হোৱা সময়লৈকে সিদ্ধুৰ পিতৃৰ এই পোষ্টটোৱে প্ৰায় ২ লাখ লাইক আৰু ৩৫০০ৰো অধিক লোকে কমেণ্ট কৰি পৰিয়ালটিলৈ অভিনন্দন জ্ঞাপন কৰিছে ।
উল্লেখযোগ্য যে, ২০২২ চনৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাত বিখ্যাত পাঞ্জাবী কণ্ঠশিল্পী শুভদীপ সিং সিদ্ধু ওৰফে সিধু মুছৱালাক গুলীয়াই হত্যা কৰা হয় । আৰক্ষীৰ তথ্য অনুসৰি সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডত মহিন্দ্ৰা বলেৰো আৰু টয়োটা ক’ৰ’লা নামৰ দুটা মডিউল ব্যৱহাৰ কৰা হৈছিল । এই হত্যাকাণ্ডৰ দায়িত্ব লৈছিল গোল্ডি ব্ৰাৰ আৰু লৰেন্স বিষ্ণোৱে ।
লগতে পঢ়ক: ৫৮ বছৰ বয়সত গৰ্ভধাৰণ সিদ্ধু মুছেৱালাৰ মাতৃ, আইভিএফ চিকিৎসাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া জানেনে ?

