ETV Bharat / entertainment

ক'ত ক'ত শ্বুটিং চলিছে ৰবি শৰ্মাৰ ছবি 'মোক্ষ'ৰ

অভিনেতা ৰবি শৰ্মাৰ কাহিনীৰে শীঘ্ৰেই আহি আছে অসমীয়া ছবি 'মোক্ষ' । শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে ।

Shooting of Ravi Sharma's new film 'Moksh' is in full swing
ক'ত ক'ত শ্বুটিং চলিছে ৰবি শৰ্মাৰ ছবি 'মোক্ষ'ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 21, 2025 at 5:44 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: এখন আহিবলগীয়া ছবি 'মোক্ষ'ক লৈ বৰ্তমান খলকনি উঠিছে সামাজিক মাধ্যমত । শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে নিৰ্মাতাগোষ্ঠীয়ে । বৰ্তমানলৈ গুৱাহাটী মহানগৰীৰ লগতে ৰাণী, সোণাপুৰ আৰু মেঘালয়ত হ'বলগীয়া দৃশ্যগ্ৰহণ সম্পূৰ্ণ হৈছে । সমান্তৰালভাৱে সকলো ঠিকেই থাকিলে চলিত মাহত ছবিখনৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণ সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ছবিখনৰ নিৰ্মাতাগোষ্ঠীয়ে ।

চলিত বৰ্ষৰ শেষৰ ভাগত ছবিগৃহত মুক্তি লাভৰ সম্ভাৱনা আছে ছবিখনৰ । অসমীয়া ছবিজগৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ কাহিনীৰে মুক্তিপোৱা প্ৰথমখন অসমীয়া ছবি 'শ্ৰী ৰঘুপতি'ৰ অপাৰ সফলতাৰ পাছত অসমীয়া ছবিজগতত অভিনেতা ৰবি শৰ্মাৰ আন এক সংযোজন 'মোক্ষ' । ছবিখন অসমীয়া আছিল যদিও ৰবি শৰ্মাই ইয়াৰ নাম দিছে সংস্কৃতত ।

Shooting of Ravi Sharma's new film 'Moksh' is in full swing
শ্বুটিঙত ব্যস্ত ৰবি শৰ্মা (ETV Bharat Assam)

ছবিখনৰ কাহিনী অভিনেতাগৰাকীৰ । এছ এইচ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখন পৰিচালনা কৰিছে মিৰ্জা আৰিফ হাজৰিকাই । আনহাতে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাই । লগতে ছবিখনত অভিনয় কৰিব মৃদুল চুতীয়া, সঞ্জীৱ হাজৰিকা, বিভাষ চক্ৰৱৰ্তী, প্ৰিয়ম পল্লৱী, সিদ্ধাৰ্থ মুখাৰ্জী আদিকে ধৰি বহু নবীন-প্ৰবীণ অভিনেতাই ।

Shooting of Ravi Sharma's new film 'Moksh' is in full swing
পৰিচালক মিৰ্জা আৰিফ হাজৰিকাৰ সৈতে ৰবি শৰ্মা (ETV Bharat Assam)

ছবিখনৰ সংগীত প্ৰণয় দত্তৰ । কাৰিকৰী পৰিচালনাত থাকিব ঝুলন কৃষ্ণ মহন্ত । প্ৰায় দুই দশকজুৰি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৰ সৈতে জড়িত থাকি নিৰলসভাৱে এই উদ্যোগটোৰ উত্থানৰ বাবে প্ৰয়াস কৰি যোৱা অভিনেতা ৰবি শৰ্মাই অসমবাসীলৈ 'শ্ৰী ৰঘুপতি'ৰ উপহাৰ দি অসমীয়া ছবি উদ্যোগটোত যি টাৰ্নিং পইণ্ট আনিলে সেয়া সকলোৱে অৱগত । তেওঁৰ প্ৰথমখন ছবি 'শ্ৰী ৰঘুপতি'ৰ বক্স অফিচ কালেকচন আছিল ১৩.৮১ কোটি টকা । তাৰ পাছতে তেওঁৰ দ্বিতীয়খন ছবিৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল দৰ্শকে ।

Shooting of Ravi Sharma's new film 'Moksh' is in full swing
মোক্ষৰ অভিনয়ত ব্যস্ত কলা-কুশলী (ETV Bharat Assam)

লগতে পঢ়ক: ‘মোক্ষ’, ৰবি শৰ্মা-শৰৎ ছাক্সেনাৰ যুটিয়ে দিব অনন্য সোৱাদ - RAVI SARMA SARAT SAXENA NEW FILM

স্ক্ৰীপ্ট লিখাৰ ১৯ বছৰৰ পিছত ৰবি শৰ্মাই লৈ আহিছে সংস্কৃত শিৰোনামেৰে এখন অসমীয়া চিনেমা - RAVI SARMAS NEW FILM MOKSH