ETV Bharat / entertainment

মেট গালা ২০২৫ত অভিষেক ঘটাব শ্বাহৰুখ খানে ! আন্তঃৰাষ্ট্ৰীয় ৰেড কাৰ্পেটত ‘বাদশ্বাহ’ক চাবলৈ উৎফুল্লিত অনুৰাগী - SHAH RUKH KHAN AT MET GALA 2025

সামাজিক মাধ্যমত এটা ডাঙৰ ইংগিত পোৱাৰ পিছত মেট গালা ২০২৫ ৰ ৰেড কাৰ্পেটত শ্বাহৰুখ খানক চাবলৈ উৎকণ্ঠিত হৈ আছে অভিনেতাগৰাকীৰ অনুৰাগীসকল ।

SHAH RUKH KHAN
শ্বাহৰুখ খান (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : April 11, 2025 at 2:25 PM IST

2 Min Read

হায়দৰাবাদ: প্ৰতি বছৰে ফেশ্বন জগতখনে আগ্ৰহেৰে অপেক্ষা কৰি থাকে আটাইতকৈ সন্মানীয় আৰু গ্লেমাৰাছ অনুষ্ঠান দ্য মেট গালালৈ । বিগত কেইবছৰমানৰ পৰা বলীউডৰ বহু অভিনেতা-অভিনেত্ৰীয়ে এই আন্তঃৰাষ্ট্ৰীয় ৰেড কাৰ্পেটত নিজৰ উপস্থিতি নিশ্চিত কৰিছে । প্ৰিয়ংকা চোপ্ৰা, আলিয়া ভাটৰ পৰা আৰম্ভ কৰি দীপিকা পাডুকন আৰু ঈশা আম্বানীলৈকে সকলোৱে ৰেড কাৰ্পেটত খোজ কাঢ়ি ভাৰতক গৌৰৱান্বিত কৰিছে । এতিয়া এইবাৰৰ আটাইতকৈ চৰ্চিত বিষয়টো হ’ল হয়তো শ্বাহৰুখ খানে এইবাৰ মেট গালাত অভিষেক ঘটাব পাৰে । এই বিষয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ মাজত বহু আলোচনা দেখিবলৈ পোৱা গৈছে ৷ তেওঁলোক কিয় ইমান উৎসাহিত জানো আহক-

মেট গালাত অভিষেক ঘটাবনে শ্বাহৰুখে ?

বলীউডৰ কিং শ্বাহৰুখ খানে নিজৰ উপস্থিতিৰে যিকোনো অনুষ্ঠান পোহৰাই তোলে । ছবিয়েই হওক বা অনুষ্ঠানেই হওক, শ্বাহৰুখ নিজৰ অনুৰাগীৰ হৃদয় জয় কৰাত পাৰ্গত ৷ সম্প্ৰতি বিখ্যাত ফেশ্বন ৱৰ্ল্ড ইভেণ্ট মেট গালা ২০২৫ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে আৰু ভাৰতীয় অনুৰাগীৰ বাবে আটাইতকৈ ৰোমাঞ্চকৰ কথাটো হ’ল যে হয়তো শ্বাহৰুখ খান এইবাৰ ইয়াৰ অংশ হ’ব পাৰে । অনুৰাগীসকল উৎকণ্ঠিত হোৱাৰ কাৰণটো হ’ল এটা ইনষ্টাগ্ৰাম পোষ্ট ।

পোষ্টটোত কোৱা হৈছে, “নিজৰ ক্ষেত্ৰৰ দুগৰাকী কিংবদন্তী - এজন কিংবদন্তী বলীউডৰ ছুপাৰষ্টাৰ আৰু আনজন আমাৰ প্ৰজন্মৰ আটাইতকৈ ডাঙৰ ডিজাইনাৰ, তেওঁলোক মেট গালা ২০২৫ৰ অভিষেকৰ বাবে একত্ৰিত হৈছে । ইতিহাস ৰচনা হ’বলৈ গৈ আছে ।”

অনুৰাগীসকল উত্তেজিত

এই পোষ্টটো ভাইৰেল হোৱাৰ কিছু সময়ৰ পিছতে অনুৰাগীয়ে কমেণ্ট ছেকশ্যনত জল্পনা-কল্পনা কৰিবলৈ আৰম্ভ কৰে । পোষ্টটোত কাৰো নাম উল্লেখ কৰা নাছিল কিন্তু বেছিভাগেই বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ কথাই অনুমান কৰে ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, “SRK x Sabya, কি কথা, বিশ্বাস কৰিব পৰা নাই ।” আন এজনে লিখিছে, “শ্বাহৰুখ x সব্য নহ’লে এই পোষ্টটো চাব নিবিচাৰো ।” আন এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে, “গতিকে স্পষ্টভাৱে শ্বাহৰুখ আৰু ফেশ্বন ৰজা হৈছে সব্য ।”

খবৰ অনুসৰি, এই সন্মানীয় ফেশ্বন ইভেণ্টত অভিষেক ঘটাব মাতৃ হ’বলৈ ওলোৱা কিয়াৰা আদৱানীয়েও । এইবাৰৰ মেট গালা অনুষ্ঠান ২০২৫ চনৰ ৫ মে’ত নিউয়ৰ্কৰ মেট্ৰ’পলিটান মিউজিয়াম অফ আৰ্টত অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : সপোনৰ পম খেদি মহাবাহু ব্ৰহ্মপুত্ৰত নাও লৈ যাত্ৰা পাপনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.