“এইবাৰ পোনে পোনে ঘৰত সোমাই মাৰিম...!” পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানলৈ
“ঘৰত সোমাই হত্যা কৰিম, নহ’লে বোমা বিস্ফোৰণেৰে গাড়ীখন উৰুৱাই দিম…” পুনৰ মৃত্যুৰ ভাবুকি লাভ কৰে ছলমান খানে । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

By ETV Bharat Entertainment Team
Published : April 14, 2025 at 12:03 PM IST
হায়দৰাবাদ : ছলমান খানলৈ পুনৰ মৃত্যুৰ ভাবুকি । এইবাৰ এটা মেছেজৰ জৰিয়তে এই ভাবুকি দিয়া হৈছে । বাৰ্তাটোত, শক্তিশালী ভাষাত লিখা আছিল, “মই ঘৰত সোমাই তোমাক মাৰি পেলাম । মই বোমা বিস্ফোৰণ কৰি গাড়ীখন উৰুৱাই দিম ।”
জানিব পৰা মতে, মুম্বাইৰ ৱৰ্লিত পৰিবহণ বিভাগৰ হোৱাটছএপ নম্বৰত এই ভাবুকি বাৰ্তা আহিছে । কঠোৰ ভাষাত উল্লেখ কৰা হৈছে যে ঘৰত প্ৰৱেশ কৰিলে অভিনেতাজনক হত্যা কৰা হ’ব । কেৱল সেয়াই নহয়, তেওঁৰ গাড়ীখন বোমাৰে উৰুৱাই দিয়া হ’ব বুলিও বাৰ্তাটোত লিখা আছে ।
ইতিমধ্যে ৱৰ্লি থানাত এজন অচিনাক্ত ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই বাৰ্তা ক’ৰ পৰা আহিল আৰু ইয়াৰ আঁৰত কোন আছে, েসই লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
Mumbai | Actor Salman Khan receives another death threat. The threat was sent via WhatsApp to the Worli Transport Department’s official number. The message warned to kill Salman Khan at his residence and blow up his vehicle using a bomb. A case has been registered at the Worli…
— ANI (@ANI) April 14, 2025
ইয়াৰ পূৰ্বেও ছলমান খানে একাধিকবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে । আনকি তেওঁৰ ঘৰলৈ গুলীচালনাও কৰা হৈছিল । কিন্তু ভাইজানে এই বিষয়ত কেতিয়াও একো মাত মতা নাই । ছলমানক বাৰে বাৰে হত্যাৰ ভাবুকি দি আহিছে লৰেন্স বিষ্ণৈ দলে ।
নিৰন্তৰ লাভ কৰা মৃত্যুৰ ভাবুকি সন্দৰ্ভত ‘ছিকন্দৰ’ ছবিখনৰ প্ৰচাৰৰ সময়ত প্ৰথমবাৰৰ বাবে মুকলিকৈ কৈছিল অভিনেতাগৰাকীয়ে । সেই সময়ত সাংবাদিকসকলে ছুপাৰষ্টাৰগৰাকীক সুধিছিল যে তেওঁ লাভ কৰি থকা মৃত্যুৰ ভাবুকিৰ বাবে তেওঁ ভয় খাইছে নেকি ?
উত্তৰত ছলমানে আকাশলৈ আঙুলিয়াই কৈছিল, “ভগৱান, আল্লাহ সকলোতকৈ ওপৰত । জীৱন লিখা থকালৈকে মই জীয়াই থাকিম । কেতিয়াবা যেতিয়া আমি ইমান মানুহ লগত লৈ আগবাঢ়িবলগীয়া হয়, তেতিয়া ই এটা সমস্যা হৈ পৰে ।”
কিছুদিন পূৰ্বে ঈদ উপলক্ষে মুক্তি লাভ কৰিছিল ছলমানৰ ছবি ‘ছিকন্দৰ’ । বক্স অফিচত ছবিখনে মোটামুটি ভাল ফলাফল দেখুৱাইছে । এই ছবিখনে বিশ্বজুৰি ২০০ কোটিৰো অধিক উপাৰ্জন কৰিছে ।
লগতে পঢ়ক : ‘ছিকন্দৰ’ৰ মুক্তিৰ পূৰ্বে লৰেন্স বিষ্ণৈ দলৰ পৰা পোৱা ভাবুকি সন্দৰ্ভত ভাইজানে ক’লে, ‘ভগৱান, আল্লাহ...

