এটা প্ৰজেক্ট যিটোতকৈ ডাঙৰ একোৱেই নাই শৰ্বাৰী ৱাগৰ বাবে - sharvari wagh new project
Sharvari Wagh Alpha : শৰ্বাৰী ৱাগে আলিয়া ভাটৰ সৈতে এটা নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিছে ৷ এই প্ৰকল্পটোৰ বাবে শৰ্বাৰী ইমানেই উদ্বিগ্ন যে ইয়াতকৈ ডাঙৰ একোৱেই নহয় বুলি মন্তব্য কৰিছে তেওঁ ৷

By ETV Bharat Entertainment Team
Published : July 30, 2024 at 1:46 PM IST
চিটাৰা ডেস্ক, 30 জুলাই : আলিয়া ভাটৰ পিচত এতিয়া শৰ্বাৰী ৱাগে যশ ৰাজ বেনাৰৰ প্ৰথম মহিলা মুখ্য গুপ্তচৰ একশ্যন ছবি 'আলফা'ৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে । শৰ্বাৰীয়ে শ্বুটিং ছেটৰ পৰা নিজৰ আৰু পৰিচালকৰ এখন ফটো শ্বেয়াৰ কৰিছে ।
শ্বাহৰুখ খান, ছলমান খান, হৃত্বিক ৰোশনৰ দৰে শক্তিশালী অভিনেতাৰ পিচত এতিয়া যশ ৰাজ স্পাই ইউনিভাৰ্চে একশ্যন জগতত এগৰাকী মহিলা অভিনেত্ৰীক চিনাকি কৰাই দিয়াৰ সিদ্ধান্ত লৈছে । যশ ৰাজে আলিয়া ভাট আৰু শৰ্বাৰী ৱাগৰ সৈতে নিজৰ বেনাৰত প্ৰথমখন মহিলা চোৰাংচোৱা একশ্যন ছবি ‘আলফা’ নিৰ্মাণ কৰিছে ।
ইতিমধ্যে ঘোষণা কৰা হৈছে আলিয়া আৰু শৰ্বাৰীৰ চোৰাংচোৱা একশ্যন ছবি ‘আলফা’ । শেহতীয়াকৈ আলিয়া ভাটক এই ছবিখনৰ শ্বুটিং কৰা দেখা গৈছিল । এতিয়া ছবিখনৰ দ্বিতীয়গৰাকী মহিলা নায়িকা শৰ্বাৰী ৱাগে আজি 30 জুলাইৰ পৰা ছবিখনৰ শ্বুটিং আৰম্ভ কৰিছে ।
আলিয়া ভাটৰ পিচত শৰ্বাৰীয়ে আৰম্ভ কৰে শ্বুটিং
শেহতীয়াকৈ 100 কোটি টকা উপাৰ্জন কৰা 'মুঞ্জ্যা' বোলছবিখনত দেখা পোৱা শৰ্বাৰী ৱাগে 30 জুলাইত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন ফটো শ্বেয়াৰ কৰিছে । এই ছবিখন আলফা চলচ্চিত্ৰখনৰ শ্বুটিং ছেটৰ পৰা লোৱা হৈছে, য'ত অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ প্ৰযোজক আদিত্য চোপ্ৰা আৰু পৰিচালক শিৱ ৰাৱাইলক ধন্যবাদ জনাইছে ।
এই পোষ্টটো শ্বেয়াৰ কৰি শৰ্বাৰীয়ে লিখিছে, ‘‘ইয়াতকৈ ডাঙৰ একো হ'ব নোৱাৰে, মই আজিৰ পৰা মোৰ আলফা যাত্ৰা আৰম্ভ কৰিবলৈ অতি উৎসাহিত, বিশ্বাস কৰক, মই এই মুহূৰ্তটোক লৈ অতি উৎসাহিত ।’’
আলিয়াই ইতিমধ্যেই আৰম্ভ কৰিছে ছবিখনৰ শ্বুটিং
শেহতীয়াকৈ আলিয়া ভাটৰ ‘আলফা’ৰ ছেটৰ পৰা কিছুমান ছবি দেখিবলৈ পোৱা গৈছিল, য’ত বলীউডৰ ‘গংগুবাই’ক একশ্যন অৱতাৰত দেখা গৈছিল । উল্লেখ্য যে, যোৱা 5 জুলাইত আদিত্য চোপ্ৰাই প্ৰথমখন মহিলা মুখ্য একশ্যন ছবি ‘আলফা’ৰ কথা ঘোষণা কৰিছিল ।
এটা টিজাৰো লগত আপলোড কৰা হৈছিল, য’ত আলিয়া ভাটে কয়, ‘‘সকলোতকৈ আগত, সকলোতকৈ বেগী, সকলোতকৈ বলবান, ভালদৰে চালে প্ৰতিখন চহৰতে এখন অৰণ্য দেখা যায় আৰু আলফাই এই অৰণ্যত শাসন কৰে ।’’ এই টিজাৰত আলিয়া ভাট আৰু শৰ্বাৰী ৱাগৰ নামো দেখা যায় । অৱশ্যে ছবিখন কেতিয়ালৈ মুক্তি দিয়া হ’ব সেই সন্দৰ্ভত কোনো তথ্য দিয়া হোৱা নাই ।
লগতে পঢ়ক : IMDb ৰ জনপ্ৰিয় ভাৰতীয় চেলেব্ৰিটীৰ তালিকাৰ শীৰ্ষত কোন ? - IMDb Popular Indian Celebrities

