ETV Bharat / entertainment

দিলজিতলৈ সমৰ্থন আগবঢ়োৱা নাছিৰুদ্দিন শ্বাহৰ ইউ টাৰ্ণ

'পাকিস্তানলৈ যাওক বুলি কোৱা সকললৈ মোৰ উত্তৰ কৈলাশলৈ যাওক' - নাছিৰুদ্দিন শ্বাহ ৷

NASEERUDDIN SHAH ON SARDAAR JI 3
চৰ্দাৰজী ৩ বিতৰ্ক (Photo : IANS/SONG POSTER)
author img

By ETV Bharat Entertainment Team

Published : July 1, 2025 at 4:25 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দিলজিৎ দোছাঞ্জৰ ছবি ‘চৰ্দাৰজী ৩’ক লৈ বিতৰ্ক দিনক দিনে বাঢ়িছে । বিতৰ্কৰ কাৰণ হৈছে ছবিখনত পাকিস্তানী শিল্পী হানিয়া আমিৰৰ উপস্থিতি । ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত ভাৰতত ছবিখন বিৰোধিতাৰ সন্মুখীন হয় আৰু অৱশেষত দেশত ছবিখন নিষিদ্ধ হৈ পৰে । অৱশ্যে নিৰ্মাতাসকলে পাকিস্তানকে ধৰি বিদেশত ছবিখন মুক্তি দিয়ে ৷ ভাৰতত ছবিখনক লৈ হোৱা প্ৰতিবাদৰ কাৰণ আছিল ২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ ।

এই বিতৰ্কত পঞ্জাৱৰ বহু শিল্পীয়ে দিলজিতৰ বিৰুদ্ধে থিয় দিয়ে আৰু বহুতে তেওঁলৈ সমৰ্থন আগবঢ়ায় । শেহতীয়াকৈ বলীউডৰ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহে চৰ্দাৰ জী ৩ বিতৰ্কৰ মাজতে সোমবাৰে (৩০ জুন) ফেচবুক পোষ্টৰ জৰিয়তে দিলজিত দোছাঞ্জক সমৰ্থন কৰে । পিছত তেওঁ এই পোষ্টটো ডিলিট কৰি দিয়ে ।

NASEERUDDIN SHAH ON SARDAAR JI 3
নাছিৰুদ্দিন শ্বাহৰ ফেচবুক পোষ্ট (Photo : Facebook)

নাছিৰুদ্দিনৰ ইউ টাৰ্ণ

যোৱা ২৭ জুনত পাকিস্তানকে ধৰি বহিঃৰাজ্যত মুক্তি পোৱা দিলজিৎ দোছাঞ্জৰ চৰ্দাৰজী ৩ ছবিখন বিতৰ্কৰ মাজত সোমাই পৰিছে, কাৰণ ছবিখনত অভিনয় কৰিছে পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰে । মিকা সিং, গুৰু ৰান্ধাৱাৰ দৰে কণ্ঠশিল্পীয়ে দিলজিতৰ বিৰুদ্ধে দৰ্শকৰ আস্থা ভংগ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে চলচ্চিত্ৰ জগতৰ প্ৰবীণ তাৰকা নাছিৰুদ্দিন শ্বাহে তেওঁলৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায় । নাছিৰুদ্দিন শ্বাহে ফেচবুকত লিখে, “মই দিলজিতৰ সৈতে দৃঢ়তাৰে থিয় দিছো, ছবিখনৰ কাষ্টিঙৰ দায়িত্ব তেওঁৰ নাছিল, পৰিচালকৰ আছিল । কিন্তু তেওঁক কোন কোনেও নাজানে, আনহাতে দিলজিতক গোটেই পৃথিৱীয়ে চিনি পাই আৰু তেওঁৰ মনটো বিষেৰে ভৰা নহয় বাবেই তেওঁ ছবিখনৰৰ বাবে মান্তি হ’ল ।”

নাছিৰুদ্দিন শ্বাহে স্পষ্ট শব্দৰে কয়, “এই গুণ্ডাবোৰে ভাৰত আৰু পাকিস্তানৰ জনসাধাৰণৰ যোগাযোগৰ অন্ত পেলাব বিচাৰে । তাত মোৰ ঘনিষ্ঠ আত্মীয় আৰু কিছুমান প্ৰিয় বন্ধু আছে আৰু মোৰ মন গ’লেই তেওঁলোকক লগ পোৱাত বা মৰম পঠিওৱাত কোনেও বাধা দিব নোৱাৰে আৰু ‘পাকিস্তানলৈ যাওক’ বুলি কোৱাসকললৈ মোৰ উত্তৰ ‘কৈলাশলৈ যাওক ।” অৱশ্যে এতিয়া নাছিৰুদ্দিনে এই পোষ্টটো ডিলিট কৰি দিছে ।

দিলজিৎ দোছাঞ্জ বিতৰ্কৰ আৱৰ্তত

যোৱা ২২ জুনত ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত পাকিস্তানী শিল্পী হানিয়া আমিৰেও ছবিখনত অভিনয় কৰিছে বুলি গম পোৱা যায় ৷ তেতিয়াই দিলজিৎ দোছাঞ্জৰ ‘চৰ্দাৰজী ৩’ ছবিখন বিপদত পৰে । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ফেডাৰেশ্য অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (FWICE)-এ ভাৰতত কৰ্মৰত পাকিস্তানী শিল্পীক নিষিদ্ধ কৰাৰ নিৰ্দেশনা পুনৰবাৰ প্ৰকাশ কৰে । নিষেধাজ্ঞাৰ পিছতে মে’ মাহত ফৱাদ খানৰ ছবি আবিৰ গুলালৰ মুক্তি বন্ধ কৰি দিয়া হৈছিল । পৰৱৰ্তী সময়ত চৰ্দাৰ জী ৩ও ভাৰতত মুক্তি দিয়া নহয় ।

লগতে পঢ়ক : 'চৰ্দাৰজী ৩' বিতৰ্ক: দিলজিৎ দোছাঞ্জলৈ সমৰ্থন মেনেজাৰৰ