ETV Bharat / entertainment

35 বছৰৰ পিছত টিভিৰ পৰ্দালৈ উভতি আহি আছে শ্বাহৰুখ খানৰ ছিৰিয়েল

Shah Rukh khan Fauji : ফৌজী 2 ঘোষণা কৰা হৈছে । প্ৰযোজক হিচাপে আছে সন্দীপ সিং । ইয়াৰ ষ্টাৰকাষ্ট আৰু পৰিচালকৰ বিষয়ে জানো আহক।

Shah Rukh khan's serial Fauji sequel Fauji 2 announced After 35 years, Vicky Jain and Gauahar Khan to play lead Watch Motion Poster
ফৌজী 2 ঘোষণা (Poster/IANS)
author img

By ETV Bharat Entertainment Team

Published : October 15, 2024 at 1:21 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 15 অক্টোবৰ : বলীউডৰ ‘বাদশ্বাহ’ শ্বাহৰুখ খানৰ জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ফৌজী’ আজিও সকলোৰে স্পষ্টকৈ মনত আছে । সেই সময়ত কিন্তু শ্বাহৰুখ খানক কোনেও চিনি পোৱা নাছিল ৷ কোনেও ভবাও নাছিল যে শ্বাহৰুখ খান ফৌজীৰ দৰে এখন ধাৰাবাহিক কৰি এদিন ইমান ডাঙৰ তাৰকা হ’ব । সামৰিক ধাৰাবাহিকখন 35 বছৰ আগতে সম্প্ৰচাৰ হৈছিল আৰু আজি 15 অক্টোবৰত ফৌজী 2 ঘোষণা কৰা হৈছে । সন্দীপ সিঙে 'ফৌজী 2' বনাবলৈ সাজু হৈছে । চলচ্চিত্ৰখনৰ ষ্টাৰকাষ্ট আৰু পৰিচালকৰ বিষয়ে জানো আহক ।

ফৌজী 2 ৰ তাৰকামণ্ডলী

ফৌজী 2 ৰ বাবে ৰাষ্ট্ৰীয় সম্প্ৰচাৰক দূৰদৰ্শনৰ সৈতে সহযোগিতা আগবঢ়াইছে চলচ্চিত্ৰ নিৰ্মাতা সন্দীপ সিঙে । বিকী জৈন আৰু গৌহৰ খানক ফৌজী 2 ত মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব । ইয়াৰ উপৰিও ফৌজী 2 ৰ জৰিয়তে 12 জন তাৰকাই অভিনয়ৰ জগতখনত প্ৰৱেশ কৰিবলৈ ওলাইছে । ইয়াত আশীষ ভৰদ্বাজ, উৎকৰ্ষ কোহলী, ৰুদ্ৰ ছোনী, অমৰদ্বীপ ফোগাট, আয়ান মনচন্দা, নীল সতগুপ্ত, সুবংশ ধৰ, প্ৰিয়াংশু ৰাজগুৰু, অমন সিং দীপ, উদিত কাপুৰ, মানশী আৰু সুষ্মিতা ভাণ্ডাৰী আদি তাৰকাৰ নাম সন্নিবিষ্ট কৰা হৈছে ।

কোনে নিৰ্মাণ কৰিব ফৌজী 2 ?

চনু নিগমে ফৌজী 2 ত কণ্ঠদান কৰিব । একে সময়তে, শ্ৰেয়স পুৰাণিকৰ সংগীত থাকিব আৰু ধাৰাবাহিকখনত শৰদ কেলকাৰৰ কণ্ঠস্বৰ থাকিব । ফৌজী 2 প্ৰযোজনা কৰিছে সন্দীপ সিং, বিকি জৈন, জাফৰ মেহেন্দি আৰু সমীৰ হালিমে । ফৌজী 2 পৰিচালনা কৰিব অভিনৱ পাৰেকে । ইয়াৰ আগতে, অভিনৱে সব মোহ মায়া হে আৰু এ ৱেডিং ষ্ট’ৰীৰ কাহিনী নিৰ্মাণ কৰিছে । ফৌজী 2 ত নিশান্ত চন্দ্ৰশেখৰক পৰিচালক হিচাপে দেখুওৱা হ'ব আৰু অনুষ্ঠানটো দূৰদৰ্শনত সম্প্ৰচাৰ কৰা হ'ব, কিন্তু শ্বাহৰুখ খান ইয়াত থাকিব নে নাই সেই বিষয়ে কোনো তথ্য এতিয়ালৈকে সদৰী কৰা হোৱা নাই।

উল্লেখ্য যে, ফৌজী 1989 চনত সম্প্ৰচাৰিত হৈছিল, য’ত শ্বাহৰুখ খানে অভিমন্যু ৰায় নামৰ এজন কনিষ্ঠ সৈনিকৰ চৰিত্ৰত অভিনয় কৰিছিল । 1988 চনত টিভিৰ জগতখনত প্ৰৱেশ কৰিছিল শ্বাহৰুখ খানে । আনহাতে, শ্বাহৰুখ খানৰ প্ৰথমখন ছবি দীৱানা 1992 চনত মুক্তি পাইছিল । তেতিয়াৰ পৰা শ্বাহৰুখ খানে আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল ।

লগতে পঢ়ক : শ্বাহৰুখে নাকচ কৰিছিল লাল সিং চাড্ডাৰ অফাৰ - SRK on Aamir khan movie