কলিয়াবৰ: ওচৰে-পাঁজৰে থকা সকলো লোকেই আগবাঢ়ি গৈছে, পঢ়া-শুনা, চাকৰি-ব্যৱসায় সকলো আছে, হাঁহি-ধেমালি, আনন্দ-স্ফুৰ্তি সকলো আছে । কিন্তু আমাৰ কিয় নাই, কিয় আমি পিছপৰি আছো ? চাহ বাগিচাত ডাঙৰ-দীঘল হোৱা শিশুৰ মনত জাগৃত হোৱা এনে বহু প্ৰশ্নৰ উত্তৰ বিচাৰি কলিয়াবৰ চাহ বাগিচাত এদল যুৱক-যুৱতীৰ ব্যস্ততা । এই ব্যস্ততা নিৰ্মিয়মাণ এখন ছবিৰ । চাহ বাগিচাৰ পটভূমিক লৈ এইবাৰ ছবি নিৰ্মাণত ব্যস্ত গুৱাহাটীৰ এদল শিক্ষাৰ্থী ।
পৰিচালনাৰ পৰা অভিনয়, দৃশ্যগ্ৰহণ, পোহৰ, সাজ-সজ্জা, ৰূপসজ্জাকে ধৰি সকলো কাম কৰিছে এদল শিক্ষাৰ্থীয়ে । বৃটিছ যুগত ১৯৪০ চনত স্থাপিত ইতিহাস বিজড়িত কলিয়াবৰ চাহ বাগিচাত ছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত গুৱাহাটীৰ এদল শিক্ষাৰ্থী । কলিয়াবৰ চাহ বাগিচাত চলিছে 'ঢুৰীয়া-পাৰ'ৰ চিত্ৰগ্ৰহণ ।
ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠানৰ ২১ সংখ্যক বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বিদ্যায়তনিক উৎকৰ্ষৰ পৰিচয় বহন কৰা 'ঢুৰীয়া-পাৰ' নামৰ ছবিখনৰ চিত্ৰগ্ৰহণ সমাপন কলিয়াবৰ চাহ বাগিচাত । চাহ বাগিচাৰ শ্ৰমিক, শিশু, চাহ বাগিচাৰ পৰিৱেশক লৈ নিৰ্মিত ছবিখনৰ মুখ্য পৰিচালক পল্লৱ ৰাজবংশী । প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থী পল্লৱ ৰাজবংশীৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে ঢুলীয়া পাৰৰ চিত্ৰগ্ৰহণ কৰিছে শুভ্ৰজ্যোতি দাস আৰু প্লাৱনজ্যোতি খাৰঘৰীয়াই ।

পোহৰ প্ৰমোদ দাসৰ, শব্দগ্ৰহণত আছে অবিনাশ শইকীয়া, মাধূৰ্য দাস, কলা আৰু সাজ-সজ্জা প্ৰদ্যুৎপল ৰাভাৰ, প্ৰযোজনা নিয়ন্ত্ৰণ ধ্ৰুৱজ্যোতি শৰ্মাৰ । লগতে প্ৰায় চল্লিশজনীয়া এই শিক্ষাৰ্থীৰ দলটো সমগ্ৰ প্ৰযোজনাটোৰ লগত দিনে-নিশাই জড়িত হৈ পৰিছে । ছবিখনৰ সম্পাদনাৰ লগতে আন আনুসংগিক কাম মুম্বাইত সম্পন্ন কৰা হ'ব বুলি পৰিচালকে জনায় । প্ৰতিষ্ঠানটোৰ তিনিবছৰীয়া পাঠ্যক্ৰমৰ অন্তত শিক্ষাৰ্থীসকলে কিনো শিকিলে, তাৰ অভিজ্ঞতাৰে নিৰ্মিত এই ছবিখনৰ কাহিনীভাগ শিশুৰ দৃষ্টিকোণেৰে আগবাঢ়িব ।
এই সন্দৰ্ভত পৰিচালক পল্লৱ ৰাজবংশীয়ে কয়, "এই ছবিখন নিৰ্মাণত আমাৰ বৰ্ষৰ সকলো শিক্ষাৰ্থীয়ে নিজৰ শ্ৰেষ্ঠতম উজাৰি দিছে । পূৰ্বৰ দৰে আমাৰ এই ছবিখনেও যাতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াই আনি ড৹ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী ফিল্ম আৰু টেলিভিছন প্ৰতিষ্ঠানৰ মৰ্যাদা বৃদ্ধি কৰে তাৰেই কামনা কৰো । ছবিখনত অভিনয় কৰিছে দেৱজিৎ তাঁতী, দেৱৰাজ প্ৰধান আৰু প্ৰণালী তাঁতীয়ে । গুৱাহাটীৰ ধনঞ্জয় দেৱনাথ আৰু অজন্তা হাজৰিকাই দুটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে ।"
তদুপৰি, স্থানীয় কলিয়াবৰ চাহ বাগিচাৰ ঝুমুৰ দল আৰু কেইবাগৰাকীও কুশলীয়ে অভিনয় কৰিছে । ‘ঢুৰীয়া পাৰ’ৰ শুভ মহুৰত অনুষ্ঠানত উপস্থিত থাকে সাংস্কৃতিককৰ্মী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুৰুলী বৰা, সাংস্কৃতিক তথা সংবাদকৰ্মী ৰূপজ্যোতি গোস্বামী, আশীষ কুমাৰ শইকীয়া আৰু অভিজিৎ হাজাৰী ।