ETV Bharat / entertainment

ভতিজী আয়াতৰ সৈতে কেক কাটিলে ছলমানে, ভিডিঅ’ বন্দী ইউলিয়াৰ কেমেৰাত

ছলমান খানে পৰিয়াল, বন্ধুবৰ্গ আৰু উৰাবাতৰিৰ প্ৰেমিকা ইউলিয়া ভাণ্টুৰৰ সৈতে উদযাপন কৰিলে তেওঁৰ ৫৯ সংখ্যক জন্মদিন ।

Salman Khan Birthday: Bhaijaan cuts cake with niece ayat rumoured GF Lulia Vantur captures the moment WATCH
ছলমান খান (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : December 27, 2024 at 4:57 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : বলীউডৰ ভাইজান ছলমান খানে আজি (শুক্ৰবাৰ) ৫৯ সংখ্যক জন্মদিন পালন কৰে । ছলমানক ভতিজীৰ সৈতে কেক কাটি থকা দেখা গৈছে, তেওঁৰ উৰাবাতৰিৰ প্ৰেমিকা ইউলিয়া ভাণ্টুৰকো এই ভিডিঅ’টোত দেখা গৈছে । জন্মদিন উদযাপনৰ এই মুহূৰ্তবিলাক কোনে কেমেৰাত বন্দী কৰিছে জানো আহক-

ভাইজানৰ জন্মদিনত পৰিয়াল আৰু বন্ধুবৰ্গ

সংগীত শিল্পী ছাজিদ খানে ইনষ্টাগ্ৰামত ছলমান খানৰ জন্মদিন উদযাপনৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে । ক্লিপটোত ছলমানক তেওঁৰ ভগ্নী অৰ্পিতা খান শৰ্মাৰ সৈতে থিয় হৈ থকা দেখা গৈছে আৰু পিতৃ আয়ুষে তেওঁৰ কন্যা আয়াতক কোলাত লৈ আছে । ভতিজীৰ সৈতে জন্মদিনৰ কেক কাটিছে ছলমান খানে । উদযাপনত আলভিৰা খান অগ্নিহোত্ৰী, নিৰ্বাণ খান, আৰবাজ খান, ইউলিয়া ভাণ্টুৰ, অৰ্পিতা খান, আয়ুষ শৰ্মা, ছলমান খানৰ দেহৰক্ষী শ্বেৰা উপস্থিত থাকে ।

ফটোবোৰ শ্বেয়াৰ কৰি ছাজিদ খানে লিখিছে, “শুভ জন্মদিন ডাঙৰ ভাই আৰু আমাৰ সৰু দেৱদূত আয়াত, সকলো ফালৰ পৰা আশীৰ্বাদ, তোমাক সদায় ভাল পাওঁ ভাই ।” একে সময়তে, ছলমান খানৰ দেহৰক্ষী শ্বেৰাই ছলমান খানৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে । তেওঁ শিৰোনামটোত লিখিছে, “মোৰ মালিকৰ জন্মদিন আজি ৷ ভাল পাঁও মালিক ।” পাপাৰাজ্জীয়ে ছলমানৰ জন্মদিন উদযাপনৰ বাবে অৰ্পিতা খান শৰ্মাৰ ঘৰত ৰিতেশ দেশমুখ, জেনেলিয়া দেশমুখ, ববী দেওল, ছোহেইল খান, আৰবাজ খান, শ্বুৰা খানৰ দৰে চেলিব্ৰেটীসকল উপস্থিত হোৱা দেখিছিল ।

পিছুৱাই দিয়া হ’ল ছিকন্দৰৰ টিজাৰ ৰিলিজ

আজি ভাইজানে এই বিশেষ দিনটোত তেওঁৰ আটাইতকৈ প্ৰতীক্ষিত ছবি ছিকন্দৰৰ টিজাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছিল । কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ পৰলোকপ্ৰাপ্তি ঘটাৰ বাবে টিজাৰ মুকলি পিছুৱাই দিয়া হয় । এতিয়া ইয়াৰ ট্ৰেইলাৰ কাইলৈ অৰ্থাৎ ২৮ ডিচেম্বৰত পুৱা ১১.০৭ বজাত মুকলি কৰা হ'ব । "আমাৰ সন্মানীয় প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিংজীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত, আমি ঘোষণা কৰি দুঃখিত যে ছিকন্দৰৰ টিজাৰৰ মুক্তি ২৮ ডিচেম্বৰৰ পুৱা ১১:০৭ বজালৈ পিছুৱাই দিয়া হৈছে । " উল্লেখ্য যে ছিকন্দৰ ২০২৫ চনৰ মাৰ্চত ঈদ উপলক্ষে মুক্তি পাব ।

লগতে পঢ়ক : অনুৰাগীৰ আদৰ-মৰমে হাঁহি বিয়পালে ভাইজানৰ মুখত - Salman Khan meets fan