হায়দৰাবাদ: পাঞ্জাবী অভিনেতা-গায়ক দিলজিৎ দোছাঞ্জৰ আগন্তুক ছবি ‘চৰ্দাৰজী ৩’ মুক্তিৰ পূৰ্বে বিতৰ্কৰ মাজত সোমাই পৰিছে । পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰক কাষ্ট কৰাৰ বাবে দিলজিৎ দোছাঞ্জ আৰু ‘চৰ্দাৰজী ৩’ৰ নিৰ্মাতাসকলক সমালোচনা কৰিছে ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজ (FWICE) এ । ইয়াৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চৰকাৰী শীৰ্ষ বিষয়াসকললৈ পোনপটীয়াকৈ এখন পত্ৰ লিখিছে FWICE-এ ।
ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বৃহৎ ট্ৰেড ইউনিয়নৰ ভিতৰত এটা ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজে (FWICE) পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰক ‘চৰ্দাৰজী ৩’ত কাষ্ট কৰাৰ বাবে দিলজিৎ আৰু তেওঁৰ দলটোক তীব্ৰ গৰিহণা দিছে । দিলজিৎ দোছাঞ্জ, প্ৰযোজক গুণবীৰ সিং সিদ্ধু, মনমৰ্দ সিদ্ধু আৰু পৰিচালক অমৰ হুণ্ডলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এফ ডব্লিউ আই চিয়ে এখন পত্ৰ লিখিছে ।
#WATCH | Mumbai | On controversy surrounding Diljit Dosanjh's 'Sardaar Ji 3', Federation of Western India Cine Employees (FWICE) president BN Tiwari says, " we had already written a letter to the censor board on this film because it's not just about (pakistani actor) hania aamir,… pic.twitter.com/lMhAiqVpnc
— ANI (@ANI) June 23, 2025
এক আনুষ্ঠানিক বিবৃতি অনুসৰি FWICE এ ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীক দিলজিৎ দোছাঞ্জ, গুণবীৰ সিং সিদ্ধু, মনমোদ সিদ্ধু আৰু পৰিচালক অমৰ হুণ্ডলৰ বিৰুদ্ধে কঠোৰ আৰু তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰত্যক্ষ আৰু তাৎক্ষণিক আহ্বান জনাইছে ।
FWICE-এ নিজৰ চিঠিত লিখিছে, ‘আমি ফেডাৰেশ্যন অফ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এম্প্লয়িজৰ (FWICE) বিষয়ববীয়াই এই কাৰ্য (দিলজিৎ দোছাঞ্জৰ ছবি চৰ্দাৰ জী ৩ত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ কাষ্টিং)ক লৈ আমাৰ অসন্তুষ্টি প্ৰকাশ কৰিছো । ইয়াৰ দ্বাৰা আমাৰ দেশৰ আইন আৰু নিৰ্দেশনাক অৱজ্ঞা কৰাই নহয়, আমাৰ ৰাষ্ট্ৰৰ আত্মাকো অপমান কৰা হৈছে ।”
পত্ৰখনত আৰু লিখা আছে, “ভাৰতীয় নাগৰিকত্বৰ বিশেষাধিকাৰ ভোগ কৰা ৰাজহুৱা ব্যক্তি দিলজিৎ দোছাঞ্জ, গুণবীৰ সিং সিদ্ধু, মনমোদ সিদ্ধু আৰু পৰিচালক অমৰ হুণ্ডলে তেওঁলোকৰ আগন্তুক ছবি ‘চৰ্দাৰজী ৩’ ত পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰক কাষ্ট কৰি এক অক্ষমণীয় কাৰ্য সংঘটিত কৰিছে । এই সিদ্ধান্ত কেৱল সৃষ্টিশীল পছন্দ নহয়, ই ভাৰতৰ সাৰ্বভৌমত্ব, মৰ্যাদা আৰু নিৰাপত্তাক ইচ্ছাকৃতভাৱে অপমান কৰাটো বুজাইছে ।”
এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, “হানিয়া আমিৰ কেৱল এগৰাকী বিদেশী শিল্পী নহয় । ভাৰতৰ বিৰুদ্ধে এগৰাকী কণ্ঠ প্ৰচাৰক । হানিয়াই নিজৰ মঞ্চ ব্যৱহাৰ কৰি আমাৰ সশস্ত্ৰ বাহিনীক উপহাস কৰিছে, ভাৰতক ৰাজহুৱাভাৱে গালি-গালাজ কৰিছে আৰু অপাৰেশ্যন সেন্দূৰৰ পাছত পাকিস্তানৰ সন্ত্ৰাসবাদী কাৰ্যক নিৰ্লজ্জভাৱে ন্যায্যতা প্ৰদান কৰিছে ।”
প্ৰেছ বিজ্ঞপ্তিটোত আৰু কোৱা হৈছে, “যিকোনো ভাৰতীয় ছবিত তেওঁৰ অন্তৰ্ভুক্তিয়ে প্ৰতিজন ভাৰতীয় নাগৰিক, প্ৰতিগৰাকী শ্বহীদ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৰা প্ৰতিটো পৰিয়ালক অপমান কৰা বুজাইছে । হানিয়াই এবাৰ নহয়, বাৰে বাৰে নিজৰ প্লেটফৰ্মৰ অপব্যৱহাৰ কৰি ভাৰতৰ বিৰুদ্ধে বিষ বিয়পোৱাৰ কাম কৰিছে ।”
FWICE-এ ইয়াৰ পত্ৰত আৰু লিখিছে, “দিলজিৎ দোছাঞ্জ আৰু চৰ্দাৰ ৩ৰ নিৰ্মাতাসকলে হানিয়াৰ পটভূমিৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত । ইয়াৰ পিছতো তেওঁলোকে চৰকাৰ আৰু উদ্যোগৰ নিৰ্দেশক আওকাণ কৰি হানিয়াক তেওঁলোকৰ ছবিত কাষ্ট কৰে । ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে তেওঁলোকৰ আনুগত্য ক’ত আছে । তেওঁলোকৰ এই কাৰ্যই দেশৰ প্ৰতি বিশ্বাসঘাতকতা দেখুৱাইছে ।”
প্ৰেছ বিজ্ঞপ্তি অনুসৰি, “এইটো চূড়ান্ত আৰু কঠোৰ সতৰ্কবাণী হিচাপে লোৱা উচিত । যদি কোনো ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা বা শিল্পীয়ে পাকিস্তানী নাগৰিকৰ সৈতে কাম কৰে তেন্তে তেওঁক ভাৰত বিৰোধী বুলি গণ্য কৰা হ’ব ।”
লগতে পঢ়ক : গান, সংস্কৃতি, ভাৰতৰ বৈচিত্ৰ্য-যোগাসনৰ আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী-দিলজিৎ দোছাঞ্জ