চিটাৰা ডেস্ক, ১৪ মাৰ্চ: অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে সিদ্ধাৰ্থ মালহোত্ৰাৰ ছবি ‘যোদ্ধা’ৰ বাবে । অৱশ্যে এতিয়া মুক্তিৰ বাবে সাজু হৈছে ‘যোদ্ধা’ । ইফালে মুক্তিৰ পূৰ্বে সিদ্ধাৰ্থ আৰু যোদ্ধাৰ সমগ্ৰ টিম ছবিখনৰ প্ৰচাৰৰ কামত ব্যস্ত হৈ পৰিছে । যোদ্ধা ছবিখনত সিদ্ধাৰ্থৰ সৈতে মুখ্য চৰিত্ৰত দেখা যাব দিশা পাটানি আৰু ৰাশি খান্নাক । ছবিখনৰ প্ৰচাৰত ব্যস্ত সিদ্ধাৰ্থই শেহতীয়াকৈ ইক'নমি ক্লাছত ভ্ৰমণ কৰিছিল । বিজনেছ ক্লাছ এৰি সিদ্ধাৰ্থই ইক'নমি ক্লাছত ভ্ৰমণ কৰিছিল, যাৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
ভাইৰেল হোৱা ভিডিঅ’টোত সিদ্ধাৰ্থ মালহোত্ৰাই মুখত মাস্ক পৰিধান কৰি নিজৰ আসনৰ ফালে খোজ দিয়া দেখা গৈছে । যোদ্ধাৰ কমিক বুক উন্মোচনৰ বাবে ইন্দোৰলৈ গৈছিল সিদ্ধাৰ্থ । ইন্দোৰৰ পৰা ইক'নমি ক্লাছত উভতি আহিছে সিদ্ধাৰ্থ ।
অনুৰাগীৰ প্ৰতিক্ৰিয়া
সিদ্ধাৰ্থ ভাইৰেল হোৱা এই ভিডিঅ’টোত অনুৰাগীয়ে মন্তব্য কৰিছে । এজনে লিখিছে- বৰ মৰমলগা । আনহাতে আন এজনে লিখিছে - বাহ ৷ ইফালে বহু অনুৰাগীয়ে ভিডিঅ’টোত হাৰ্ট ইমোজি পোষ্ট কৰিছে ।
যোৱা সপ্তাহত যোদ্ধা ছবিৰ নতুন গীত তেৰে চাং মুক্তি পাইছিল । এই গীতটোত সিদ্ধাৰ্থ মালহোত্ৰা আৰু ৰাশী খান্নাই ৰোমাঞ্চ কৰা দেখা গৈছিল । অনুৰাগীয়ে এই দুজনৰ কেমিষ্ট্ৰী খুব ভাল পাইছে । এই গীতটিত কণ্ঠদান কৰিছে অৰিজিত সিঙে ।
যোদ্ধাৰ কথা ক’বলৈ গ’লে ১৫ মাৰ্চত ছবিগৃহত মুক্তি পাব । ছবিখনত সৈনিকৰ চৰিত্ৰত দেখা যাব সিদ্ধাৰ্থক । ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিচৰে পৰা অনুৰাগীৰ মাজত ছবিখনৰ লৈ ব্যাপক উচাহ দেখা গৈছে ৷
ৱৰ্কফ্ৰণ্টৰ কথা ক’বলৈ সিদ্ধাৰ্থক শেষবাৰৰ বাবে ইণ্ডিয়ান ইয়াৰ ফ’ৰ্চত শিল্পা শ্বেট্টী আৰু বিবেক অবেৰয়ৰ সৈতে দেখা গৈছিল । ৰোহিত শ্বেট্টীয়ে নিৰ্মাণ কৰা ছিৰিজখন Amazon Prime ত মুক্তি পাইছিল ।
লগতে পঢ়ক: শ্বাহৰুখ খানৰ আইকনিক পোজ অনুসৰণ কৰিলে হলিউডৰ ছুপাৰষ্টাৰ এড শ্বীৰাণে