সঁচাকৈয়ে ৰাজনীতিলৈ আহিবনে অভিনেতা সঞ্জয় দত্ত... - Sanjay Dutt
Sanjay Dutt Rumours Of Lok Sabha Candidacy : লোকসভা নিৰ্বাচন সমাগত ৷ শেহতীয়াকৈ অভিনেতা সঞ্জয় দত্তই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সম্পৰ্কে ৰাজনৈতিক মহলাত চৰ্চা লাভ কৰিছিল ৷ অৱশেষত মুখ খুলিলে অভিনেতাগৰাকীয়ে ৷

Published : April 9, 2024 at 10:28 AM IST
চিটাৰা ডেস্ক, 9 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বলীউড অভিনেতা সঞ্জয় দত্তই ৰাজনীতিত প্ৰৱেশ কৰাক লৈ বহুতো জল্পনা-কল্পনা চলিছিল ৷ অৱশেষত অভিনেতাগৰাকীয়ে মুখ খুলিলে এই সন্দৰ্ভত ৷ আনকি অভিনেতাগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বতি আগবঢ়াৱোৰ কথাও প্ৰচাৰ হৈছিল ৷
অভিনেতাগৰাকীয়ে এক্স যোগে এটা পোষ্টত উল্লেখ কৰে যে তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ কোনো অভিপ্ৰায় নাই আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ কোনোঘৰণৰ প্ৰতিদ্বন্দ্বিতা আগনবঢ়ায় ৷
সোমবাৰে, সঞ্জয় দত্তই ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই উৰাবাতৰিৰ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, "মই ৰাজনীতিত যোগদান কৰাৰ বিষয়ে সকলো উৰাবাতৰি বিয়পিছে । মই কোনো দলত যোগদান কৰা নাই বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই । যদি মই ৰাজনৈতিক ক্ষেত্ৰলৈ অহাৰ সিদ্ধান্ত লওঁ তেন্তে মই প্ৰথমে এই বিষয়ে ঘোষণা কৰিম ।"
ইয়াৰ উপৰিও, সঞ্জয় দত্তই অনুগামীসকলক সামাজিক মাধ্যমৰ উৰাবাতৰিৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ আহ্বান জনায় আৰু এনে অপ্ৰমানিত উৰাবাতিৰ বিশ্বাস নকৰিবলৈ সতৰ্ক কৰি দিয়ে ৷ তেওঁ লগতে কয়, "অনুগ্ৰহ কৰি এতিয়ালৈকে মোৰ বিষয়ে প্ৰচাৰ হোৱা উৰাবাতৰিসমূহ বিশ্বাস কৰাৰ পৰা বিৰত থাকক ৷"
2019 চনত, তেওঁ মহাৰাষ্ট্ৰৰ মন্ত্ৰী মহাদেৱ জানকাৰৰ মন্ত্ৰীৰ দলৰ সৈতে একত্ৰীকৰণ হোৱাৰ দাবী নাকচ কৰিছিল । সঞ্জয় দত্তই প্ৰকাশ কৰিছিল যে মুখ্যতঃ বৰ্তমান সময়ত তেওঁ চলচ্চিত্ৰ উদ্যোগ আৰু ব্যক্তিগত জীৱনত মনোনিৱেশ কৰি আছে ৷ তেওঁৰ স্বৰ্গীয় পিতৃ, অভিনেতা সুনীল দত্ত পূৰ্বতে কংগ্ৰেছ দলৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তদুপৰি, তেওঁৰ ভগ্নী প্ৰিয়া দত্ত সক্ৰিয়ভাৱে ৰাজনীতিত জড়িত হৈ আছে ।
লগতে পঢ়ক: জন্মদিনৰ দিনাই অনুৰাগীলৈ উপহাৰ আল্লু অৰ্জুনৰ: শাৰী পৰিধান কৰি শত্ৰুক বধিলে আল্লুৱে - Pushpa 2 Teaser

