ETV Bharat / entertainment

‘ছিকন্দৰ’ৰ মুক্তিৰ পূৰ্বে লৰেন্স বিষ্ণৈ দলৰ পৰা পোৱা ভাবুকি সন্দৰ্ভত ভাইজানে ক’লে, ‘ভগৱান, আল্লাহ... - SALMAN KHAN LAWRENCE BISHNOI

‘ছিকন্দৰ’ৰ প্ৰচাৰৰ সময়ত লৰেন্স বিষ্ণৈ দলৰ পৰা লাভ কৰা ভাবুকিক লৈ মৌনতা ভংগ কৰিছে বলীউডৰ ভাইজান ছলমান খানে ।

salman khan breaks silence on receiving death threats from lawrence bishnoi gang ahead of sikandar release
ছলমান খান (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 27, 2025 at 2:21 PM IST

2 Min Read

হায়দৰাবাদ : বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ বহু প্ৰতীক্ষিত ছবি ‘ছিকন্দৰ’ মুক্তিৰ বাবে সাজু হৈছে । সাজিদ নাদিয়াদৱালাই প্ৰযোজনা কৰা এই ছবিখনত দক্ষিণৰ সুন্দৰী ৰশ্মিকা মান্দান্নাইয়ো অভিনয় কৰিছে । অতি উৎসাহেৰে ছবিখনৰ প্ৰচাৰ চলাইছে ছলমানে । শেহতীয়া এক সাক্ষাৎকাৰত ছলমান খানে লৰেন্স বিষ্ণৈৰ পৰা অহৰহ লাভ কৰা ভাবুকি সন্দৰ্ভত নিজৰ মৌনতা ভংগ কৰে ।

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে তেওঁৰ আগন্তুক ছবি ‘ছিকন্দৰ’ৰ প্ৰচাৰৰ বাবে বহু অনুষ্ঠান আৰু সাক্ষাৎকাৰত ভাগ লৈছে । শেহতীয়াকৈ ভাইজানে ছবিখনৰ প্ৰচাৰ সন্দৰ্ভত এটা মিডিয়া গ্ৰুপৰ সৈতে কথা পাতে । এই সময়ত ছলমান খানক লৰেন্স বিষ্ণৈ দলৰ পৰা লাভ কৰা ভাবুকিৰ বিষয়ে সোধা হৈছিল । ছুপাৰষ্টাৰগৰাকীক সোধা হৈছিল যে তেওঁ লাভ কৰা মৃত্যুৰ ভাবুকিৰ বাবে তেওঁ ভয় খাইছে নেকি ?

প্ৰত্যুত্তৰত ছলমান খানে আকাশৰ ফালে আঙুলিয়াই কয়, “ভগৱান, আল্লাহ সকলোতকৈ ওপৰত । যিমান বয়স লিখা আছে, সিমানেই আছে ৷ বচ ইমানেই । ইমানবোৰ মানুহক লগত লৈ আগবাঢ়ি যাবলগীয়া হয়, সমস্যা সেইটোৱে ।”

বিষ্ণৈৱে ছলমানৰ পৰা প্ৰতিশোধ ল’ব বিচাৰিছে কাৰণ ছুপাৰষ্টাৰগৰাকীয়ে ‘হম সাথ সাথ হে’ ছবিখনৰৰ শ্বুটিংৰ সময়ত ক’লা হৰিণৰ চিকাৰ কৰিছিল বুলি অভিযোগ আছে তেওঁৰ বিৰুদ্ধে । ক’লা হৰিণক ভগৱান জ্ঞান কৰা বিষ্ণৈ সমাজ এই ঘটনাত গভীৰভাৱে আঘাতপ্ৰাপ্ত হয় । ২০১৮ চনত যোধপুৰৰ আদালতত হাজিৰ হোৱাৰ সময়ত বিষ্ণৈয়ে কৈছিল, “আমি ছলমান খানক হত্যা কৰিম । আমি এবাৰ ব্যৱস্থা ল’লে সকলোৱে গম পাব । মই এতিয়াও একো কৰা নাই, কোনো কাৰণ নোহোৱাকৈয়ে মোৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰা হৈছে ।”

ইয়াৰ পিছতে বিষয়টো তীব্ৰতৰ হৈ পৰে আৰু ২০২৪ চনৰ এপ্ৰিল মাহত ছলমানৰ ঘৰত গুলীচালনা কৰা হয় । গোটেই বছৰটো ছলমান খানে বিষ্ণৈ দলৰ পৰা বহু ভাবুকিও লাভ কৰে । বিগত বছৰত ছলমানৰ ঘনিষ্ঠ বন্ধু তথা এনচিপি নেতা বাবা ছিদ্দিকীক গুলীয়াই হত্যা কৰা হয় । ইমানখিনিৰ মাজতো ছলমান খানে ‘ছিকন্দৰ’ৰ শ্বুটিং আৰু অন্যান্য প্ৰজেক্টৰ কাম অব্যাহত ৰাখিলে ।

ঈদ উপলক্ষে মুক্তি পাব ছলমান খানৰ একশ্যন ছবি ‘ছিকন্দৰ’ । ছবিখনৰ পৰিচালনা কৰিছে ‘গাজিনী’ খ্যাতি এ আৰ মুৰুগাডছে । শেহতীয়াকৈ ছবিখনৰ ট্ৰেইলাৰ মুকলিৰ সময়ত ছলমানে কয় যে ছবিখনে ২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব বুলি তেওঁ আত্মবিশ্বাসী ।

লগতে পঢ়ক : ছিকন্দৰ ট্ৰেইলাৰত সাধাৰণ মানুহৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত ছলমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.