ETV Bharat / entertainment

সি কেতিয়াও পঁইতাচোৰা এটাও মাৰি পোৱা নাই: চেলিম খান

ছলমান খানৰ পিতৃয়ে স্পষ্টকৈ কৈছে যে তেওঁৰ পুত্ৰ ছলমান খানে লাখবাৰ কি এবাৰো ক্ষমা নোখোজে ।

He has never killed a cockroach, Salim Khan reacts on fresh threat to Salman Khan
ছলমানৰ কাষত পিতৃ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : October 19, 2024 at 5:46 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক : ছলমান খান, ক’লা হৰিণা আৰু লৰেন্স বিষ্ণৈ এতিয়া সাংঘাতিক ধৰণে চৰ্চাত আছে ৷ বিষয়টো দিনক দিনে তপত হৈ গৈ আছে । ক’লা হৰিণা চিকাৰ কৰাৰ গোচৰত লৰেন্স বিষ্ণৈ গেঙৰ পৰা ধাৰাবাহিকভাৱে মৃত্যুৰ ভাবুকি লাভ কৰি আছে ছলমান খানে । শেহতীয়াকৈ লাভ কৰা ধমকিৰ পিছত ছলমানৰ পিতৃয়ে মুখ খুলিছে ৷

ছলমান খানৰ পিতৃ চেলিম খানে স্পষ্টকৈ কৈছে যে তেওঁৰ পুত্ৰই ক্ষমা নোখোজে । কালি ছলমান খানে নতুনকৈ ভাবুকি লাভ কৰাৰ পিছতে এই মন্তব্য দিছে চেলিম খানে । নতুন ভাবুকিটোত লৰেন্স বিষ্ণৈৰ সৈতে শান্তি স্থাপনৰ বাবে ছলমান খানৰ পৰা 5 কোটি টকা দাবী কৰা হৈছে ।

মোৰ পুত্ৰই কাকো হত্যা কৰা নাছিল : চেলিম খান

শেহতীয়াকৈ দিয়া সাক্ষাৎকাৰত চেলিম খানে স্পষ্টকৈ কৈছে যে তেওঁৰ পুত্ৰই কোনো অপৰাধ সংঘটিত কৰা নাই আৰু তেওঁ ক্ষমা খুজিব নোৱাৰে । চেলিম খানে কয়, “মোৰ ল’ৰাই কেতিয়াও কোনো জন্তু চিকাৰ কৰা নাছিল, ছলমান খানে আজিলৈকে কেতিয়াও পঁইতাচোৰা এটাও মাৰি পোৱা নাই, আমি হিংসাত বিশ্বাস নকৰো, মানুহে জানে যে আমি মাটিৰ মানুহ, মানুহে কয় যে আপুনি সদায় মাটিৰ ফালে চাই খোজ কাঢ়ি যায়, মই তেওঁলোকক কওঁ যে মই নিবিচাৰো যে আমাৰ ভৰিৰ গচকত পোক এটাও মৰক, মই সেইবোৰকো বচাই চলো, বিয়িং হিউমেনে বহুতকে সহায় কৰি আছে, ক’ভিডৰ সময়ত দীঘলীয়া শাৰী আছিল, কোনোবাই অস্ত্ৰোপচাৰৰ বাবে সহায় বিচাৰিছিল নতুবা আন বহুতে অন্য কাৰণত সহায় বিচাৰি আহিছিল, প্ৰতিদিনে চাৰিশৰো অধিক মানুহ আহিছিল সহায়ৰ বাবে ।”

গোটেই ঘটনাটো কি ?

উল্লেখ্য যে, 1998 চনত ৰাজস্থানৰ যোধপুৰত হম সাথ সাথ হে ছবিখনৰ শ্বুটিংৰ সময়ত ছলমান খানৰ বিৰুদ্ধে বিষ্ণৈ সমাজত দেৱতাৰ দৰে পূজা কৰা ক’লা হৰিণ চিকাৰ কৰাৰ অভিযোগ আছে ।

লগতে পঢ়ক : ক’লা হৰিণা কাণ্ডই শান্তিত শুৱ নিদিব নেকি ভাইজানক ? - Salman Khan House Firing

লৰেন্স বিষ্ণৈৰ ত্ৰাসত সন্ত্ৰস্ত ছলমান খান আৰু পৰিয়াল - SALMAN KHAN HOUSE FIRING incident

ছলমান খানক হত্যাৰ ষড়যন্ত্ৰ, হাৰিয়ানাৰ পৰা নৱী মুম্বাই আৰক্ষীয়ে আটক কৰে এজনক