ETV Bharat / entertainment

কবীৰ সিঙত অভিনয় কৰি অনুতপ্ত কিয় আদিল হুছেইন ? - Sandeep Reddy Vanga Adil Husaain

Sandeep Reddy Vanga Vs Adil Husaain : সন্দীপ ৰেড্ডী ভাংগাৰ ছবি 'কবীৰ সিং' ছবিখনে বক্স অফিচত খলকনিৰ সৃষ্টি কৰিছিল ৷ শেহতীয়াকৈ ছবিখনত কাম কৰা অভিনেতা আদিল হুছেইনে ছবিখনত অভিনয় কৰি তেওঁ অনুতপ্ত বুলি মন্তব্য প্ৰকাশ কৰাৰ পিচতে সন্দীপ ৰেড্ডীয়ে ভাংগাই প্ৰত্যুত্তৰ দিয়ে...পঢ়ক সবিশেষ

Sandeep Reddy Vanga Adil Husaain
কবীৰ সিঙত অভিনয় কৰি অনুতপ্ত আদিল হুছেইন, কিন্তু কিয় ?
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 6:58 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 18 এপ্ৰিল : সন্দীপ ৰেড্ডীৰ ভাংগাৰ দ্বাৰা পৰিচালিত শ্বাহিদ কাপুৰ অভিনীত 'কবীৰ সিং' 2019 চনত মুক্তি লাভ কৰিছিল ৷ ছবিখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল । ছবিখনৰ মুখ্য চৰিত্ৰত শ্বাহিদৰ লগতে কিয়াৰা আদৱানীয়ে অভিনয় কৰিছিল ।

একে সময়তে, অভিনেতা আদিল হুছেইনৰো এই ছবিখনত এক বিশেষ ভূমিকা আছিল । অৱশ্যে বহুলোকে কবীৰ সিং ছবিখনক প্ৰশংসা কৰিছিল, আনহাতে বহুতে ছবিখনক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিছিল । বৰ্তমান সময়তো বহুলোকে ছবিখনক সমালোচনা কৰি আৰু শ্বাহিদ কাপুৰৰ চৰিত্ৰ কবীৰ সিঙক 'টক্সিক' বুলি কয় ।

ইয়াৰ মাজতে শেহতীয়াকৈ আদিল হুছেইনে এই ছবিখন সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কৈছিল যে, তেওঁ এই ছবিখনত অভিনয় কৰি এতিয়া অনুতপ্ত হৈ আছে । এক সাক্ষাৎকাৰত আদিল হুছেইনে কয় যে, যেতিয়া তেওঁ এই চৰিত্ৰটোৰ বাবে সন্মতি প্ৰদান কৰিছিল তেওঁ নাজানিছিল যে কবীৰ সিং ছবিখনৰ বিষয় কি আছিল ৷

"এইখন মোৰ জীৱনৰ একমাত্ৰ চলচ্চিত্ৰ যাক মই চিত্ৰনাট্য নপঢ়াকৈ হয় বুলি কৈছিলো । মই ছবিখন চাবলৈ থিয়েটাৰলৈ যাওঁতে ২০ মিনিট চায়েই বাহিৰলৈ ওলাই আহিছিলো ৷" আদিল হুছেইনে ছবিখনক এণ্টি ৱ’মেন চলচ্চিত্ৰ বুলি অভিহিত কৰে ৷ লগতে কয় যে, তেওঁৰ পত্নীয়েও এই ছবিখন একেবাৰে ভাল পোৱা নাছিল ।

আদিল হুছেইনে কবীৰ সিঙক সমালোচনা কৰাৰ পিচত পৰিচালক সন্দীপ ৰেড্ডী ভাংগাই আদিল হুছেইনক প্ৰত্যুত্তৰ দি কয় যে শ্বাহিদ কাপুৰ আৰু কিয়াৰা আদৱানী অভিনীত ছবিখনত মহাবিদ্যালয়ত পঢ়ি থকা দুগৰাকী যুৱক-যুৱতীক দেখুওৱা হৈছে ৷

তেওঁ কয় যে আদিলৰ "২০ খন কলাত্মক চলচ্চিত্ৰ" ই তেওঁক ইমান খ্যাতি দিয়া নাছিল যিমান তেওঁক এইখন ব্লকবাষ্টাৰ ছবিয়ে দিছে ৷ তেওঁ ব্যংগ সুৰত কয় যে তেওঁ AI ব্যৱহাৰ কৰি ছবিখনত আদিল হুছেইনৰ মুখখন সলনি কৰি দিব ।

লগতে পঢ়ক: 101 মিনিটত অভিলেখ ভংগ কৰিলে পুষ্পা 2 দ্য ৰুলৰ টীজাৰে - Pushpa 2 The Rule Teaser