ETV Bharat / entertainment

এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে শ্বাহৰুখ খানৰ ফটো ভাইৰেল, উৎসুকতা বৃদ্ধি হৈছে অনুৰাগীৰ - Shah Rukh Khan

Shah Rukh Khan : পুনৰ চৰ্চাত কিং খান ৷ এইবাৰ কোনো ছবিৰ বাবে এগৰাকী ৰহস্যময়ী যুৱতীৰ লগত ফটো উঠি ব্যাপক চৰ্চা লাভ কৰিছে শ্বাহৰুখ খানে ৷ জানেনে এই ভাগ্যশালী যুৱতীগৰাকী কোন ?

Shah Rukh Khan
এগৰাকী ৰহস্যময়ী যুৱতীৰ সৈতে শ্বাহৰুখ খানৰ ফটো ভাইৰেল, উৎসুকতা বৃদ্ধি হৈছে অনুৰাগীৰ
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 1:29 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 18 এপ্ৰিল : বলীউডৰ বাদশ্বাহখ্যাত শ্বাহৰুখ খান আজিকালি চলচ্চিত্ৰৰ তুলনাত আই পি এল দলৰ বাবে চৰ্চাত আছে । ভাৰতত হৈ আছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2024-ৰ 17 তম সংস্কৰণ ৷ শ্বাহৰুখ খানৰ দল কেকেআৰে শীৰ্ষ 4 টা স্থান দখল কৰা দেখা গৈছে । কেকেআৰৰ অন্তিমখন মেচ আছিল ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে ৷ অতি ৰোমাঞ্চকৰ এই খেলখনত ২ উইকেটত পৰাস্ত হয় কলকাতা ৷

ইয়াৰ সমান্তৰালকৈ শ্বাহৰুখ খানে নিজেই ইডেন গাৰ্ডেনত এই খেলখন চাবলৈ পেভিলিয়নত উপস্থিত হৈছিল । পিচে এতিয়া আইপিএলৰ ষ্টেডিয়ামৰ পৰা শ্বাহৰুখ খান আৰু এগৰাকী ৰহস্যময়ী যুৱতীৰ ফটোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷

এই ছবিখন ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে যুৱতীগৰাকীৰ পৰিচয় জানিবলৈ লৈ অনুৰাগীসকল ব্যাপক উৎসুক হৈ পৰিছে ৷ 'এই যুৱতীগৰাকী কোন?' 'তেওঁ শ্বাহৰুখ খানৰ সৈতে ফটো উঠিবলৈ সুযোগ লাভ কৰিছে,' 'তেওঁ বহুতো ভাগ্যশালী' এনেধৰণৰ মন্তব্যৰে অনুৰাগীসকলে কমেণ্ট ভৰ্তি কৰি দিছে ৷

শ্বাহৰুখ খানক এই ভাইৰেল ছবিখনত দীঘল চুলিত দেখা গৈছে । একে সময়তে, শ্বাহৰুখ খানৰ সৈতে থিয় হৈ থকা এই ৰহস্যময়ী যুৱতীগৰাকীক ক'লা টপ পিন্ধা দেখা গৈছে । বহু অনুৰাগীয়ে শ্বাহৰুখৰ পৰৱৰ্তী চলচ্চিত্ৰখনৰ নামো সুধিছে।

অৱশ্যে যুৱতীগৰাকীৰ পৰিচয় এতিয়ালৈ পোহৰলৈ অহা নাই ৷ যুৱতীগৰাকীক কোনো কোনোৱে অভিনেত্ৰী বুলিও অভিহিত কৰিছে ৷ এতিয়া লক্ষণীয় হ’ব যে কেতিয়া পোৰহলৈ আহিব যুৱতীগৰাকীৰ পৰিচয় !

শ্বাহৰুখ খান শেষবাৰৰ বাবে জোৱান (7 ছেপ্টেম্বৰ, 2023) ছবিখনত দেখা গৈছিল ৷ এই ছবিখনে বিশ্বব্যাপী বক্স অফিচত 1100 কোটিৰো অধিক ব্যৱসায় কৰিছিল ৷ জোৱান ছবিখন শ্বাহৰুখ খানৰ চলচ্চিত্ৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি ।

লগতে পঢ়ক: মুক্তি পালে 'উলঝ'ৰ টীজাৰ, জাহ্নৱীক দেখা গ’ল অন্য ৰূপত - Ulajh Teaser Out