ETV Bharat / entertainment

এটুকুৰা চীজ কেক আৰু ‘দ্য বেকাৰী শ্বপ’ - RUPANKAR DAS THE BAKERY SHOP

চিত্ৰনাট্যকাৰ, পৰিচালক আৰু অভিনেতাৰ ৰূপত ৰূপাংকৰ দাসৰ হাতত প্ৰাণ পাই উঠিছে ‘দ্য বেকাৰী শ্বপ’ (The Bakery Shop)এ ৷ এটুকুৰা চীজ কেকৰ কাহিনী এয়া-

RUPANKAR DAS directorial The Bakery Shop Award Winning Short Film to release on 1st may
‘দ্য বেকাৰী শ্বপ (Photo : Screengrab from YT)
author img

By ETV Bharat Entertainment Team

Published : April 28, 2025 at 1:55 PM IST

2 Min Read

হায়দৰাবাদ: অসমীয়া দৰ্শকৰ বাবে এখন খুব সুন্দৰ, ভাল লগা চুটি ছবি আহি আছে- ‘দ্য বেকাৰী শ্বপ’ (The Bakery Shop) ৷ এটা অগতানুগতিক কাহিনী আৰু মনোগ্ৰাহী চিনেমেটিক ট্ৰিণ্টমেণ্টেৰে এই চুটি ছবিখন নিৰ্মাণ কৰি উলিয়াইছে এগৰাকী অভিজ্ঞতাসম্পন্ন পেছাগত ভিডিঅ’ এডিটৰে ৷ ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাও তেৱেঁই কৰিছে ৷ নাম তেওঁৰ ৰূপাংকৰ দাস ৷

ছবিখনৰ কাহিনীভাগ আগুৱাইছে সীমিত দুটামান চৰিত্ৰক লৈ ৷ ইয়াৰে মূল চৰিত্ৰটোত ৰূপাংকৰে নিজেই অভিনয় কৰিছে ৷ আন চৰিত্ৰকেইটাক খুব নিখুঁতভাৱে আগবঢ়াই লৈ গৈছে ৰিঞ্জু কলিতা, পাপলু বিশ্বকৰ্মা আৰু অৰূপ মিত্ৰই ৷

ছবিখনৰ ডি অ' পি বিপুল দাস মিৰ্জা ৷ সহযোগী কেমেৰামেন জাষ্টিন মালিক ৷ ছাউণ্ড ডিজাইন আৰু মিক্সিঙৰ কামখিনি কৰিছে বলেন পাঠকে ৷ সম্পাদনা আৰু কালাৰৰ কামখিনি ৰূপাংকৰ দাসে নিজেই কৰিছে ৷ ছবিখনৰ প্ৰযোজনা দীপামণি ডেকা আৰু ৰূপাংকৰ দাসৰ ৷

RUPANKAR DAS directorial The Bakery Shop Award Winning Short Film to release on 1st may
ৰূপাংকৰ দাস (Photo : ETV Bharat Assam)

ৰূপাংকৰৰ এইখনেই প্ৰথম চুটি ছবি নহয় ৷ দিল্লীৰ ফাউণ্ডেশ্যন ইনষ্টিটিউট অফ লাৰ্ণিং মিডিয়াৰ পৰা সম্পাদনাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত তেওঁ দিল্লীৰে শ্বেলী সুমন প্ৰডাকশ্যন নামৰ এটা প্ৰডাকশ্যন হাউছত কৰ্মৰত হৈ আছিল ৷ পৰৱৰ্তী সময়ত অসমলৈ উভতি আহে আৰু পেছাদাৰী ভিডিঅ' সম্পাদকৰূপে কাম আৰম্ভ কৰে আৰু আজিৰ তাৰিখত তেওঁ এগৰাকী অভিজ্ঞতাসম্পন্ন ভিডিঅ' এডিটৰ ৷

দ্য বেকাৰী শ্বপ (Photo : ETV Bharat Assam)

ৰূপাংকৰ দাসে ইয়াৰ পূৰ্বেও দুখন চুটি ছবি নিৰ্মাণ কৰিছিল ৷ এখনৰ নাম আছিল শ্বুটাৰ আৰু আনখন আছিল লাজ্জত ৷ লাজ্জতৰ বাবে তেওঁ ২০২৩ বৰ্ষত গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাও লাভ কৰিছিল ৷ নৱতম চুটি ছবি ‘দ্য বেকাৰী শ্বপ’ৰ বাবে ইতিমধ্যে ৰূপাংকৰ দাসে বেংগালুৰুত অনুষ্ঠিত ইণ্ডি শ্বৰ্ট ফিল্ম ফেষ্টিভেল ২০২৫ ত শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰিছে ৷

আনহাতে ২০২৪ ত অনুষ্ঠিত NEFVTA ছবি মহোৎসৱত শ্ৰেষ্ঠ সম্পাদকৰ বঁটাও আহিছিল ৰূপাংকৰ দাসৰ হাতলৈকে ৷ এইবাৰ তেওঁ দৰ্শকৰ মাজলৈ আহিছে দ্য বেকাৰী শ্বপক লৈ ৷ অতি মৰমৰ পত্নীয়ে সন্তানসম্ভৱা অৱস্থাত যেতিয়া এদিন এটুকুৰা চীজ কেক খাবলৈ বিচাৰে আৰু সেই চীজ কেক আনিবলৈ বুলি স্বামী যেতিয়া বেকাৰীলৈ ওলাই যায়, তাৰ পিছৰ পৰাই আৰম্ভ হৈছে ছবিখনৰ কাহিনীভাগ ৷

উল্লেখ্য যে, ১ মে'ত মুক্তি পাবলগীয়া এই চুটি ছবিখন দৰ্শকে ইউটিউবতো উপভোগ কৰিব পাৰিব ৷

লগতে পঢ়ক : জুবিন গাৰ্গৰ কৃতিত্বত আন এক সংযোজন ভূপেন হাজৰিকা বঁটা '২৫

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.