ETV Bharat / entertainment

ছলমান খানক ভাবুকি দিয়া ব্যক্তিজনক গুজৰাটত উদ্ধাৰ, আৰক্ষীৰ জাননী জাৰি

বলীউডৰ অভিনেতা ছলমান খানে আকৌ এবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিছে । ভাবুকি দিয়া ব্যক্তিজনক শেহতীয়াকৈ চিনাক্ত কৰা হৈছে ।

SALMAN KHAN FRESH DEATH THREAT CASE
ছলমান খান (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : April 15, 2025 at 6:44 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই: যোৱা দেওবাৰ অৰ্থাৎ ১৩ এপ্ৰিলত পুনৰবাৰ মৃত্যুৰ ভাবুকি লাভ কৰিলে বলীউডৰ অভিনেতা ছলমান খানে । মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ৱৰ্লি ট্ৰেফিক কণ্ট্ৰল ৰূমৰ হোৱাটছএপ নম্বৰত অভিনেতা ছলমান খানৰ বাবে এই ভাবুকিপূৰ্ণ বাৰ্তাটো আহে, য’ত কোৱা হৈছে যে ছলমান খানক তেওঁৰ ঘৰতে হত্যা কৰা হ’ব নতুবা তেওঁৰ গাড়ীখন বোমাৰে উৰুৱাই দিয়া হ’ব । শেহতীয়াকৈ আৰক্ষীয়ে ভাবুকি দিয়া ব্যক্তিজনক চিনাক্ত কৰিছে ।

মঙলবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা মতে, বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ ভাবুকি দিয়া লোকজন গুজৰাটৰ বদোদৰা জিলাৰ এখন গাঁৱৰ পৰা বিচাৰি উলিওৱা হৈছে আৰু তেওঁ মানসিকভাৱে অস্থিৰ বুলি জানিব পৰা গৈছে । বদোদৰাৰ ৱাঘোডিয়া তালুকৰ এখন গাঁৱৰ ২৬ বছৰীয়া যুৱকজনক মুম্বাই আৰক্ষীৰ সন্মুখত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ জাননী দিয়া হৈছে ৷

দেওবাৰে ৱৰ্লি ট্ৰেফিক কণ্ট্ৰল ৰূমৰ অফিচিয়েল হোৱাটছএপ নম্বৰলৈ প্ৰেৰণ কৰা হয় মৃত্যুৰ ভাবুকি । মটৰ চাইকেলত অহা দুজন অচিনাক্ত লোকে খানৰ বান্দ্ৰা বাসগৃহৰ বাহিৰত চাৰিটা গুলী নিক্ষেপ কৰাৰ ঠিক এবছৰৰ পাছত এই ভাবুকি আহিছে । শেহতীয়া ভাবুকিৰ পিছতে ৱৰ্লি আৰক্ষীয়ে গোচৰ ৰুজু কৰি ‘ভাইজান’ৰ ঘৰত নিৰাপত্তা অধিক শক্তিশালী কৰিছে ।

বাৰ্তাটোত উল্লেখ কৰা অনুসৰি প্ৰেৰকজনে ছলমান খানৰ ঘৰত আক্ৰমণ বা গাড়ী উৰুৱাই দিয়াৰ পৰিকল্পনা কৰিছে । এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে বাৰ্তা প্ৰেৰণকাৰীক ২৬ বছৰীয়া মায়ংক পাণ্ডিয়া বুলি চিনাক্ত কৰি বদোদৰাৰ বাসগৃহৰ পৰা তেওঁক জিম্মাত লৈ যায় ।

এগৰাকী আৰক্ষী বিষয়াই কয়, "কাৰিকৰী চোৰাংচোৱা ব্যৱহাৰ কৰি আমি মায়ংক পাণ্ডিয়াক তেওঁৰ ঘৰলৈ ট্ৰেক কৰিলো ৷ যিহেতু তেওঁ মানসিক ৰোগত চিকিৎসাধীন হৈ আছে, গতিকে আমি তেওঁক জাননী প্ৰেৰণ কৰি তদন্তত যোগদান কৰিবলৈ কৈছো ।" অভিনেতাগৰাকীয়ে লাভ কৰি থকা ধাৰাবাহিক ভাবুকিৰ এইটো শেহতীয়া ভাবুকি । ১৯৯৮ চনৰ কৃষ্ণসাৰ চিকাৰৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছৰে পৰা তেওঁক কটকটীয়া নিৰাপত্তাৰ অধীনত ৰখা হৈছে ।

বিগত বছৰৰ ১৪ এপ্ৰিলত মটৰ চাইকেলত অহা দুজন লোকে তেওঁৰ ঘৰৰ বাহিৰত গুলীচালনা কৰিছিল । পিছত তেওঁৰ এপাৰ্টমেণ্টত বুলেটপ্ৰুফ গ্লাছ লগোৱা হয় ৷ এই গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিষ্ণৈ গেঙে ।

লগতে পঢ়ক : “এইবাৰ পোনে পোনে ঘৰত সোমাই মাৰিম...!” পুনৰ মৃত্যুৰ ভাবুকি ছলমান খানলৈ