চিটাৰে জমীন পৰৰ ছেটত কিং খানৰ ছাৰপ্ৰাইজ, তাৰপিছৰ পৰিৱেশ কি নিজেই চাওক…
সকলোকে আচৰিত কৰি আকস্মিকভাৱে ‘‘চিটাৰে জমীন পৰ’’ ৰ ছেটত উপস্থিত শ্বাহৰুখ খান ৷ চাওক ২ মিনিট ৩৮ ছেকেণ্ডৰ এই বিশেষ মুহূৰ্তৰ ভিডিঅ’টো -

By ETV Bharat Entertainment Team
Published : June 19, 2025 at 11:27 AM IST
হায়দৰাবাদ: আমিৰ খানৰ আগন্তুক ক্ৰীড়াভিত্তিক হাস্যমধুৰ ছবি ‘চিটাৰে জমীন পৰ’ ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ৷ তিনি বছৰৰ মূৰত এই ছবিখনেৰে আমিৰ খান বিগ স্ক্ৰীণলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে । মুক্তিৰ পূৰ্বেই অনুৰাগীসকলৰ মাজত ছবিখনক লৈ চলিছে চৰ্চা ৷
এতিয়া মাথো ছবিখনৰ মুক্তিলৈ মাজত আছে কেইটামানহে ক্ষণ ৷ কিন্তু তাৰ পূৰ্বে ‘চিটাৰে জমীন পৰ’ ৰ ছেটত আকস্মিকভাৱে এনে এক ঘটনা ঘটে, যিয়ে সকলোৰে চকু কপালত তোলে ৷ চমক দিয়াজন আন কোনো নহয় বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান ।
আমিৰ খানৰ প্ৰডাকশ্যন হাউছে ‘চিটাৰে জমীন পৰ’ ৰ ছেটৰ এটা বি টি এছ ভিডিঅ’ আপলোড কৰিছিল, য’ত আকস্মিকভাৱে আমিৰৰ ছবিখনৰ ছেটত শ্বাহৰুখ খানক দেখা গৈছিল । তেওঁ কেৱল আমিৰক সাক্ষাৎ কৰাই নহয়, ছবিখনৰ প্ৰতিগৰাকী অভিনেতাৰ সৈতেও মত বিনিময় কৰে ।
ছেটত বাস্কেটবলৰ এটা দৃশ্যত শ্বুটিং কৰি থকাৰ সময়তে শ্বাহৰুখ খান উপস্থিত হৈছিল । নিজৰ ছেটত কিং খানক দেখি আচৰিত হৈ পৰে আমিৰ খান । ছেটত উপস্থিত হোৱাৰ লগে লগে দুই খানে উষ্ম আলিংগন কৰে ৷ যুৱ অভিনেতাসকলৰ সৈতে শ্বাহৰুখৰ হৃদয়স্পৰ্শী মুহূৰ্তই তেওঁৰ অনুৰাগীৰ হৃদয় জয় কৰিছে ।
When Shah Rukh Khan surprised Aamir Khan & the Sitaare squad on the sets of Sitaare Zameen Par! 🙌@iamsrk @AKPPL_Official#ShahRukhKhan #AamirKhan #SitaareZameenPar #SRK #KingKhan #King pic.twitter.com/PtHM1Ikfws
— Shah Rukh Khan Universe Fan Club (@SRKUniverse) June 18, 2025
ভিডিঅ’টোত শ্বাহৰুখে ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকলক কোৱা দেখা গৈছে যে আমিৰে তেওঁক কেনেদৰে কেইবাসপ্তাহ ধৰি ছবিখনৰ ছেটলৈ আহিবলৈ অনুৰোধ কৰি আছিল । ধেমেলীয়া ষ্টাইলত তেওঁ কয়, “আমিৰে মোক কমেও ১০ বাৰ কৈছে । আপুনি মোৰ অভিনেতাসকলক লগ কৰিবলৈ আহক, তেওঁলোকে বৰ ভাল কাম কৰি আছে । আগতে সময় নাপালোঁ, কিন্তু প্ৰতিবাৰেই তেওঁক লগ পালে কয় ।”
আৰু লগতে কয়, “মই যেতিয়াই তেওঁক লগ পাওঁ, তেতিয়াই তেওঁ কয়, প্লিজ আহক, প্লিজ আহক, আনকি তিনিদিন আগতেও তেওঁ মোক কৈছিল । মই হয় বুলি ক’লোঁ ৷ আমিৰে ক'লে, "শ্বাহ তু আনা য়াৰ ।”
শ্বাহৰুখে সকলো শিল্পীৰ সৈতে মত বিনিময় কৰে । সকলো শিল্পীয়ে শ্বাহৰুখৰ প্ৰশংসা কৰে । তেওঁলোকে কয় যে শ্বাহৰুখ অভিনীত বাজিগৰ, চক দে ইণ্ডিয়া, ডৰ আৰু ডন ছবি তেওঁলোকৰ বৰ ভাল লাগে । ছবিৰ বহু বিখ্যাত সংলাপো তেওঁলোকে আওৰায় ৷
When King Khan made a surprise visit to the sets of Sitaare Zameen Par, magic unfolded, memories were made, smiles were shared and stars truly aligned! ✨@iamsrk #AamirKhan#ShahRukhKhan #SitaareZameenPar #KingKhan #SRK #King pic.twitter.com/fJpo5zzgsB
— Shah Rukh Khan Universe Fan Club (@SRKUniverse) June 18, 2025
কিং খানে সেই ছেটতো বিখ্যাত প’জটো দিয়ে । ডাঙৰ হাঁহি এটা মাৰি সকলোকে এজন এজনকৈ সাৱটি ধৰে তেওঁ । বিদায় লোৱাৰ পূৰ্বে শ্বাহৰুখ খানে আমিৰ খান আৰু ‘চিটাৰে জমীন পৰ’ৰ তাৰকাসকলৰ সৈতে এখন গ্ৰুপ ফটোও ক্লিক কৰে ।
উল্লেখ্য যে, চিটাৰে জমীন পৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমিৰ খান আৰু জেনেলিয়া দেশমুখে । এই ছবিখনৰ জৰিয়তে আমিৰ খানে ১০ খন নতুন মুখ দৰ্শকৰ ওচৰলৈ নিব ৷ এই ছবিখন স্পেনিছ হিট চেম্পিয়নছৰ অফিচিয়েল হিন্দী ৰিমেক । ছবিৰ পৰিচালক আৰ এছ প্ৰসন্ন । এই ছবিখনে ২০ জুনত মুক্তি লাভ কৰিব ।
লগতে পঢ়ক : এই ৫টা কথাই বিশেষ কৰি তুলিছে ‘‘চিটাৰে জমীন পৰ’’ক, কিয় চাব আমিৰ খানৰ নতুন ক্ৰীড়াভিত্তিক ছবিখন

