ছবিখনত 300 ৰো অধিক তাৰকাই লৈ যাব আপোনাক আশীৰ দশকলৈ
বিহুটি লগে-ভাগে উদযাপন কৰাৰ লগতে ‘ভাইমন দা’ ছবিখনো একেলগে চোৱাৰ পৰিকল্পনা কৰক, অসমীয়া ছবি উদ্যোগটোৰ ভেঁটি মজবুত কৰাৰ দায়িত্বও আমাৰে ৷ বিহুৰ পাছতে আহি আছে-

By ETV Bharat Entertainment Team
Published : April 12, 2025 at 5:46 PM IST
হায়দৰাবাদ: বিহুলৈ সাজু প্ৰতিগৰাকী অসমীয়া ৷ বিহুৰ যা-যোগাৰৰ লগতে প্ৰস্তুতি চলিছে আত্মীয়-স্বজনৰ ঘৰলৈ এপাক যোৱাৰ ৷ কৰ্মসূত্ৰে বা অন্য যিকোনো কাৰণত ঘৰৰ পৰা আঁতৰি বাহিৰত থকাসকলো সাজু হৈছে বেগ সামৰি ঘৰমুৱা হ’বলৈ ৷ হেঁপাহ এটাই- বাপতি সাহোন বিহুটি একেলগে উপভোগ কৰাৰ ৷ অসমীয়া নৱবৰ্ষ, তাতে ব’হাগৰ বিহু, প্ৰতিখন ঘৰেই এতিয়া চিৰযৌৱনা হৈ পৰিছে ৷
সাধাৰণ মানুহৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনৰ শিল্পীসকলো সাজু হৈছে বিহুত ৰাইজৰ আশীৰ্বাদ ল’বলৈ ৷ ইয়াৰ মাজতে এটা ভাল খবৰ আছে যে বিহুৰ পাছতে মুক্তি পাব এখন পূৰ্ণদৈৰ্ঘৰ অসমীয়া বোলছবিয়ে ৷ চাৰিবছৰীয়া এটা পৰিকল্পনাই আপোনাসৱৰ আগত ধৰা দিব ডাঙৰ স্ক্ৰীণত ৷ গতিকে নিশ্চয় দায়িত্ব আপোনাৰো আছে এগৰাকী চিন্তাশীল দৰ্শক হিচাপে ৷ সপৰিয়ালে উপভোগ কৰিব পৰা এই চিনেমাখনে মুক্তি লাভ কৰিব মে’ মাহৰ 23 তাৰিখে ৷
‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’, নামটোৱেই যেন বহু কিবাকিবি কৈ গৈছে ৷ এটা বহুদিনীয়া সপোন এই ছবিখন, যি দিঠকত পূৰ্ণতা পালে ৷ এই ছবিখন সঁচাই বিশেষ, কেৱল নিৰ্মাতাৰ বাবেই নহয়, ছবিখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিৰ বাবে বিশেষ ৷ বিশেষ এই কাৰণেও যে ছবিখনে অসমীয়া ছবিজগতক মৃতপ্ৰায় অৱস্থাৰ পৰা উদ্ধাৰ কৰা এগৰাকী মহান ব্যক্তি মুনিন বৰুৱাক উদযাপন কৰিব ৷ মুনিন বৰুৱা সহিতে অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বহু জনপ্ৰিয় তাৰকাকো নিৰ্মাতাই এই ছবিখনৰ জৰিয়তে উদযাপন কৰিব বিচৰাৰ কথা নিজমুখে প্ৰকাশ কৰিছিল ই টিভি ভাৰতৰ সাক্ষাৎকাৰত ৷
সাক্ষাৎকাৰটো চাবলৈ তলৰ লিংকটোত ক্লিক কৰক-
‘ভাইমন দা-A Tribute to Assamese Cinema’ ছবিখন নিৰ্মাণৰ আঁৰৰ কাহিনী জানিব পাৰিব ৷ ছবিখনৰ পৰিচালক শংশাক সমীৰে এফালৰ পৰা কৈ গৈছে ভাইমন দা বোলছবিখনৰ যাত্ৰা ৷
অসমীয়া চলচ্চিত্ৰ জগতৰ উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাক সকলোৱে মৰমতে মাতিছিল ‘ভাইমন দা’ বুলি । তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা অসমীয়া চিনেমাৰ ঐতিহ্যমণ্ডিত ৯০ বছৰীয়া যাত্ৰাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জীল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত আগন্তুক মে’ মাহত আহি আছে ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ৷
মুনিন বৰুৱাৰ কথা উল্লেখ কৰিবলৈ হ’লে সত্তৰ দশকৰ মাজভাগত চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল তেওঁ ৷ প্ৰায় 20 খনমান চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখিছে মুনিন বৰুৱাই । তেওঁৰ চিনেমা উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকে ছবিগৃহত ভিৰ কৰিছিল । ‘বোৱাৰী’ ছবিখনেৰে এগৰাকী চিত্ৰনাট্যকাৰ হিচাপে যাত্ৰা আৰম্ভ কৰিছিল তেওঁ ৷ বোৱাৰীৰ লগতে, ঘৰ সংসাৰ, সোণ মইনা, দাগ, বাৰুদ, ৰং, মায়া, বিধাতা, দীনবন্ধু ইত্যাদি তেওঁৰ উল্লেখনীয় চিনেমা । অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে 90 খনৰো অধিক নাটকৰ চিত্ৰনাট্য লিখিছিল ৷
অসমীয়া চলচ্চিত্ৰ জগতখনে সেই সময়ত সন্মুখীন হোৱা বিভিন্ন উত্থান-পতন, ঘাত-প্ৰতিঘাত উক্ত ছবিখনত দেখিবলৈ পোৱা যাব ৷ ছবিগৃহসমূহ হিন্দী চিনেমাই আগুৰি ৰখাৰ পাছতো অসমীয়া চলচ্চিত্ৰই কেনেদৰে সপ্তাহজোৰা প্ৰদৰ্শনী লাভ কৰিছিল, তাৰ আঁৰৰ সংঘৰ্ষৰ গাথাক লৈ ‘ভাইমন দা-A Tribute to Assamese Cinema’ ছবিখন নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে ছবিখনৰ দুটা গানে মুক্তি লাভ কৰি বিপুল প্ৰশংসা লাভ কৰিছে ৷ ‘বিয়েৰ ব্ৰেণ্ডি হুইস্কী’ আৰু ‘এৰা এৰি’ শীৰ্ষক গান দুটাই নেটিজেনৰ পৰা যোগাত্মক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে ৷ প্ৰবীণ বৰা, জুবিন গাৰ্গ, অমৃতপ্ৰভা মহন্ত, মহালক্ষ্মী আয়াৰে কণ্ঠদান কৰিছে গান দুটিত ৷
শশাংক সমীৰৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে ছবিখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ ছবিখনৰ সমগ্র ধাৰণাটো প্ৰযোজক শ্যামন্তক গৌতমৰ বুলি শংশাকই ইতিমধ্যে কৈছে ৷ ছবিখনত কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা, চিনেমাখনৰ চিনেমাট’গ্ৰাফী কৰিছে ভাঞ্চিনাথন মুৰুগেছানে ৷
আকৰ্ষণীয় কথাটো হ’ল যে তিনি জনপ্ৰিয় তাৰকা জুবিন গাৰ্গ, যতীন বৰা আৰু ৰবি শৰ্মাক প্ৰথমবাৰলৈ একেলগে দেখিবলৈ পাব এইখন চিনেমাত । ছবিখনৰ বিভিন্ন চৰিত্ৰত বনদীপ শৰ্মা, যশশ্ৰী ভূঞা, গুণাকৰ দেৱগোস্বামী, পাকিজা বেগম, অনুৰাগ বৰা, সমূদ্ৰগুপ্ত দত্ত, অৰ্ঘদীপ বৰুৱা, কৌশিক ভৰদ্বাজ, হৰপল শইকীয়া, গীতাৰ্থ শৰ্মা, নিৰুপম শইকীয়া, জয় শইকীয়া, দ্বীপজ্যোতি কেওঁট, পাৰ্থ প্ৰতীম শইকীয়া, শিল্পী শিখা বৰা, বৈভৱী গোস্বামী আদিকে ধৰি মুঠ 360 ৰো অধিক শিল্পীয়ে অভিনয় কৰিছে ৷ ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমায়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম ৷ ছবিখনৰ মুঠ ১২০ টাৰো অধিক স্থানত কৰা হৈছে দৃশ্যগ্ৰহণ ।
লগতে পঢ়ক : 'ভাইমন দা' আহি আছে: কেতিয়া লগ পাব জানেনে ?

