ETV Bharat / entertainment

ৰাখী সাৱন্তৰ বিৰুদ্ধে গোচৰ ৰুজু এন চি বিৰ প্ৰাক্তন বিষয়াৰ, কিন্তু কিয় ?

Rakhi Sawant : আইনী মেৰপেচত পৰিল ৰাখী সাৱন্ত । এনচিবিৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেড়েই তেওঁৰ বিৰুদ্ধে ১১ লাখ টকাৰ গোচৰ ৰুজু কৰিছে ।

Sameer Wankhede filed defamation case against Rakhi Sawant
ৰাখীৰ বিৰুদ্ধে গোচৰ ৰুজু সমীৰ ৱানখেড়েৰ
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 2:10 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, ২০ মাৰ্চ : অভিনেত্ৰী ৰাখী সাৱন্ত আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ প্ৰায়ে নিজৰ ব্যক্তিগত জীৱনক লৈ লাইমলাইটত থাকে ৰাখী ৷ এতিয়া আকৌ এবাৰ নিজৰ ব্যক্তিগত জীৱনৰ বাবে লাইমলাইটলৈ আহিছে ৰাখী । তেওঁৰ প্ৰাক্তন স্বামী আদিল খান দুৰানী দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছে । বিয়াৰ পিচতে আদিলে ৰাখীৰ সৈতে তেওঁৰ বিবাহ অবৈধ বুলি কয় । ইয়াৰ পিচত ৰাখীয়েও উভতি ধৰে ৷ অৱশ্যে ৰাখীৰ জীৱনত চলি থকা এই ব্যক্তিগত সমস্যাবোৰৰ উপৰিও এতিয়া আন এক ডাঙৰ বিপদত পৰিছে ৰাখী ৷ এইবাৰ আইনী মেৰপেচত পৰিছে ৰাখী । ৰাখীৰ বিৰুদ্ধে নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰোৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেড়েই ৰুজু কৰিছে গোচৰ ৷ লগতে দাবী কৰিছে ১১ লাখ টকা ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰাখী সাৱন্তৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছে নাৰ্ক’টিকছ কণ্ট্ৰল ব্যুৰোৰ প্ৰাক্তন বিষয়া সমীৰ ৱানখেড়েই ৷ এই গোচৰত তেওঁ ১১ লাখ টকাৰ ক্ষতিপূৰণো বিচাৰিছে । এই গোচৰটো মুম্বাইৰ মালাডৰ ডিন্দোশী চহৰৰ দেৱানী আদালতত ৰুজু হৈছে । ৱানখেড়েৰ আবেদনত ৰাখী সাৱন্তৰ বিৰুদ্ধে তেওঁৰ ভাবমূর্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰিছে সমীৰে ৷ ৰাখীয়ে অধিবক্তাৰ সৈতে মিলি সমীৰক বদনাম কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ ৷

ইটাইমছৰ সৈতে হোৱা এক বাৰ্তালাপত ৰাখীৰ অধিবক্তাই কৈছে, ‘‘আই পি চিৰ ৪৯৯ নং ধাৰা অনুসৰি যেতিয়া সত্যটো জনসাধাৰণৰ মংগলৰ বাবে কোৱা হয়, তেতিয়া ইয়াক মানহানি বুলি ক’ব নোৱাৰি ।’’ তেওঁ লগতে কয় যে, তেওঁ ৱানখেড়েক উপযুক্ত উত্তৰ দিব আৰু যদি তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা প্ৰমাণিত হয় তেন্তে তেওঁ ১১.০১ লাখ টকা দিবলৈ সাজু ।

অৱশ্যে এই বিষয়টোকলৈ এতিয়ালৈকে ৰাখী সাৱন্তৰ কোনো প্ৰতিক্ৰিয়া অহা নাই । উল্লেখ্য যে, ড্ৰাগছ গোচৰত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা বিষয়টো সন্দৰ্ভত শিৰোনামত আছিল সমীৰ ৱানখেড়ে । সেই সময়ছোৱাত বহু চেলিব্ৰিটিৰ লগতে ৰাখী সাৱন্তকো আৰিয়ান খানৰ সমৰ্থনত থিয় দিয়া দেখা গৈছিল ।

লগতে পঢ়ক: ছমীৰ সৈতে দ্বিতীয় বিবাহৰ পিচত ৰাখীৰ বিষয়ে কি ক’লে আদিল খান দুৰানীয়ে ?