ETV Bharat / entertainment

অভিনেত্ৰীৰ জেংবিহু পৰিয়ালত খৰিয়াল চলিয়েই আছে

"তেওঁলোকে কৰা অনিয়মৰ বাবে ক্ষমা খুজিব লাগিব । আমাৰ ওচৰত নহ’লেও অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব ।" অভিযোগকাৰী অভিনেত্ৰীৰ স্পষ্ট কথা ৷

SENFA JENG BIHU
আভিনেত্ৰীৰ জেংবিহু পৰিয়ালত খৰিয়াল চলিয়েই আছে (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : April 24, 2025 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অব্যাহত আছে ছেনফা জেংবিহু দলৰ বিতৰ্ক । দলটিৰ কেইগৰাকীমান সদস্যাৰ বিৰুদ্ধে ধনৰ অনিয়মৰ অভিযোগ উত্থাপন কৰিছিল ১২ গৰাকী সদস্যাই । এই অভিযোগৰ পাছতে বৃহস্পতিবাৰে পুনৰ এক সংবাদমেল সম্বোধন কৰে ‘ছেনফা জেংবিহু দল’ৰ অভিযোগকাৰী সদস্যাই ।

অভিনেত্ৰী গায়ত্ৰী বৰাই এই সন্দৰ্ভত কয়, "তেওঁলোকে কৰা অনিয়মৰ বাবে ক্ষমা খুজিব লাগিব । আমাৰ ওচৰত নহ’লেও অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব । আমি আজি অকলে একপক্ষীয়ভাৱে সংবাদমেল সম্বোধন কৰিম বুলি ভবা নাছিলো । দুয়োপক্ষ একত্ৰিত হৈ গোটেই জেংবিহু দলটো থাকিম বুলি ভাবিছিলো । তেওঁলোকো এই কথাত মান্তি হৈছিল ৷ কিন্তু শেষৰ সময়ত অৰ্থাৎ আজি পুৱা ৫ বজাত প্ৰিয়ম পল্লৱীয়ে উপস্থিত নাথাকে বুলি এটা হোৱাটছআপ মেছেজ যোগে জনায় ।"

পুনৰ এক সংবাদমেল (ETV Bharat Assam)

লগতে পঢ়ক : নাচনীৰ ৰূপত এইবাৰ ১৬গৰাকী জনপ্ৰিয় অভিনেত্ৰী

বৰাই লগতে কয়, "যিহেতু আমি সংবাদ মাধ্যমৰ কাষ চাপিছিলো, গতিকে সংবাদ মাধ্যমৰ সন্মুখতেই সকলো স্পষ্ট কৰিব বিচাৰিছিলো । প্ৰিয়ম পল্লৱী, বৰষা গোহাঁই, ভ্ৰান্তি মেধি, পাপৰি বৰা আৰু তেওঁৰ লগৰ কেইগৰাকীয়ে অনিয়ম সংঘটিত কৰাটো সঁচা কথা । আমি ধনৰ বাবে লাগি থকা নাই, আমাক মিছা কথা কোৱা বাবেহে আমি লাগি আছো । এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যদি তেওঁলোকে আইনৰ কাষ চাপে তেন্তে আমিও চাপিম, আমাৰ হাতত তথ্য প্ৰমাণ আছে ।"

উল্লেখ্য যে চলিত বৰ্ষত ৰঙালী বিহুৰ পূৰ্বে ৰাজ্যৰ ১৮ গৰাকী অভিনেত্ৰীয়ে একত্ৰিত হৈ গঠন কৰিছিল এটা জেংবিহুৰ দল । অসমত জেংবিহুৰ সংস্কৃতি জীয়াই ৰখাৰ মানসেৰে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছিল ৷ পিছে ইমান সুন্দৰ মনোভাৱেৰে আৰম্ভ কৰা এই দলটোৰ মাজত এতিয়া সৃষ্টি হৈছে কন্দলৰ ।

১২ গৰাকী সদস্যাই দলটোৰ মেনেজাৰ এনিশা হাজৰিকা, অভিনেত্ৰী প্ৰিয়ম পল্লৱীসহিতে ৩ অভিনেত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰিছে বিত্তীয় অনিয়মৰ অভিযোগ । এনিশা হাজৰিকা, অভিনেত্ৰী প্ৰিয়ম পল্লৱীসহিতে ৩ অভিনেত্ৰীয়ে দলৰ আন আন সদস্যাসকলে নজনাকৈ অনুষ্ঠানসমূহৰ পৰা সংগ্ৰহ কৰা ধন হৰলুকি কৰাৰ অভিযোগ তুলিছে তেওঁলোকে ।

যোগাযোগৰ বহু চেষ্টা কৰাৰ অন্তত উপায়ন্তৰ হৈ দলটোৰ ১২ গৰাকী সদস্যা সংবাদ মাধ্যমৰ কাষ চাপে ৷ এই অভিযোগ উত্থাপন কৰিছিল ছেনফা দলৰ সদস্য ক্ৰমে অভিনেত্ৰী গায়ত্ৰী বৰা, কৰিশ্মা কোঁৱৰ, পিংকি শৰ্মা, টিনা তালুকদাৰ, গায়ত্ৰী বড়ো, মিলাক্ষী, বিউটি তালুকদাৰ, ধনশ্ৰী, ধ্যানী মহন, ময়ূৰী আৰু মিমাক্ষীয়ে ।

লগতে পঢ়ক : জেং লাগিল জেংবিহুত, বিত্তীয় অনিয়মত জড়িত কোন ?