ETV Bharat / entertainment

'তনভী- দ্য গ্ৰেট'ৰ ট্ৰেইলাৰ চাই অভিভূত শ্বাহৰুখ-অনিল

'তনভী দ্য গ্ৰেট'ৰ ট্ৰেইলাৰ মুক্তি পালে ৷ সকলোৱে প্ৰশংসা কৰিছে ট্ৰেইলাৰৰ ৷ জানি লওক ছবিখন কেতিয়া মুক্তি পাব ।

TANVI THE GREAT TRAILER
ট্ৰেইলাৰ চাই অভিভূত শ্বাহৰুখ (Photo : IANS/Film Poster)
author img

By ETV Bharat Entertainment Team

Published : July 1, 2025 at 4:08 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: অনুপম খেৰ পৰিচালিত ছবি ‘তনভী- দ্য গ্ৰেট’ৰ ট্ৰেইলাৰ ৩০ জুনত মুক্তি লাভ কৰে । ছবিখনৰ ট্ৰেইলাৰ যথেষ্ট দৰ্শনীয় আৰু প্ৰেৰণাদায়ক । খোদ অনুপম খেৰ, বোমান ইৰাণী আৰু পল্লৱী যোশীক ট্ৰেইলাৰত দেখা গৈছে ।

বলীউডৰ তাৰকাসকলেও ‘তনভী- দ্য গ্ৰেট’ ছবিখনৰ ট্ৰেইলাৰ চাই অতিশয় আপ্লুত হৈ পৰা দেখা গৈছে ৷ বহু প্ৰশংসা কৰিছে ট্ৰেইলাৰৰ । শ্বাহৰুখ খান আৰু অনিল কাপুৰে ‘তনভী- দ্য গ্ৰেট’ৰ ট্ৰেইলাৰটো বহুত প্ৰশংসা কৰিছে । শ্বাহৰুখ খান আৰু অনিল কাপুৰে নিজৰ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ট্ৰেইলাৰ শ্বেয়াৰ কৰি ‘তনভী- দ্য গ্ৰেট’ ছবিখনৰ প্ৰশংসা কৰিছে ।

শ্বাহৰুখ-অনিলৰ প্ৰশংসা

শ্বাহৰুখ খানে নিজৰ ইনষ্টা ষ্ট’ৰীত ‘তনভী- দ্য গ্ৰেট’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি লিখিছে, “সদায় চান্স লোৱা মোৰ বন্ধু অনুপম খেৰ, সেয়া অভিনয়ে হওক বা ছবি নিৰ্মাণেই হওক বা জীৱনৰ প্ৰশ্নই হওক, ‘তনভী- দ্য গ্ৰেট’ৰ ট্ৰেইলাৰটো কল্পনাতীত, ছবিখনৰ বাবে মোৰ শুভেচ্ছা ।”

TANVI THE GREAT TRAILER
বলীউডৰ তাৰকাৰ প্ৰশংসা (Photo : Anil Kapoor Instagram Story)

একে সময়তে অনিল কাপুৰেও তেওঁৰ ইনষ্টা ষ্ট’ৰীত ‘তনভী- দ্য গ্ৰেট’ৰ ট্ৰেইলাৰ শ্বেয়াৰ কৰি লিখিছে, “কিছুমান কাহিনী পৰ্দাৰ পৰা আঁতৰি যোৱাৰ পিছতো আমাৰ লগত সংযুক্ত হৈ থাকে, ‘তনভী- দ্য গ্ৰেট’ তাৰ ভিতৰত এটা হ’বলৈ গৈ আছে, এতিয়াই গৈ ট্ৰেইলাৰটো চাওক, ই এক হৃদয়স্পৰ্শী কাহিনী, যিয়ে ভিতৰৰ পৰা অনুপ্ৰাণিত কৰে, ‘তনভী- দ্য গ্ৰেট’লৈ মোৰ শুভেচ্ছা, ছবিখন সফল হওক, ছবিখন ১৮ জুলাইত মুক্তি পাব ।”

TANVI THE GREAT TRAILER
বলীউডৰ তাৰকাৰ প্ৰশংসা (Photo : Shah Rukh Khan Instagram Story)

তনভী- দ্য গ্ৰেটৰ বিষয়ে

তনভী- দ্য গ্ৰেটৰ সংগীত কৰিছে অস্কাৰ বিজয়ী এম.এম. কীৰাৱানীয়ে । অনুপম খেৰ ষ্টুডিঅ’ আৰু এন এফ ডি চিৰ সহযোগত এই ছবিখন নিৰ্মাণ কৰা হৈছে । ইয়াৰ বিশ্বব্যাপী বিতৰণ অনিল থাদানীৰ এ এ ফিল্মছ আৰু এক্সেল এণ্টাৰটেইনমেণ্টে কৰি আছে । ছবিখনত অভিনয় কৰিছে অনুপম খেৰ, ইয়ান গ্লেন, বোমান ইৰাণী, জেকী শ্ৰফ, অৰবিন্দ স্বামী, পল্লৱী যোশী, কৰণ টেকাৰ, এম নাছেৰ আৰু নতুনকৈ অভিনয়ত খোজ দিয়া শুভাংগী ।

লগতে পঢ়ক : NYIFFত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰে সন্মানিত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস