ETV Bharat / entertainment

অৰ্পিতাৰ জন্মদিনত ছলমানৰ প্ৰেমিকা বুলি জনাজাত ইউলিয়া ভান্টুৰ - Salman sister Arpita Khan birthday

Arpita Khan Sharma Birthday :যোৱা নিশা ছলমান খানে ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপন কৰে । পৰিয়ালৰ সকলো উপস্থিত আছিল কেক কটাৰ সময়ত ৷ এই পাৰিবাৰিক উদযাপনত অভিনেতাজনৰ সৈতে প্ৰেমৰ বাতৰিৰে চৰ্চাত থকা ইউলিয়া ভান্টুৰকো দেখা যায় । ভিডিঅ’ চাওক ৷

Salman khan celebrated his sister Arpita Khan Sharma birthday with rumoured GF Iulia Vantur WATCH
সমগ্ৰ পৰিয়ালৰে সৈতে ভগ্নীৰ জন্মদিন উদযাপন কৰে ছলমানে (ANI)
author img

By ETV Bharat Entertainment Team

Published : August 3, 2024 at 2:18 PM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 3 আগষ্ট : ছলমান খানৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপনৰ ভিডিঅ’ আৰু ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভগ্নী অৰ্পিতা খানৰ জন্মদিন উদযাপনত উপস্থিত থাকে ভাইজান । এফালে ছলমান খানৰ অনুষ্ঠান বিগ বছ অ'টিটিৰ তৃতীয় ছিজনৰ ফাইনেল চলি আছিল আৰু আনহাতে ছলমান খানে তেওঁৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন ঘৰত পৰিয়ালৰ সৈতে উদযাপন কৰি আছিল ।

Salman khan celebrated his sister Arpita Khan Sharma birthday with rumoured GF Iulia Vantur WATCH
জেনেলিয়া দেশমুখৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Genelia Deshmukh Instagram Story)

অৰ্পিতা খানৰ জন্মদিনত, গোটেই খান পৰিয়ালটোকে এখন ছাদৰ তলত একেলগে দেখা যায় । ছলমান খানৰ প্ৰেমিকা বুলি জনাজাত ইউলিয়া ভান্টুৰো অৰ্পিতা খান শৰ্মাৰ জন্মদিনৰ পাৰ্টীত উপস্থিত থাকে । ইয়াৰ উপৰিও ঘৰৰ সকলো সদস্য যেনে ছলমান খান, মাতৃ, ভাতৃ চোহেইল খান সকলোকে একেটা ফ্ৰেমত বন্দী কৰা হৈছে ।

Salman khan celebrated his sister Arpita Khan Sharma birthday with rumoured GF Iulia Vantur WATCH
ৰিতেশ দেশমুখৰ ইনষ্টাগ্ৰাম ষ্ট’ৰী (Riteish Deshmukh Instagram Story)

ৰিতেশ দেশমুখ তেওঁৰ তাৰকা পত্নী জেনেলিয়া ডিচুজাৰ সৈতে এই পাৰ্টীত উপস্থিত হয় । ৰিতেশ আৰু জেনেলিয়াই ছলমান খানৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ জন্মদিন উদযাপনৰ আভাস শ্বেয়াৰ কৰিছে । বলীউডৰ আটাইতকৈ মৰমিয়াল তাৰকা যুটিয়ে অৰ্পিতা খানক তেওঁৰ জন্মদিনৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।

ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা ভিডিঅ’ত দেখা গৈছে যে অৰ্পিতা খান শৰ্মাই নিজ কন্যা আৰু স্বামীৰ সৈতে জন্মদিনৰ কেক কাটিছে । কেক কাটি অৰ্পিতাই প্ৰথমে স্বামীক আৰু তাৰ পিচত জ্যেষ্ঠ ভাতৃ ছলমান খানক কেক খুৱায় । ভিডিঅ’টোত চোহেইল খান আৰু ইউলিয়াক কথা পাতি থকা দেখা গৈছে । ছলমানৰ পৰিয়ালৰ সৈতে ইউলিয়াৰ ঘনিষ্ঠ সম্পৰ্কই তেওঁলোকৰ সম্পৰ্কৰ বাতৰিত ইন্ধন যোগাইছে ৷

লগতে পঢ়ক : সন্তান লাভৰ গৌৰৱেৰে গৌৰৱান্বিত হ’লে ইয়াতকৈয়ো বেছিকৈ নাচিব ছলমানে ! - Salman Khan Note for Anant Radhika