ETV Bharat / entertainment

শ্বেফালী জাৰিৱালাৰ মৃত্যু: খালী পেটত ঔষধ খোৱাৰ ফলত ৰক্তচাপ কমি যোৱাৰ সন্দেহ আৰক্ষীৰ

আৰক্ষীৰ মতে শ্বেফালী জাৰিৱালাৰ আকস্মিক মৃত্যুৰ কাৰণ হ’ব পাৰে খালী পেটত একাধিক ঔষধ খোৱাৰ পিছত ৰক্তচাপ হ্ৰাস পোৱা ।

SHEFALI JARIWALA DEATH REASON
শ্বেফালী জাৰিৱালাৰ আকস্মিক মৃত্যু (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : July 1, 2025 at 5:01 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : হিট মিউজিক ভিডিঅ’ কাঁটা লগাৰে খলকনি তোলা অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ যোৱা ২৭ জুনৰ নিশা ৪২ বছৰ বয়সত মৃত্যু হয় । সোমবাৰে পি টি আইক তেওঁৰ মৃত্যুৰ তদন্ত কৰা আৰক্ষী বিষয়াসকলে জনোৱা অনুসৰি, খালী পেটতে একাধিক ঔষধ সেৱন কৰাৰ পিছত ৰক্তচাপ তীব্ৰভাৱে হ্ৰাস পোৱাৰ বাবেই তেওঁৰ আকস্মিক মৃত্যু হ’ব পাৰে ।

খবৰ অনুসৰি, শ্বেফালীয়ে সেইদিনা ব্ৰত ৰাখিছিল কাৰণ তেওঁ ঘৰত পূজা কৰিছিল । তেওঁ কেইবাবিধো ঔষধ খাইছিল আৰু সম্ভৱতঃ এণ্টি এজিঙৰ বেজীও লৈছিল । এই সংমিশ্ৰণৰ ফলত হয়তো তেওঁৰ ৰক্তচাপ বহু পৰিমাণে হ্ৰাস পায় । নিশা প্ৰায় ১১:১৫ বজাত স্বামী অভিনেতা পৰাগ ত্যাগীয়ে ততাতৈয়াকৈ তেওঁক আন্ধেৰীৰ বেলভিউ মাল্টিস্পেচিয়েলিটি হাস্পতাললৈ লৈ যায় । দুৰ্ভাগ্যজনকভাৱে হাস্পতালত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।

শনিবাৰে দিনৰ ১ বজাত চিকিৎসালয়খনে আৰক্ষীক জনোৱাৰ পিছতে তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় । প্ৰাথমিক তথ্য অনুসৰি, এতিয়ালৈকে কোনো ধৰণৰ হিংসাৰ দৰে ঘটনাৰ সন্দেহ কৰা হোৱা নাই । আম্বলি আৰক্ষীয়ে আকস্মিক মৃত্যুৰ প্ৰতিবেদন পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে । এতিয়ালৈকে তেওঁৰ স্বামী, পিতৃ-মাতৃ আৰু গৃহ সহায়ককে ধৰি ১০ জন ব্যক্তিৰ পৰা বক্তব্য লোৱা হৈছে - যিসকল এই কাণ্ডৰ সময়ত ঘৰতে আছিল ।

ফৰেনছিক বিশেষজ্ঞ আৰু আৰক্ষী বিষয়াই তেওঁৰ ঘৰলৈ গৈ ঔষধৰ নমুনা আৰু তেওঁ লোৱা বেজী উদ্ধাৰ কৰে । ঔষধ, শেহতীয়াকৈ লোৱা বেজী আৰু উপবাসৰ সংমিশ্ৰণৰ ফলত তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে বুলি কৰ্তৃপক্ষই অনুমান কৰিছে ।

লগতে পঢ়ক : ‘যেতিয়া মই মৰিম...’ শ্বেফালী জাৰিৱালাই প্ৰকাশ কৰিছিল শেষ ইচ্ছা