ETV Bharat / entertainment

গোলাঘাটত ‘‘ভাইমন দা’’ই মন মুহিলে ৰাইজৰ - ASSAMESE MOVIE BHAIMON DA

ভাইমন দাৰ মুক্তিৰ দিনাই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অসমীয়া চলচ্চিত্ৰ জগতৰ বটবৃক্ষস্বৰূপ মুনিন বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি ৷

Sasanka Samir directorial bhaimon-da a tribute to assamese cinema releases
ভাইমন দাৰ মুক্তি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : May 24, 2025 at 12:25 PM IST

5 Min Read

গোলাঘাট : শুকুৰবাৰে সমগ্ৰ অসমতে মুক্তি লাভ কৰিলে বহু চৰ্চিত চিনেমা ‘‘ভাইমন দা’’ই ৷ ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰা দেখিবলৈ পোৱা গৈছে ৷ গোলাঘাটতো দৰ্শকৰ মাজত দেখিবলৈ পোৱা গ’ল যথেষ্ট উছাহ ৷

গোলাঘাটৰ গ’ল্ড চিনেমা হলত দৰ্শকৰ লানি নিছিগা ভিৰ । অসমীয়া চলচ্চিত্ৰ জগতৰ বটবৃক্ষ, বোলছবি পৰিচালক, চিত্ৰ-নাট্যকাৰ, কাহিনীকাৰ গোলাঘাটৰ গৌৰৱ মুনিন বৰুৱা ওৰফে ভাইমন দা হিচাপে সকলোৰে মাজত পৰিচিত বৰেণ্য ব্যক্তিগৰাকীৰ জীৱন আৰু কৰ্মৰ মূল্যায়নেৰে নিৰ্মাণ কৰা ভাইমন দা বোলছবিখন গ’ল্ড চিনেমাহলত মুক্তি দিয়া হয় ।

ভাইমন দা চাই প্ৰতিক্ৰিয়া (ETV Bharat Assam)

পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত দৰ্শকক বিনামূল্যে ছবিখন চোৱাৰ ব্যৱস্থা কৰি দিয়া হয় ৷ ছবিখনৰ দৰ্শনী মুকলি কৰা অনুষ্ঠানৰ আঁতধৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক স্বাগতা বৰাই ৷ অনুষ্ঠানৰ আৰম্ভণিতে মুনিন বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জ্যেষ্ঠ সাংবাদিক, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া দিগন্ত কুমাৰ ভূঞাই ।

Sasanka Samir directorial bhaimon-da a tribute to assamese cinema releases
মুনিন বৰুৱালৈ গভীৰ শ্ৰদ্ধাঞ্জলি (Photo : ETV Bharat Assam)

বোলছবিখনৰ শুভাৰম্ভণি কৰে শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈয়ে । অনুষ্ঠানত পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি, গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ পুতুল শইকীয়া, বিশিষ্ট সাহিত্যিক, বোলছবি প্ৰযোজক নুৰুল চুলতান, পৌৰপতি দুলুমণি বৰবৰা, উপ-পৌৰপতি সীমান্ত বৰা, গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ সঞ্জীৱ কুমাৰ দাস, সাংস্কৃতিক কৰ্মী তাৰাপদ চেতীয়া, প্ৰবীণ ডেকা, ঘণকান্ত মিশ্ৰ, মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱা, ভ্ৰাতৃ মনোজ বৰুৱা, বোলছবিখনৰ পৰিচালক শশাংক সমীৰ, প্ৰযোজক শ্যামন্তক গৌতম, অভিনেতা বনদীপ শৰ্মা, গীতাৰ্থ শৰ্মা, অভিনেত্ৰী য়াশশ্ৰী ভূঞা, অভিনেতা নীলিম দত্তকে আদি কৰি বহু বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে ।

ভাইমন দা টীম (Photo : ETV Bharat Assam)

উল্লেখ্য যে, ভাইমন দা হিচাপে পৰিচিত মুনিন বৰুৱাৰ জীৱন আৰু কৰ্মৰ মূল্যায়নেৰে জীৱনযোৰা অৱদান সাৱলীল ৰূপত পৰিস্ফূট কৰি লগতে অসমীয়া বোলছবি জগতৰ বৰেণ্য ব্যক্তিসকলৰ গৌৰৱময় দিশ প্ৰতিফলিত কৰি নিৰ্মাণ কৰা বোলছবি ‘‘ভাইমন দা’’ৰ প্ৰতি দৰ্শকৰ সমাদৰ প্ৰশংসনীয় । অসমৰ চলচ্চিত্ৰ, সংগীত তথা সাহিত্য জগতৰ মহান মনিষী শিৱ প্ৰসাদ ঠাকুৰ, ভৱেন্দ্ৰ নাথ শইকীয়া, উপেন কাকতি, মাণিক বৰা, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, বিদ্যা ৰাও, নিপন গোস্বামী, যতীন বৰা, জুবিন গাৰ্গ, ব্ৰজেন বৰুৱা, জৰ্জ বেকাৰ, মঞ্জুলা বৰুৱা, মানস বৰুৱা, জয়ন্ত হাজৰিকা, ভূপেন উজীৰ, ৰবি শৰ্মা সকলোকে দেখুওৱা হৈছে ছবিখনত ।

অসমীয়া বোলছবি জগতৰ সোণালী দিনৰ ছবি ঘৰ-সংসাৰ, বোৱাৰী, হিয়া-দিয়া-নিয়া, বাৰুদ, ৰামধেনু, প্ৰভাতী পখীৰ গান আদিও এই নতুন অসমীয়া ছবিখনৰ বিষয়বস্তু । গোলাঘাটৰ এসময়ৰ ঐতিহ্য আৰু বৰ্তমান নিঃশেষ হোৱা চিত্ৰলেখা চিনেমা হলেও ঠাই পালে বোলছবিখনত ।

বোলছবিখন উপভোগ কৰি অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ ভূঞাই কয়, “গোলাঘাটৰ সকলোৰে পৰিচিতি আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী বটবৃক্ষ স্বৰূপ মুনিন বৰুৱাৰ জীৱনৰ মূল্যায়ন কৰাৰ লগতে অসমীয়া চলচ্চিত্ৰ জগতৰ বহু প্ৰতিষ্ঠিত অভিনেতা, সংগীত পৰিচালক, বিশিষ্ট চলচ্চিত্ৰ পৰিচালকসকলৰ জীৱনৰ মূল্যায়ন কৰা হৈছে ছবিখনত । এখন ব্যতিক্ৰমী ছবি য’ত শিৱ প্ৰসাদ ঠাকুৰ, ভৱেন্দ্ৰ নাথ শইকীয়া, উপেন কাকতি, মাণিক বৰা, বিজু ফুকন, প্ৰাঞ্জল শইকীয়া, বিদ্যা ৰাও, নিপন গোস্বামী, যতীন বৰা ,জুবিন গাৰ্গ, ব্ৰজেন বৰুৱা, জৰ্জ বেকাৰ, মঞ্জুলা বৰুৱা, মানস বৰুৱা, জয়ন্ত হাজৰিকা, ভূপেন উজীৰ, ৰবি শৰ্মা, ড৹ হিমন্ত বিশ্ব শৰ্মা, মৃদুলা বৰুৱাকে আদি কৰি বহুতৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা হৈছে ।”

“এই ছবিখনত অসমীয়া বোলছবি জগতৰ সোণালী দিনৰ ছবি ‘প্ৰতিমা’ৰ পৰা ‘দিনবন্ধু’লৈকে সকলো মূল্যায়ন কৰা হৈছে । ইয়াৰ উপৰিও অসমীয়া ছবিৰ সোণালী দিন প্ৰতিফলিত কৰাৰ লগতে দুৰ্যোগপূৰ্ণ সময়ৰ দিশসমূহো ইয়াত প্ৰতিফলিত কৰা হৈছে । এই ছবিখন গোলাঘাটবাসী ৰাইজে সুন্দৰকৈ আঁকোৱালি লৈছে আৰু ইয়াত মুনিন বৰুৱাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই এই উদ্যোগ গ্ৰহণ কৰি গোলঘাটৰ ৰাইজক এই ছবিখন বিনামূলীয়াকৈ চাবলৈ সুযোগ প্ৰদান কৰিছে ৷” ভূঞাৰ ভাষ্য ৷

এই ছবিখন উপভোগ কৰি বিশিষ্ট বোলছবি প্ৰযোজক নুৰুল চুলতানে কয়, “ভাইমন দা চাই অভিভূত হ’লো । এখন সুন্দৰ ছবি নিৰ্মাণ কৰিছে শশাংক সমীৰে । মুনিন বৰুৱাৰ আন এটা নাম ভাইমন দা, তেওঁ কেৱল গোলাঘাটৰ নহয় সমগ্ৰ অসমৰ এগৰাকী অমৰ সন্তান ৷ অসমীয়া চিনেমাত তেখেতৰ নাম সদায় চিৰস্মৰণীয় হৈ ৰ’ব । মুনিন বৰুৱা ভ্ৰাম্যমাণতো বিখ্যাত আছিল ৷ তেখেতৰ নাটসমূহ মানুহে চাবলৈ গৈছিল ৷ তেখেতৰ নামত এখন চিনেমা নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে প্ৰযোজকক ধন্যবাদ জনাইছো । অসমৰ ৰাইজক আহ্বান জনাইছো এই ছবিখন চাবৰ কাৰণে আৰু ভাইমন দাৰ লগত যিসকলে কাম কৰিছিল, সকলোৱে এই চিনেমাখন প্ৰচাৰ কৰিব লাগে ।”

লগতে পঢ়ক : ‘ভাইমন দা’ চাৰে চাৰিবছৰীয়া এটা দীঘল অধ্যায়ৰ কাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.