ETV Bharat / entertainment

ছৈফ আলী খানে বাস কৰা বাংলোটো কিমান কোটিটকীয়া জানেনে ?

ছৈফ আলী খানৰ হাতত আছে কুবেৰৰ ধন । 800 কোটি টকাৰ অট্টালিকাৰ মালিক । অভিনেতাজনৰ নেট ৱৰ্থ জানো আহক-

saif ali khan lifestyle
ছৈফ আলী খান-কৰীণা কাপুৰ খান (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : January 16, 2025 at 2:04 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ছৈফ আলী খানৰ ঘৰত চুৰি আৰু আক্ৰমণৰ ঘটনাই চলচ্চিত্ৰ উদ্যোগক আলোড়িত কৰি তুলিছে । চোৰে মাজনিশা ছৈফ আলী খানৰ ঘৰত প্ৰৱেশ কৰে আৰু অভিনেতাজনক তীক্ষ্ণ ছুৰীৰে আক্ৰমণ কৰি পলাই যায় । ঘটনাৰ সময়ত ছৈফ আলী খানৰ পৰিয়ালৰ সদস্যও উপস্থিত আছিল । আক্ৰমণত কৰীণা কাপুৰ খান আৰু দুই পুত্ৰ সুৰক্ষিত থাকে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ছৈফ আলী খান বলীউডৰ অন্যতম এগৰাকী ধনী অভিনেতা । প্ৰাক্তন ক্ৰিকেটাৰ মনচুৰ আলী খান পাটাউদীৰ পুত্ৰ ছৈফ আলী খান । ছৈফ আলী খানৰ সম্পত্তিৰ পৰিমাণ -

  • ছৈফ আলী খানৰ চলচ্চিত্ৰ জীৱন

90 ৰ দশকৰ পৰাই চলচ্চিত্ৰ জগতত শাসন চলাই আহিছে ছৈফ আলী খানে । পৰম্পৰা (1993) (Parampara) ছবিৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল ছৈফে । কিন্তু বক্স অফিচত ছবিখন বিফল হৈছিল । ইয়াৰ পিছত 90 দশকত আশিক আৱৰা, পেহলা নাশা, পেহচান, ইমতিহান, য়েহ দিল্লাগী, মে খিলাড়ী তু অনাৰী, দিল তেৰা দীৱানা, কীমত, কচ্ছে ধাগে, আৰজু, হম সাথ সাথ হে আদি ছবিয়ে মুক্তি লাভ কৰে । ইয়াৰ পিছত 2001 চনত মুক্তি পোৱা তিনিজন বন্ধুৰ কাহিনীৰ আধাৰত নিৰ্মিত দিল চাহতা হে ছবিখন বক্স অফিচত হিট হৈ পৰে ।

  • তাৰকা পৰিয়াল ল’ৰা ছৈফ আলী খান

ছৈফ আলী খানৰ দেউতাক এজন প্ৰখ্যাত ক্ৰিকেটাৰ আছিল, লগতে মাতৃ শৰ্মিলা ঠাকুৰ এগৰাকী হিট অভিনেত্ৰী আছিল, যাৰ বাবে ছৈফ আলী খান চলচ্চিত্ৰ উদ্যোগলৈ আহিছিল । আজি ছৈফ, পত্নী কৰীণা, মাতৃ শৰ্মিলা, ভগ্নী সোহা আলী খান আৰু ভনীজোঁৱাই কুণাল খেমু সকলোৱে চলচ্চিত্ৰ উদ্যোগত কাম কৰে ।

আনহাতে, ছৈফ আলী খানৰ প্ৰথম পত্নী অমৃতা সিঙো এগৰাকী নাম থকা অভিনেত্ৰী আৰু তেওঁলোকৰ কন্যা ছাৰা আলী খানে ইতিমধ্যে বলীউডত আত্মপ্ৰকাশ কৰিছে আৰু পুত্ৰ ইব্ৰাহিম আলী খান এতিয়াও আত্মপ্ৰকাশ কৰিবলৈ বাকী ।

  • শূন্য বিতৰ্কৰে আৱৰা অভিনেতা ছৈফ আলী খান

শূন্য বিতৰ্কিত তাৰকাৰ তালিকাত নাম আছে অভিনেতা ছৈফ আলী খানৰ । ছৈফ আলী খানৰ কোনো অভিনেতা বা ব্যক্তিত্বৰ সৈতে কোনো ধৰণৰ বিতৰ্ক নাই । ছৈফে কেৱল নিজৰ পৰিয়াল আৰু কামৰ ওপৰত গুৰুত্ব দিয়ে । ছৈফ আলী খানৰ বাবে অভিনয় তেওঁৰ চখ ৷

  • ছৈফ আলী খানৰ নেট ৱৰ্থ

কোটি কোটি টকাৰ সম্পত্তিৰ মালিক ছোটে নবাব । বিলাসী জীৱন যাপন কৰাত বিশ্বাসী ছৈফ আলী খান । তেওঁৰ হাতত বিলাসী আৰু দামী গাড়ীৰ ষ্টক আছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ছৈফ আলী খানৰ সম্পত্তিৰ পৰিমাণ 1200 কোটি টকা । একে সময়তে তেওঁৰ মুঠ স্থাৱৰ সম্পত্তিৰ মূল্য প্ৰায় 5000 কোটি টকা ।

ছৈফ আলী খান 103 কোটি টকাৰ বাংলোত থাকে আৰু তেওঁৰ পূৰ্বপুৰষৰ অট্টালিকা মূল্য 800 কোটি টকা, য’ত বহু ছবিৰ শ্বুটিং হৈছে । ছৈফ আলী খানে এখন ছবিৰ বাবে 10 ৰ পৰা 12 কোটি টকা লয় আৰু লগতে টিভিৰ বিজ্ঞাপনৰ পৰাও বহুত উপাৰ্জন কৰে । কৰীণা আৰু ছৈফৰ মুঠ সম্পত্তিৰ পৰিমাণ 1600 কোটিতকৈয়ো অধিক ।

লগতে পঢ়ক : অভিনেতা ছৈফ আলী খানক ছবাৰকৈ চোকা অস্ত্ৰৰে হানিলে চোৰে