সন্তান লাভৰ গৌৰৱেৰে গৌৰৱান্বিত হ’লে ইয়াতকৈয়ো বেছিকৈ নাচিব ছলমানে ! - Salman Khan Note for Anant Radhika
Salman Khan Note for Anant Radhika: দাম্পত্য জীৱন আৰম্ভ কৰিছেহে, ছলমানে ইচ্ছা প্ৰকাশ কৰিলেই কোলাত কেঁচুৱা লোৱাৰ ৷ ছলমানে লিখা এটা মধুৰ টোকাই আমোদ দিছে সকলোকে ৷ আনহাতে ক’ভিডৰ পৰা সুস্থ হৈ উঠাৰ পিচত বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত পত্নীৰে সৈতে উৎসাহী ৰূপত দেখা গ’ল অক্ষয় কুমাৰক ৷

Published : July 16, 2024 at 12:45 PM IST
|Updated : July 16, 2024 at 2:02 PM IST
চিটাৰা ডেস্ক, 15 জুলাই : অৱশেষত বিয়াখন হ’লগৈ ৷ দেশ-বিদেশৰ বিশিষ্টজনে আহি দৰা-কইনাক দিলে আশীৰ্বাদ ৷ বিয়াত উপস্থিত থাকি বিয়াৰ প্ৰতিটো অনুষ্ঠান উপভোগ কৰা ছলমান খানে শেহতীয়াকৈ সামাজিক মাধ্যমত নৱ-দম্পতীলৈ বুলি এটি মধুৰ বাৰ্তা প্ৰেৰম কৰিছে ৷ তদুপৰি ক’ভিড নিগেটিভ হোৱাৰ পিচত অক্ষয় কুমাৰে অনন্ত-ৰাধিকাৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত আন অতিথিসকলৰ সৈতে যোগদান কৰে ।
অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিবাহ উৎসৱত নিজৰ উপস্থিতিৰে অনুষ্ঠানৰ শোভা বৰ্ধন কৰাৰ পিচত বলীউডৰ অভিনেতা ছলমান খানে জ্যেষ্ঠ হিচাপে তেওঁলোকৰ যুগ্মজীৱনৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । এই বিবাহ উদযাপনত অন্যতম হাইলাইট আছিল ছুপাৰষ্টাৰ ছলমান খান । হালধি-সংগীত আদি কৰি বিভিন্ন অনুষ্ঠানৰ পৰা ভাইৰেল হোৱা ভাৰত অভিনেতাগৰাকীৰ ভিডিঅ’ই প্ৰমাণ কৰিছে যে খানে নৱবিবাহিত দম্পতীক বিশেষ অনুভৱ কৰাবলৈ কোনো সুযোগ এৰি দিয়া নাছিল । সোমবাৰে তেওঁ অনন্ত আৰু ৰাধিকাৰ বাবে এটা বিশেষ বাৰ্তা লিখে ।
Anant and Radhika, Mr. and Mrs. Anant Ambani, I see the love that you have for each other and each other's families. The universe has got you together. Wish you all the happiness and health. God bless you both! Can't wait to dance when you become the most wonderful parents. pic.twitter.com/ji0Hl0NFBj
— Salman Khan (@BeingSalmanKhan) July 15, 2024
লগতে পঢ়ক : জাহ্নৱীৰ দেওৰেকৰ সৈতে ৰণবীৰৰ নাগিন ডান্স - celebs dancing at anant baraat
এক্স পোষ্টত তেওঁ নৱ-বিবাহিত দুয়ো পিতৃ-মাতৃ হোৱাৰ পিচত তেওঁৰ নৃত্য কৰাৰ ইচ্ছা আছে বুলিও উল্লেখ কৰে । এক্সত খানে লিখে, "অনন্ত আৰু ৰাধিকা, শ্ৰীযুত আৰু শ্ৰীমতী অনন্ত আম্বানী, তোমালোকৰ ইজনৰ সিজনৰ প্ৰতি আৰু ইজনৰ সিজনৰ পৰিয়ালৰ প্ৰতি যি মৰম আছে, সেয়া দেখিছোঁ । বিশ্বব্ৰহ্মাণ্ডে তোমালোকক একত্ৰিত কৰিছে । তোমালোকৰ সুখ আৰু সুস্বাস্থ্য কামনা কৰিছো । ঈশ্বৰে তোমালোক দুয়োকে আশীৰ্বাদ কৰক ! যেতিয়া তোমালোক পিতৃ-মাতৃ হ’বা, সেই সময়ত নানাচকৈ থাকিব নোৱাৰিম ।" ছলমানে তেওঁলোকৰ বিবাহৰ এলবামৰ পৰা এখন সুন্দৰ ফটো এই টোকাটোৰ সৈতে সংযুক্ত কৰে ।
তদুপৰি বিয়াৰ পিছৰ উদযাপনত অধিক ষ্টাৰ পাৱাৰ যোগ কৰি বলীউডৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰ আৰু তেওঁৰ পত্নী টুইংকল খান্নাই সোমবাৰে সন্ধিয়া অনন্ত আৰু ৰাধিকাৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত অংশগ্ৰহণ কৰে । ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পিছৰে পৰা অক্ষয় এই বিয়াৰ পৰা আঁতৰি আছিল । টেষ্ট নিগেটিভ পোৱাৰ পিচত অক্ষয়ে পত্নীৰে সৈতে বিয়াৰ উপস্থিত হৈ অনুৰাগীক আপ্লুত কৰি তোলে ।
অনুষ্ঠানটোৰ কেইবাটাও ক্লিপ অনলাইনত ভাইৰেল হৈছে, য’ত অক্ষয় আৰু টুইংকলক একেই ৰঙৰ পৰম্পৰাগত সাজত দেখা গৈছে ৷ বিয়াৰ পিচৰ অভ্যৰ্থনা অনুষ্ঠানত খিলাড়ী কুমাৰক দেখি ছ’চিয়েল মিডিয়াত অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে । ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে ১২ জুলাইত এক আড়ম্বৰপূৰ্ণ বিবাহ অনুষ্ঠানত বিবাহপাশত আৱদ্ধ হয় ।
লগতে পঢ়ক : অনন্ত-ৰাধিকালৈ এম এছ ধোনীৰ প্ৰেমপূৰ্ণ বাৰ্তা - MS DHONI POST ON ANANT RADHIKA

