স্কাৰড্ বাট নট স্কেৰড্ : কেন্সাৰ যুদ্ধৰ মাজতে হিনা খানে শ্বেয়াৰ কৰিলে শক্তিশালী বাৰ্তা - Hina Khan stage three breast cancer
Hina Khan stage three breast cancer : তৃতীয় পৰ্যায়ৰ স্তন কৰ্কট ৰোগৰ সন্মুখীন হোৱা হিনা খানে ছ'চিয়েল মিডিয়াত এক অনুপ্ৰেৰণামূলক টোকা শ্বেয়াৰ কৰিছে । অভিনেত্ৰীগৰাকীয়ে সকলোৰে মাজত সাহস বিস্তাৰিত কৰিছে ৷ এনেকুৱা কঠিন যুদ্ধৰ সৈতে যুঁজিবলৈ নিজৰ যাত্ৰাক আনৰ বাবে শক্তিৰ উৎস হিচাপে অভিহিত কৰিছে তেওঁ ।

By ETV Bharat Entertainment Team
Published : July 1, 2024 at 12:41 PM IST
চিটাৰা ডেস্ক, 1 জুলাই : টিভিৰ জনপ্ৰিয় ব্যক্তিত্ব হিনা খানে যোৱা ২৮ জুনত ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে ষ্টেজ থ্ৰী স্তন কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল । এতিয়া তাৰ পৰৱৰ্তী ছ’চিয়েল মিডিয়া আপডেটত অভিনেত্ৰীগৰাকীয়ে এই স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ মাজত তেওঁৰ মানসিক স্থিতিৰ বিষয়ে প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে যে - তেওঁ দাগযুক্ত হ’ব পাৰে কিন্তু তেওঁ ভয় কৰা নাই । হিনাই চিকিৎসা যাত্ৰা আৰম্ভ কৰাৰ সময়তে সহযোগী কেন্সাৰ যুঁজাৰুসকললৈ এক প্ৰেৰণাদায়ক বাৰ্তা প্ৰেৰণ কৰে ।
নিজৰ ৰোগৰ কথা প্ৰকাশ কৰাৰ কিছু সময়ৰ পিচতে হিনা খানে কৰ্কট ৰোগৰ সৈতে সাহসেৰে যুঁজি থকা সকলোলৈকে উৎসাহভৰা এটা বাৰ্তা প্ৰেৰণ কৰে । ইনষ্টাগ্ৰাম ষ্ট’ৰীজত পোষ্ট কৰি তেওঁৰ যাত্ৰাই আনকো অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰি সকলোকে নিজৰ কাহিনীত শক্তি আৰু ইতিবাচকতা বিচাৰি উলিয়াবলৈ আহ্বান জনায় অভিনেত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক : কেন্সাৰৰ দৰে মাৰাত্মক ৰোগক পৰাস্ত কৰিছে বলীউডৰ এইসকল অভিনেত্ৰীয়ে - Cancer Survivor Indian Actresses
তেওঁৰ ভাষাত, "মোৰ যাত্ৰাৰ এখন খিৰিকী... এইটো সেই সকলো সাহসী মহিলা আৰু পুৰুষৰ বাবে যিসকলে এই কঠিন যুদ্ধত যুঁজি আছে...মই আশা কৰোঁ যে মোৰ এই যাত্ৰা সাহসী হ'ব পাৰে আৰু সেই সকল লোকক নিজ নিজ যাত্ৰাত এটা ভাল পৃষ্ঠা বিচাৰি উলিয়াবলৈ পৰ্যাপ্ত অনুপ্ৰেৰণা যোগাব পাৰে । আৰু মনত ৰাখিব যে আমি আঘাতপ্ৰাপ্ত হ'ব পাৰোঁ কিন্তু আমি ভয় খাব নালাগে ।"
অৰিজিত সিং আৰু আছিচ কৌৰৰ ‘বন্দেয়া ৰে বন্দেয়া’ গীতটোৰে সৈতে তেওঁ ইনষ্টাগ্ৰাম ষ্ট’ৰীতো শ্বেয়াৰ কৰে । য়ে ৰিষ্টা ক্যা কেহলাতা হে আৰু কছৌউটি জিন্দাগী কেৰ দৰে আইকনিক টিভি শ্ব’ত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুগামীসকলক আশ্বস্ত কৰে যে তেওঁ চিকিৎসা আৰম্ভ কৰিছে আৰু এই ৰোগ জয় কৰাৰ সংকল্পত তেওঁ অটল হৈ আছে ।
ইনষ্টাগ্ৰামত পোনপটীয়াকৈ অনুৰাগীসকলক সম্বোধন কৰি হিনাই তেওঁৰ পূৰ্বৰ ছ’চিয়েল মিডিয়া পোষ্টত তৃতীয় পৰ্যায়ৰ স্তন কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা কথা শ্বেয়াৰ কৰে ৷ এই খবৰ শ্বেয়াৰ কৰাৰ লগতে তেওঁ অনুৰাগীসকলক তেওঁৰ চিকিৎসা চলি আছে বুলিও অৱগত কৰে ৷ সকলোৰে পৰা প্ৰাৰ্থনা আৰু আশীৰ্বাদ কামনা কৰে অভিনেত্ৰীগৰাকীয়ে ৷
‘‘মই, মোৰ পৰিয়াল আৰু প্ৰিয়জনৰ সৈতে, মনোনিৱেশ, দৃঢ় আৰু ইতিবাচক হৈ আছো । সৰ্বশক্তিমানৰ অনুগ্ৰহৰ সৈতে, আমি বিশ্বাস কৰোঁ যে মই এই প্ৰত্যাহ্বানটো অতিক্ৰম কৰিম আৰু সম্পূৰ্ণৰূপে স্বাস্থ্যৱান হ'ম। অনুগ্ৰহ কৰি আপোনাৰ প্ৰাৰ্থনাআশীৰ্বাদ আৰু প্ৰেম প্ৰেৰণ কৰক ।"
শ্ৰীনগৰৰ বাসিন্দা হিনা খানে ফিয়েৰ ফেক্টৰ : খতৰো কে খিলাড়ী ৮ আৰু বিগ বছকে ধৰি ৰিয়েলিটী শ্ব'বোৰতো উল্লেখযোগ্য অভিনয় কৰিছে ।

